ETV Bharat / state

11 বজাৰ দহটা শীৰ্ষ বাতৰি - 11 বজাৰ দহটা শীৰ্ষ বাতৰি

11 বজাৰ দহটা শীৰ্ষ বাতৰি

11 বজাৰ দহটা শীৰ্ষ বাতৰি
11 বজাৰ দহটা শীৰ্ষ বাতৰি
author img

By

Published : Apr 7, 2021, 11:03 AM IST

কোকৰাঝাৰত ইউপিপিএল সমৰ্থকৰ বাহনত দুষ্কৃতিকাৰীৰ আক্ৰমণ

কোকৰাঝাৰ চহৰৰ নাতিদূৰৈৰ বেচৰগাঁৱত মঙলবাৰে নিশা ৯-৩০ মান বজাত দুষ্কৃতিকাৰীয়ে আক্ৰমণ চলাই ইউপিপিএল সমৰ্থকে ব্যৱহাৰ কৰা গাড়ী ভাঙি পেলায় ৷ আক্ৰমণকাৰী দলটোৰ দুজনক ৰাইজে আটক কৰি আৰক্ষীক চমজাই দিয়ে ৷ কোকৰাঝাৰৰ পাটগাঁঁও ঝাৰবাৰীত দুষ্কৃতিকাৰীৰ আক্ৰমণত তিনিজন বিপিএফৰ সমৰ্থক আহত হোৱা বুলি জানিব পৰা গৈছে ৷

ইভিএমক কেন্দ্ৰ কৰি পশ্চিম গুৱাহাটীত উত্তপ্ত পৰিস্থিতি

পশ্চিম গুৱাহাটীৰ ধাৰাপুৰত উত্তপ্ত পৰিস্থিতি ৷ নিৰ্বাচনী বিষয়াৰ বাহনত EVM থকাক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৷ বাহনখন প্ৰিজাইডিং অফিচাৰৰ বাহন আছিল ৷ জানিব পৰা মতে, স্থানীয় একাংশ লোকে বাহনখন ঘেৰাও কৰে ক্ষোভ প্ৰকাশ কৰে আৰু বাহনখন একাংশ উত্তেজিত লোকে ভাঙি লণ্ড-ভণ্ড কৰে ৷

বিজেপিৰ বিৰুদ্ধে সুজাতা মণ্ডল খানৰ বিস্ফোৰক অভিযোগ

আৰামবাগৰ তৃণমূলৰ প্ৰাৰ্থী সুজাতা মণ্ডল খানৰ ওপৰত সন্দেহজনক লোকৰ আক্ৰমণ ৷ এই আক্ৰমণ বিজেপিয়ে কৰাৰ অভিযোগ সুজাতা মণ্ডলৰ ৷ তদুপৰি কেইবাটাও বিস্ফোৰক অভিযোগ সুজাতাৰ মণ্ডলৰ ৷ আৰামবাগৰ 263 আৰু 263 (A) ভোটগ্ৰহণ কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি ৷

২৮ বছৰ পাচত ডি ভোটাৰে সাব্যস্ত কৰিলে ভোটাধিকাৰ

সুদীৰ্ঘ ২৮ বছৰ পাচত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে আচমা খাতুন নামৰ এগৰাকী মহিলাই । জনীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত সালেকুৰা এল পি স্কুল ভোট গ্ৰহণ কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰে আচমা খাতুনে ।

ধুবুৰীৰ গৌৰীপুৰত ইভিএমক লৈ উত্তপ্ত পৰিস্থিতি

ধুবুৰীৰ গৌৰীপুৰত ই ভি এমক লৈ উত্তপ্ত পৰিস্থিতি ৷ নিৰাপত্তাৰক্ষী নোহোৱাকৈ ইভিএম লৈ গৈ থকা অৱস্থাত ৰাইজৰ ৰোষত পৰিল ছেক্টৰ বিষয়া ৷

জনীয়াত ভোটদানৰ পৰা বঞ্চিত শতাধিক ভোটাৰ

জনীয়াৰ ১১৮ নং খাতাৰটাৰী ভোটকেন্দ্ৰত ভোটদানৰ পৰা বঞ্চিত শতাধিক ভোটাৰ । ইভিএমৰ বিসংগতি আৰু প্ৰিজাইডিং বিষয়াৰ হেমাহিৰ বাবে ভোটাধিকাৰৰ পৰা শতাধিক ভোটাৰ ৰাইজ বঞ্চিত হোৱাৰ অভিযোগ । ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি ৷

বিলুপ্তিৰ পথত ডিব্ৰুগড়ৰ ঐতিহ্যণ্ডিত মৃৎ শিল্প

ডিব্ৰুগড়ত ঐতিহ্যমণ্ডিত মৃৎ শিল্প বিলুপ্তিৰ পথত ৷ গ্ৰাহকৰ সমাদৰৰ অভাৱ ৷ ক্ৰমে নিঃশেষৰ দিশে গতি কৰিছে এই শিল্প । বিপাঙত পৰিছে মৃৎ শিল্পীসকল ৷

ৰঙাপৰাত উদ্ধাৰ বহিঃৰাজ্যলৈ নিয়া ২৯ জন শ্ৰমিক

মঙলবাৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাই ৰঙাপৰাত উদ্ধাৰ কৰে ২৯ জন শ্ৰমিকক ৷ দৰিদ্ৰতা আৰু কৰ্ম সংস্থাপনৰ বাৰুকৈ অভাৱতে একাংশ শ্ৰমিক বহিঃৰাজ্যলৈ ঢাপলি মেলাৰ সন্দেহ কৰিছে আছাই ।

বিলাসীপাৰাত মাস্কক কেন্দ্ৰ কৰি ভোটকেন্দ্ৰত হিংসা

পূৱ বিলাসীপাৰা সমষ্টিৰ কৈমাৰীত নিৰ্বাচনী হিংসা ৷ ভোটকেন্দ্ৰই যোগান ধৰা মাস্কক লৈ নিৰ্বাচনী হিংসা ৷

ৰজত কমল বঁটা প্ৰাপক ৰম্য নেওগৰ বিয়োগ

টিংখাঙৰ সাংস্কৃতিক ক্ষেত্ৰত অপূৰণীয় ক্ষতি । অভিনেতা, পৰিচালক, উদীয়মান সাংস্কৃতিক কৰ্মী ৰম্য নেওগৰ আকস্মিক বিয়োগ ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.