ETV Bharat / state

11 বজাৰ দহটা শীৰ্ষ বাতৰি...

11 বজাৰ দহটা শীৰ্ষ বাতৰি...

top ten at 11 am
11 বজাৰ দহটা শীৰ্ষ বাতৰি
author img

By

Published : Apr 22, 2021, 11:01 AM IST

1. হুঁচৰি গোৱা ধনেৰে শিক্ষকে ৰং কৰিলে বিদ্যালয়ৰ চাৰিবেৰত

হালীৰ এগৰাকী শিক্ষকৰ বিশেষ পদক্ষেপ ৷ বিহালী সমষ্টিৰ নাহৰজান প্ৰাথমিক বিদ্যালয়ৰ টেট শিক্ষক বিশ্বজিৎ ৰয়ৰ ব্যতিক্ৰমী পদক্ষেপে এতিয়া দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে বিহালীবাসীৰ ৷ শিক্ষকগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক অসমৰ জাতীয় উৎসৱ বিহুটিক সম্যক জ্ঞান দিয়াৰ উদ্দেশ্যে ছাত্ৰ-ছাত্ৰীক লগত লৈ প্ৰতি বছৰে অঞ্চলবাসীৰ ঘৰে ঘৰে হুঁচৰি গাই আহিছে ৷ ছাত্ৰ-ছাত্ৰীসকলে হুঁচৰি গাই যি মাননী লাভ কৰিছিল সেই ধন অঞ্চলটোৰ একো একোখন বিদ্যালয়ৰ আন্তঃগাঁঠনিৰ বাবে দান কৰি আহিছিল ৷

2. কন্ঠশিল্পী ভিতালী দাসৰ মৃত্যুত শোক প্ৰকাশ জুবিন গাৰ্গৰ

কন্ঠশিল্পী ভিতালী দাসৰ মৃত্যুত ৰাজ্যজুৰি পৰিছে শোকৰ ছাঁ ৷ জানমণি, অঞ্জনাকে ধৰি বিভিন্ন বিহুগীতৰ লগতে আধুনিক গীত ৰাজ্যবাসীক উপহাৰ দিয়া কণ্ঠশিল্পীগৰাকীৰ মৃত্যুৱে জোঁকাৰি গৈছে ৰাজ্যৰ সাংস্কৃতিক মহল ৷ গৰু বিহুৰ দিনা মহানগৰীৰ লতাশিলৰ বিহুৰ অনুষ্ঠানত গীত পৰিবেশন কৰিবলৈ গৈ হঠাতে অসুস্থ হৈ পৰিছিল শিল্পীগৰাকী ৷ ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও পাচলৈ ক'ৰণা ভাইৰাচত আক্ৰান্ত হৈ বুধবাৰে সন্ধিয়া কালাপাহাৰস্থিত ক'ভিড চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে ৷ শিল্পীগৰাকীৰ মৃত্যুত শোকত ভাগি পৰিছে যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰৱ জুবিন গাৰ্গ ৷ একেলগে একেখন মঞ্চতে গীত পৰিৱেশন কৰাৰ লগতে কেইবাহাজাৰো গীতত একেলগে কন্ঠদান কৰা সহশিল্পীগৰাকীৰ মৃত্যুক সহজভাৱে ল'ব পৰা নাই জুবিন গাৰ্গে ৷

3. প্ৰথমবাৰলৈ বৰক্ষেত্ৰীৰ চৰাঞ্চলত শুনা গ’ল ঢোল-পেঁপাৰ মাত

অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদ চৰ আঞ্চলিক সমিটিৰ উদ্যোগত ভাংনামাৰীৰ সংখ্যালঘু বসতি প্ৰধান চৰ অঞ্চলত প্ৰথম বাৰৰ বাবে আয়োজন কৰা হয় চৰ-চাপৰি ৰঙালী বিহুৰ সন্মিলনৰ অনুষ্ঠান ৷

4. পৰম্পৰাগত ভাৱে উদযাপন দেউৰী বিহু

দেউৰী সকলে বুধবাৰে পৰা পালন কৰে চেনেহৰ ৰঙালী বিহু ৷ দেউৰী ডেকা জীয়ৰী সকলে পালন কৰিলে পৰম্পৰাগত বোকা বিহু উৎসৱ ৷

5. জুৰীয়াত ক’ভিড প্ৰ’ট’কল অমান্য শিক্ষকৰ

চৰকাৰী নিৰ্দেশক উপলুঙা এজন চৰকাৰী শিক্ষকৰ ৷ মাস্ক নিপিন্ধাকৈ অহাৰ বাবে জৰিমনা ভৰিব লগীয়াত পৰিছিল আনোৱাৰ হুছেইন নামৰ শিক্ষক গৰাকীয়ে ৷ কৰ্তব্যৰত আৰক্ষীক অপমান কৰাৰ অভিযোগত অৱশেষত শিক্ষক আনোৱাৰ হুছেইনক আটক কৰে আৰক্ষীয়ে ৷

6. কৰ'ণাৰ দ্বিতীয় লহৰত দৰঙৰ প্ৰথমগৰাকী ৰোগীৰ মৃত্যু

বুধবাৰে ক'ৰণাৰ দ্বিতীয়টো লহৰত দৰঙৰ প্ৰথম গৰাকী আক্ৰান্তৰ মৃত্যু হয় ৷ পানবাৰীৰ আব্দুল মজিদ নামৰ লোকজনে মঙলদৈ হাস্পতাললৈ লৈ আহি থকাৰ সময়তে আদবাটতে মৃত্যুক আঁকোৱালি লয় ৷

7. নাৰায়ণপুৰত ক'ভিড ভেকচিন প্ৰদানত অনিয়মৰ অভিযোগ

ৰাজ্য চৰকাৰে ক'ৰণাৰ ভয়াৱহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কোনো কোনো ঠাইত ভেকচিন প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে যদিও কোনো কোনো ঠাইত ভেকচিন প্ৰদানত ব্যাপক অনিয়ম সংঘটিত হোৱাৰো অভিযোগ উত্থাপন হৈছে ৷ বুধবাৰে নাৰায়ণপুৰৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয় আৰু ধলপুৰ খণ্ড প্ৰাথমিক ও সামূহিক চিকিৎসালয়কে ধৰি বিভিন্ন ঠাইত ভেকচিন প্ৰদানক লৈ এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷

8. ধুবুৰী অসামৰিক চিকিৎসালয়ৰ নাৰ্চ-স্বাস্থ্য কৰ্মীৰ দেহত কৰ’ণা

ধুবুৰীত বৃদ্ধি হৈছে ক’ভিড ৰোগীৰ সংখ্যা ৷ বুধবাৰ পৰ্যন্ত ধুবুৰীত ৬৭ জনলৈ বৃদ্ধি হৈছে কৰ’ণাক্ৰান্তৰ সংখ্যা ৷ আক্ৰান্ত হৈছে স্বাস্থ্য কৰ্মীও ৷

9. মৰিগাঁৱত ক’ভিড ভেকচিনৰ নাটনি

মৰিগাঁও জিলা স্বাস্থ্য বিভাগৰ ওচৰত নাই পৰ্যাপ্ত ক’ভিড ভেকচিন । মৰিগাঁও জিলাৰ অতিৰিক্ত যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ যুগল কলিতাই সদৰী কৰা অনুসৰি, মৰিগাঁৱত পৰ্যাপ্ত ভেকচিনৰ অভাৱত ক’ভিড টীকাকৰণ শিবিৰলৈ অহা ৰোগীক দিব পৰা নাই ক’ভিড ভেকচিন ৷ প্ৰাপ্ত তথ্য অনুসৰি, মৰিগাঁৱত প্ৰায় 4'5 লাখ ভেকচিনৰ প্ৰয়োজন ৷ যদিও মৰিগাঁও স্বাস্থ্য বিভাগৰ হাতত মজুত আছে কেৱল সাত হাজাৰ (প্ৰায়) ভেকচিন ।

10. প্ৰাক্তন মন্ত্ৰী এ কে ৱালিয়াৰ মৃত্যু

প্ৰাক্তন মন্ত্ৰী তথা দিল্লীৰ কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ নেতা এ কে ৱালিয়াৰ মৃত্যু ৷ ক'ভিডত আক্ৰান্ত হৈ ৱালিয়াই মৃত্যুক সাৱটি লয় ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.