ETV Bharat / state

11 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Dec 29, 2022, 11:07 AM IST

11 বজাৰ 10 টা শীৰ্ষ বাতৰি

TOP 10 AT 11 AM
11 বজাৰ 10 টা শীৰ্ষ বাতৰি

Deer Died on Road Accident : ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত গাড়ীৰ খুন্দাত নিহত পহু

বৃহস্পতিবাৰে পুৱাই কলিয়াবৰৰ বৰুৱাচুকত সংঘটিত হয় এক অঘটন ৷ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হওঁতেই বৰুৱাচুকত গাড়ীৰ খুন্দাত নিহত হয় এটা পহু ৷ ইতিমধ্যে জখলাবন্ধা খণ্ড বন বিষয়াই উক্ত স্থানৰ পৰা উদ্ধাৰ কৰিছে নিহত পহুটো ৷

Cattle syndicate : বিহালীত দুই সৰবৰাহকাৰীসহ ৩২ টাকৈ গৰু জব্দ

বিশ্বনাথ জিলাৰ বিহালীত আৰক্ষীৰ অভিযান জব্দ ৩২ টাকৈ গৰু । মঙলবাৰে নিশা প্ৰায় ১১ মান বজাত বিহালী সমষ্টিৰ বৰগাং আৰক্ষীয়ে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত তালাচী চলাই থকা অৱস্থাতে এখন গৰু ভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় । ট্ৰাকখনৰ পৰা চোৰাংভাৱে সৰবৰাহ কৰা ৩২ টাকৈ গৰু উদ্ধাৰ কৰে আৰক্ষীয়ে । লগতে দুজন লোককো আটক কৰে আৰক্ষীয়ে ।

Illegal brick industry in Behali : বিহালীত ইটাভাটা মালিকৰ দৌৰাত্ম, নষ্ট শ শ বিঘা কৃষিভূমি

বিহালীত একাংশ ইটাভাটা মালিকৰ দৌৰাত্ম চলিছে । অবৈধভাৱে খনন কৰিছে শ শ বিঘা কৃষিভূমি । প্ৰশাসন তথা বন বিভাগ নিমাত । চেৰেলীয়া শিয়ালমাৰিস্থিত MBF নামৰ ইটাভাটাৰ মালিকৰ বিৰুদ্ধে ক্ষোভিত ৰাইজ ।

Stampede in Chandrababu's rally: চন্দ্ৰবাবু নাইডুৰ সভাত নিহতৰ পৰিয়াললৈ 10 লাখকৈ টকাৰ সাহায্য ঘোষণা

অন্ধ্ৰপ্ৰদেশত শোকাৱহ ঘটনা ৷ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সমদলত অংশ ল’বলৈ আহি ঠেলা-হেঁচাত প্ৰাণ হেৰুৱালে আঠগৰাকীয়ে ৷ মৃতকলৈ তেলুগু দেশম পাৰ্টীৰ তৰফৰ পৰা 10 লাখ টকাকৈ আৰ্থিক সাহায্য ঘোষণা ৷

Land dispute in Barpeta: বৰপেটাত ভূমি কেন্দ্ৰিক বিবাদত কেইবাজনো আহত

এটুকুৰা ভূমিক কেন্দ্ৰ কৰি সৃষ্টি হোৱা সংঘাতত অত্মীয়ৰ আক্ৰমণত আহত হ’ল আত্মীয় ৷ বলপূৰ্ৱকভাৱে গুণ্ডা বাহিনী লগত লৈ আনৰ ম্যাদী পট্টাৰ মাটি দখলৰ চেষ্টা দুজন লোকৰ ৷ যাক লৈ সৃষ্টি হয় দুটা পক্ষৰ মাজত তীব্ৰ সংঘাতৰ ৷

Burmese Supari seized: বোকাজানৰ চিমেণ্ট ফেক্টৰীৰ ভিতৰত জব্দ বাৰ্মিজ চুপাৰি

মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনাক ভেঙুচালি কৰি ৰাজ্যত দুষ্ট চক্ৰই অব্যাহত ৰাখিছে ড্ৰাগছ তথা নিচাজাতীয় দ্ৰব্য সৰবৰাহৰ লগতে চুপাৰি সৰবৰাহৰ দৰে অনৈতিক কাৰ্য ৷ এইবাৰ বোকাজান আৰক্ষীয়ে বোকাজানৰ চিমেণ্ট ফেক্টৰীৰ ভিতৰত এখন ট্ৰাকৰ পৰা জব্দ কৰিছে 15 বেগ বাৰ্মিজ চুপাৰি ৷

Swasth Garbh App: IIT-AIIMSৰ যুটীয়া প্ৰচেষ্টাত প্ৰস্তুত এক বিশেষ App, গৰ্ভৱতী মহিলাই লাভ কৰিব বিশেষ সুবিধা

আই আই টি-ৰুৰকীৰ দীপক শৰ্মাই কয় যে, নৱজাতকৰ মৃত্যুৰ হাৰ অধিক হোৱাটো অতিশয় চিন্তাৰ বিষয় । স্বস্থ্যগৰ্ভ এপ মোবাইল এপে সকলো গৰ্ভৱতী মহিলাক বাস্তৱ সময়ত চিকিৎসা সাহায্য প্ৰদান কৰিব ।

3rd Annual Session UBPO: ৰঙিয়াত জিলা UBPOৰ তৃতীয় বাৰ্ষিক অধিৱেশন সম্পন্ন

ৰঙিয়া জিলা ইউবিপিঅ'ৰ তৃতীয় বাৰ্ষিক অধিবেশন সম্পন্ন । ৰঙিয়াৰ কেকোহাটীত ইউবিপিঅ'ৰ কামৰূপ জিলা সমিতিৰ তৃতীয় বাৰ্ষিক আৰু ৰঙিয়া আঞ্চলিক সমিতিৰ প্ৰথম বাৰ্ষিক অধিৱেশন দুদিনীয়া কাৰ্যসূচীৰে বুধবাৰে সম্পন্ন হয় ।

Unique bike buyer: খুচুৰা পইচা গণি গণি ভাগৰিল ডিলাৰৰ কৰ্মচাৰী

মনত অদম্য হেঁপাহ থাকিলে যিকোনো অসম্ভৱ কামো যে সম্ভৱ কৰি তুলিব পাৰি তাৰেই এক জলন্ত উদাহৰণ দাঙি ধৰিলে ডিব্ৰুগড়ৰ এজন যুৱকে । জিলাখনৰ চহৰীকটাৰ পলাশ দাস নামৰ যুৱকজনে খুচুৰা পইচাৰে ক্ৰয় কৰিলে এখন মটৰ চাইকেল ।

Assam police opens fire: কৰিমগঞ্জত নিশা আৰক্ষীৰ গুলীচালনা

কৰিমগঞ্জত নিশা আৰক্ষীৰ গুলীচালনা ৷ সীমান্তৰ কাইটীয়া তাঁৰৰ বেৰ কাটি ভাৰতৰ ভূখণ্ডৰ পৰা গৰু চোৰ কৰিবলৈ অহা চাৰিজনীয়া দলক লক্ষ্য কৰি অসম আৰক্ষীৰ গুলীচালনা । নিশা আন্ধাৰৰ সুযোগ লৈ বাংলাদেশী দুষ্কৃতিকাৰীয়ে অবৈধভাৱে ভাৰত ভূমিত প্ৰৱেশ কৰি ওচৰৰ গাঁৱৰ মানুহৰ ঘৰৰ পৰা গৰু চুৰি কৰি নিয়ে গৰু ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.