ETV Bharat / state

11 বজাৰ দহটা শীৰ্ষ বাতৰি... - TOP 10 AT 11 AM

11 বজাৰ দহটা শীৰ্ষ বাতৰি...

11 বজাৰ দহটা শীৰ্ষ বাতৰি...
11 বজাৰ দহটা শীৰ্ষ বাতৰি...
author img

By

Published : May 6, 2021, 11:03 AM IST

31 নং চিদলী সমষ্টিত উষ্ম আদৰণি জনালে জয়ন্ত বসুমতাৰীক

দেওবাৰে বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পাচতে বিভিন্ন কামত গুৱাহাটীত দিন কটাবলগীয়া হোৱা 31 নং চিদলী সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক জয়ন্ত বসুমতাৰী বুধবাৰে উপস্থিত হ'ল নিজ সমষ্টিত ৷ সমষ্টিত উপস্থিত হোৱাৰ পাচতে সমষ্টিবাসীয়ে উষ্ম আদৰণি জনালে নৱ নিৰ্বাচিত বিধায়ক গৰাকীক ৷

চিৰাঙত ক’ভিড ৰোগীৰ বাবে অভাৱ ICUৰ বিচনা

চিৰাং জিলাৰ স্বাস্থ্য বিভাগে জাৰি কৰা তথ্য অনুসৰি জিলাখনৰ চিকিৎসা কেন্দ্ৰত নাই পৰ্যাপ্ত ICUৰ ব্যৱস্থা ৷ জিলা খনৰ একমাত্ৰ এশ বিছনাযুক্ত জিলা সদৰ কাজলগাঁওস্থিত জেএচবি অসামৰিক চিকিৎসালয়ত আঠখন ICUৰ বিচনা আছে, যদিও বৰ্তমানলৈকে কাৰ্যক্ষম কৰি তুলিব পৰা নাই ৰাজ্যৰ স্বাস্থ্য বিভাগে ।

শিৱসাগৰত 2 বজাৰ লগে লগে বন্ধ হৈ পৰিল ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ

বুধবাৰৰ পৰা ৰাজ্যত জাৰি হৈছে নতুন ক’ভিড নিৰ্দেশনা ৷ নিশা ৮ বজাৰ পৰিৱৰ্তে সন্ধিয়া ৬ বজাৰ পৰা প্ৰযোজ্য হ’ব সান্ধ্য আইন । পূৰ্বে সন্ধিয়া ৬ বজাৰ পাচত বজাৰ বন্ধৰ নিৰ্দেশনা দিছিল, যদিও বুধবাৰৰ পৰা দিনৰ ২ বজাতে সকলো বজাৰ বন্ধ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে ৷

বৰপেটাৰোডত মৰা মানাহ বেদখলমুক্ত কৰিছে প্ৰশাসনে

প্ৰশাসনৰ নিৰ্দেশমৰ্মে বুধবাৰে মৰা মানাহ বেদখলমুক্ত কৰিবলৈ বৰনগৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া পাৰ্থ প্ৰতিম খনিকৰ উপস্থিত হয় মৰা মানাহত ৷ জেচিবিৰে মৰা মানাহ বেদখলমুক্ত কৰি 12 ফুট পথালিকৈ এক বিশাল নলা নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰা বুলি সদৰি কৰে চক্ৰ বিষয়াগৰাকীয়ে ৷

পশ্চিমবংগৰ ঘটনা: হাফলঙত বিজেপিৰ প্ৰতিবাদী কাৰ্যসূচী

পশ্চিমবংগৰ বিজেপি কৰ্মীৰ হত্যাকাণ্ডক লৈ তোলপাৰ সমগ্ৰ দেশ । অসমতো বিজেপিৰ কৰ্মকৰ্তাই ভিন্ন স্থানত ৰূপায়ণ কৰিছে প্ৰতিবাদী কাৰ্যসূচী । বুধবাৰে ডিমা হাছাওত বিজেপিৰ জিলা কমিটীৰ নেতা-কৰ্মীসকলে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ।

সৰ্বা-হিমন্ত দুয়োৰে আছে মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যতা:নৱ কুমাৰ শৰণীয়া

মগ্ৰ অসমৰ বাবে এতিয়া চৰ্চিত বিষয় হৈ পৰা মুখ্যমন্ত্ৰীকেন্দ্ৰীক বিতৰ্ক ৷ এই সন্দৰ্ভত কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াই প্ৰদান কৰিছে নিজৰ বক্তব্য ৷ কোকৰাঝাৰৰ সাংসদ গৰাকীৰ মতে, সৰ্বানন্দ সোণোৱাল আৰু ড৹ হিমন্ত বিশ্ব শৰ্মা-দুয়োগৰাকীৰেই আছে মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যতা ৷ বুধবাৰে পাঠশালাত সংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত সাংসদ নৱ কুমাৰ শৰণীয়াই বিটিএডিত দীৰ্ঘদিন ধৰি শাসনভাৰ চলোৱা বিপিএফ দলৰ ভৱিষ্যত সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰে । আনহাতে, গণতন্ত্ৰ ৰক্ষাৰ বাবে বিৰোধীৰ প্ৰয়োজন আছে, যদিও অনাগত দিনত বড়োভূমিত বিপিএফ থাকিবনে নাই তাক লৈ সন্দেহ প্ৰকাশ কৰে সাংসদ গৰাকীয়ে ।

পশ্চিম বংগৰ নিৰ্বাচনী হিংসাক ত্ৰিপুৰা বিজেপিৰ কঠোৰ সমালোচনা

মমতা বেনাৰ্জীৰ বিৰুদ্ধে নিৰ্বাচনী হিংসাৰ পৃষ্ঠপোষকতা কৰাৰ অভিযোগ ত্ৰিপুৰা বিজেপিৰ ৷ পশ্চিমবংগৰ নিৰ্বাচনী হিংসাক গৰিহণা দি ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী হাতত ল'লে ত্ৰিপুৰা বিজেপিয়ে ৷

ত্ৰিপুৰাত ভয়াৱহ হাৰত ক'ভিডৰ সংক্ৰমণ বৃদ্ধি

ত্ৰিপুৰাত দ্ৰুত গতিত বাঢ়িছে ক'ভিড-19 ৰ ভয়াৱহ সংক্ৰমণ ৷ বয়স্ক সকলৰ লগতে শিশু সকলো ক'ভিডত আক্ৰান্ত হোৱাক লৈ চিন্তিত চিকিৎসা বিভাগ ৷ একে হাৰত সংক্ৰমণ বাঢ়ি গৈ থাকিলে আগন্তুক এক ডেৰ মাহত পৰিস্থিতি অধিক ভয়াবহ হৈ পৰাৰ আশংকা ৷

গুৱাহাটীৰ 3 টা ৱাৰ্ডত কণ্টেইনমেন্ট জ'ন ঘোষণা

গুৱাহাটী মহানগৰী কৰ’ণা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি হোৱাত 31 টা ৱাৰ্ডক জ’ন হিচাপে ভাগ কৰি দিয়া হৈছে৷ ইয়াৰে জ’ন 5 ত আটাইতকৈ বেছি ক’ভিড সংক্ৰমিত ৰোগী পোৱা গৈছে ৷ জ’ন 1 ত 1250 টা আৰু অন্যান্য ৱাৰ্ডত 770,80 টা ক’ভিড সংক্ৰমিত লোক আছে ৷ 400 তকৈ অধিক কৰ’ণা আক্ৰান্ত ৰোগী থকা জ’নক কণ্টেইনমেন্ট কৰা হ’ব ৷

লাখ টকাৰ বিদ্যুতৰ বিলে দিশহাৰা কৰিছে বন-অহোপাৰ গঞাক

বাক্সাত বিদ্যুত বিভাগৰ আজৱ‌ কাণ্ড । দুমাহত বিল আহে 5 লাখ টকা । একেখন গাঁৱৰে প্ৰায় প্ৰতিঘৰৰ বিল আহে 4 ৰ পৰা 5 লাখ টকা । উপায়ন্তৰ গঞা ৰাইজ ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.