ETV Bharat / state

11 বজাৰ দহটা শীৰ্ষ বাতৰি - বিধানসভাৰ বাজেট অধিৱেশন

11 বজাৰ দহটা শীৰ্ষ বাতৰি

11 বজাৰ দহটা শীৰ্ষ বাতৰি
11 বজাৰ দহটা শীৰ্ষ বাতৰিc
author img

By

Published : Jul 12, 2021, 11:04 AM IST

মাহজোৰা কাৰ্যসূচীৰে আৰম্ভ বিধানসভাৰ বাজেট অধিৱেশন

পঞ্চদশ অসম বিধানসভা (Assam Assembly)ৰ প্ৰথমখন পূৰ্ণাংগ বাজেট অধিৱেশন (Budget Session) সোমবাৰৰ পৰা আৰম্ভ । সম্পূৰ্ণ এমাহজুৰি চলিব এই বাজেট অধিৱেশন ৷ বাজেট অধিৱেশনত দাখিল হ’ব কেইবাখনো বিধেয়ক (Bill) ।

40 দিনত 20 বাৰ গুলীচালনা: অসম আৰক্ষীৰ বিৰুদ্ধে "ভূৱা এনকাউণ্টাৰ" ৰ অভিযোগ

1 জুনৰ পৰা অসমত প্ৰায় 20 টাকৈ এনকাউণ্টাৰ সংঘটিত হৈছে ৷ এই এনকাউণ্টাৰত এজন অভিযুক্তৰ মৃত্যু হৈছে ৷ ধিঙৰ বিধায়ক আমিনুল ইছলামে এই এনকাউণ্টাৰৰ জৰিয়তে সংখ্যালঘুসকলক লক্ষ্য কৰি লোৱা বুলি বিস্ফোৰক মন্তব্য প্ৰকাশ কৰে ।

কেতিয়া হ’ব অস্থায়ী স্বাস্থ্যকৰ্মীৰ চাকৰিৰ নিয়মীয়াকৰণ ?

চৰকাৰী চিকিৎসালয়ত অস্থায়ী স্বাস্থ্য কৰ্মচাৰীসকলক শীঘ্ৰে চৰকাৰীকৰণ কৰাৰ এক দাবী উত্থাপন কৰি অস্থায়ী স্বাস্থ্য কৰ্মী সংস্থাই তিনিচুকীয়াত এখন সংবাদমেল সম্বোধন কৰে । ১০০০ টকাৰ পৰা ৪০০০ টকাৰে পৰিয়াল পোহপাল দি অহা এইসকল অস্থায়ী স্বাস্থ্যকৰ্মীয়ে দীৰ্ঘদিন ধৰি চাকৰি নিয়মীয়াকৰণৰ পৰা বঞ্চিত হৈ অহাৰ অভিযোগ উত্থাপন কৰিছে ৷

নিযুক্তি কেলেংকাৰীৰ মূল অভিযুক্ত অসীম দে’ক গ্ৰেপ্তাৰ

এয়া সমগ্ৰ দেশতে সক্ৰিয় এটা ৰেকেট । তেওঁলোকে চাকৰি প্ৰাৰ্থীসকলক লক্ষ্য কৰি লৈ ছ’চিয়েল মিডিয়া(Social Media) ৰ জৰিয়তে চাকৰিৰ জাননী প্ৰেৰণ কৰে । তেওঁলোকে ভূৱা প্ৰশিক্ষণ শিবিৰো চলাই আছে ।

হিমন্ত বিশ্ব শৰ্মাক অসমৰ ৰাজনীতিৰ Villain সজালে কোনে ?

হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ বিষয়বস্তু হ'ব লাগিছিল ক'ভিড, কিন্তু হৈছেগৈ শ্যামাপ্ৰসাদ মুখাৰ্জী ৷ অসম বুৰঞ্জীক গেৰুৱাকৰণ কৰাত উঠি পৰি লাগিছে বিজেপি চৰকাৰ ৷ ক'ভিড ব্যৱস্থাপনা,ক্ষতিগ্ৰস্তক ক্ষতিপূৰণ দিয়া,মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হৈছে বিজেপি চৰকাৰ ৷

বিজেপিৰ সুৰত সুৰ মিলাইছে ৰাজ্যপালে : অজিত কুমাৰ ভূঞা

বিশ্ববিদ্যালয় আৰু কলেজৰ ঠিকাভিত্তিক শিক্ষক অপসাৰণৰ নিৰ্দেশ অসমৰ উচ্চশিক্ষাৰ প্ৰতিষ্ঠান ব্যক্তিগতকৰণৰ প্ৰাৰম্ভিক খোজ ৷ ৰাজ্যপালগৰাকীৰ শেহতীয়া এই নিৰ্দেশ ধনীক আৰু অভিজাত শ্ৰেণীৰ স্বাৰ্থত সৰ্বসাধাৰণ মানুহৰ বিকাশৰ সকলো পথ বন্ধ কৰি দিব ৷

যোৰহাটত সেনাৰ ফ্লেগমাৰ্চ

দেওবাৰে ক’ভিড (Covid) সন্দৰ্ভত জৰুৰী বৈঠকত মিলিত হয় যোৰহাট জিলা প্ৰশাসন (Jorhat District Administration) ৷ জিলাখনত ক’ভিডৰ সংক্ৰমণ সম্পূৰ্ণৰূপে ৰোধ কৰাৰ বাবে পৰা ক’ভিড প্ৰট’কল ভংগকাৰীৰ বিৰুদ্ধে অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব জিলা আৰু আৰক্ষী প্ৰশাসনে ৷

জন্মৰ 29 দিন পাচতে মাতৃ বুকুৰ পৰা ক’ভিডে কাঢ়ি নিলে এটি নৱজাতক

ক'ভিডত আক্ৰান্ত হৈ পুনৰ এটি নৱজাতকৰ মৃত্যু ৷ চিকিৎসাধীন অৱস্থাত নৱজাতকটিৰ মৃত্যু হয় ৷ জন্মৰ মাত্ৰ 29 দিনতে মৃত্যু হয় নৱজাতকটিৰ ৷

Wimbledon: প্ৰথমজন ভাৰতীয়-আমেৰিকান হিচাপে গ্ৰেণ্ড শ্লেমত একক খিতাপ অৰ্জন সমীৰ বেনাৰ্জীৰ

উইম্বলডন চেম্পিয়নশ্বিপ(Wimbledon championships) ফাইনেলত প্ৰথমগৰাকী ভাৰতীয়-আমেৰিকান হিচাপে Grand Slam boys' ৰ একক খিতাপ অৰ্জন কৰিলে সমীৰ বেনাৰ্জীয়ে ৷ 1 ঘন্টা 21 মিনিটত 7-5, 6-3 ব্যৱধানত প্ৰতিদ্বন্দী ভিক্টৰ লিলভক পৰাস্ত কৰি এই খিতাপ অৰ্জন সমীৰ বেনাৰ্জীৰ ৷

ইটালীৰ শিৰত ইউৰো কাপৰ খিতাপ

পেনাল্টি শ্বুট আউট (Penalty Shootout) ত ইটালীয়ে ইংলেণ্ডক ৩-২ গ'লত পৰাস্ত কৰি দ্বিতীয়বাৰৰ বাবে ইউৰোপিয়ান চেম্পিয়নশ্বিপ (European Championship) খিতাপ জয় কৰে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.