ETV Bharat / state

11 বজাৰ দহটা শীৰ্ষ বাতৰি - TOP 10 AT 11 AM

11 বজাৰ দহটা শীৰ্ষ বাতৰি

11 বজাৰ দহটা শীৰ্ষ বাতৰি
11 বজাৰ দহটা শীৰ্ষ বাতৰি
author img

By

Published : Mar 9, 2021, 11:09 AM IST

AJP ত প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত: ৰাজ্যিক সম্পাদক ৰাফেল কুজুৰৰ পদত্যাগ

অন্তঃকন্দলত জৰ্জৰিত হৈ পৰিছে নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদ ৷ দলটোৰ ৰাজ্যিক সম্পাদক ৰাফেল কুজুৰে কেন্দ্ৰীয় নেতৃত্বলৈ প্ৰেৰণ কৰা এখন পদত্যাগ পত্ৰই জোকাৰণি সৃষ্টি কৰিছে মৰাণ এজেপিত ৷ পত্ৰখনত দলীয় নেতাগৰাকীয়ে ব্যক্তিগত অসুবিধাৰ হেতু অসম জাতীয় পৰিষদৰ ৰাজ্যিক সম্পাদক পদ আৰু প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰিছোঁ বুলি উল্লেখ কৰিছে যদিও এয়া দলটোৰ প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত বুলিহে এতিয়া চৰ্চিত হৈছে ।

লামডিঙত প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত: দল ত্যাগ কৰাৰ হুংকাৰ কংগ্ৰেছ কৰ্মীৰ

সমাগত বিধান সভা নিৰ্বাচনত প্ৰত্যেকটো ৰাজনৈতিক দলৰ সমান্তৰালকৈ কংগ্ৰেছ দলৰো ঘোষণা কৰা হৈছে প্ৰাৰ্থীত্বৰ তালিকা ৷ কিন্তু বৰ্তমানো ঘোষণা কৰা হোৱা নাই লামডিং সমষ্টিৰ প্ৰাৰ্থীৰ নাম ৷ ইপিনে সমষ্টিটোত প্ৰাৰ্থীৰ নাম ঘোষণা হোৱা নাই যদিও স্বপন কৰক সমষ্টিটোত প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা হ'ব বুলি চৰ্চিত হৈছে ৷

নিৰ্বাচন নেখেলে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই

সকলো জল্পনা-কল্পনাৰ অবসান ঘটাই সমাগত বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ নোহোৱাৰ সিদ্ধান্ত ললে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই ৷ সোমবাৰে নিশা এই কথা সদৰি কৰিলে নেতা গৰাকীৰ পত্নী জয়শ্ৰী গোস্বামী মহন্তই ৷ চৰকাৰী ঘৰ এৰি খাৰঘুলীৰ নিজা বাসভৱনলৈ যোৱাৰ কথাও সদৰি কৰিলে নেতা গৰাকীৰ পত্নীয়ে ৷

মাৰ্ঘেৰিটাৰ কংগ্ৰেছত বিসম্বাদ: দল ত্যাগ কৰাৰ হুংকাৰ বঞ্চিত প্ৰাৰ্থীৰ

ৰাজ্যৰ বিভিন্ন সমষ্টিত অব্যাহত আছে প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত ৷ সেইয়া কংগ্ৰেছেই হওক অথবা বিজেপিয়েই হওক,নতুবা আন ৰাজনৈতিক দলেই হওক ৷ সকলোতে এতিয়া প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত ৷ প্ৰাৰ্থিত্বকেন্দ্ৰিক এই সংঘাত শেহতীয়াকৈ দেখা গৈছে 124 নং মাৰ্ঘেৰিটা বিধান সভা সমষ্টিতো ৷ কংগ্ৰেছৰ দলীয় টিকটৰ পৰা বঞ্চিত প্ৰবীণ কংগ্ৰেছী বাসুদেৱ ছেত্ৰী আৰু ৰুবুল গগৈয়ে প্ৰদেশ কংগ্ৰেছৰ বিৰুদ্ধে এতিয়া ক্ষোভ প্ৰকাশ কৰিছে ৷

ইউপিপিএলৰ নেতা-কৰ্মীক টিকট দিব নোৱাৰাত দুখ প্ৰকাশ প্ৰমোদ বড়োৰ

ইউপিপিএল দলৰ হকে কষ্ট আৰু ত্যাগ কৰা বহু নেতা-কৰ্মীক টিকট দিব নোৱাৰাত দুখ প্ৰকাশ কৰিছে ইউপিপিএল দলৰ সভাপতি তথা বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োই ৷ সোমবাৰে কোকৰাঝাৰত সাংবাদ মাধ্যমৰ আগত দুখ প্ৰকাশ কৰি কয়, ৰাজনীতিত গিভ এণ্ড টেক থাকে ৷ ৰাজনীতি কৰা বা খেলাটোৱেই আমাৰ প্ৰধান উদ্দেশ্য নহয়, বিটিআৰত শান্তি প্ৰতিষ্ঠা কৰাই আমাৰ মূল উদ্দেশ্য ৷

প্ৰয়াত তৰুণ গগৈৰ সমষ্টিৰ উত্তৰাধিকাৰীৰ ৰূপত ভাস্কৰজ্যোতি বৰুৱা !

বহু জল্পনা-কল্পনাৰ অন্তত ঘোষণা কৰা হ'ল ৰাজ্যৰ সন্মানীয় বিধানসভা সমষ্টি তিতাবৰ সমষ্টিৰ বাবে কংগ্ৰেছ প্ৰাৰ্থীৰ নাম ৷ 2001 চনৰ পৰা 2016 চনলৈ একেৰাহে চাৰিবাৰকৈ তিতাবৰ সমষ্টিত প্ৰতিদ্বন্বিতা কৰি জয়ী হোৱা প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ উত্তৰাধিকাৰী হিচাপে তথা কংগ্ৰেছৰ দূৰ্গ স্বৰূপ তিতাবৰ সমষ্টিত কংগ্ৰেছ হাইকামাণ্ডে 2021ৰ নিৰ্বাচনত প্ৰক্ষেপ কৰিছে ভাস্কৰ জ্যোতি বৰুৱাক ৷

ধৰ্মপুৰত অসম জাতীয় পৰিষদৰ বিশাল বাইক ৰেলী

ধৰ্মপুৰত অসম জাতীয় পৰিষদৰ বিশাল বাইক ৰেলী ৷ অসম জাতীয় পৰিষদৰ প্ৰক্ষেপিত ধৰ্মপুৰ সমষ্টিৰ প্ৰাৰ্থী ড° শিখৰ কুমাৰ শৰ্মাৰ সমৰ্থনত সোমবাৰে নলবাৰীত এক বিশাল বাইক ৰেলী উলিওৱা হয় ৷ টিকট লাভৰ পিছতে সোমবাৰে বিয়লিৰ ভাগত প্ৰাৰ্থীগৰাকী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত উপস্থিত হয় ৷ ইয়াৰ পিছতে প্ৰাৰ্থীগৰাকীক প্ৰায় দুই সহস্ৰাধিক দলীয় কৰ্মী-সমৰ্থকে এক বিশাল বাইক ৰেলীৰে ধৰ্মপুৰ সমষ্টিলৈ আদৰি আনে ৷

নিৰ্বাচনক লৈ উৎফুল্লিত বৰ্ষীয়ান ৰাজনীতিবিদ প্ৰেমধৰ বৰা

নিৰ্বাচন বুলিলেই উৎফুল্লিত হৈ পৰে বৰ্ষীয়ান ৰাজনীতিবিদ প্ৰেমধৰ বৰা ৷ ইতিমধ্যে 11 বাৰ নিৰ্বাচন খেলা প্ৰেমধৰ বৰা সোমবাৰে দ্বাদশবাৰৰ বাবে দাখিল কৰে মনোনয়ন ৷

তেজপুৰৰ অগপৰ কাৰ্যালয়ত ওলমিল গণসেৱক অসমৰ বেনাৰ

তেজপুৰত অগপৰ জিলা কাৰ্যালয়ৰ অস্তিত্ব বিলোপ ৷ অগপৰ বেনাৰৰ পৰিৱৰ্তে কাৰ্যালয়টোত ওলমিল গণসেৱক অসমৰ বেনাৰ ৷ গোস্বামীৰ একাংশ সমৰ্থকে হাতীৰ প্ৰতীকৰে কাৰ্যালয়ৰ সন্মুখত উৰি থকা অগপৰ পতাকাখন নমাই জ্বলাই দিয়াৰ অভিযোগ ৷

এজেপিয়ে ৰহাত প্ৰক্ষেপ কৰিলে কনিষ্ঠ প্ৰাৰ্থী

যুৱ উদ্যোগী উৎপল বণিয়াক এইবাৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিলে অসম জাতীয় পৰিষদে ৷ এজেপিয়ে ৮২ নং ৰহা বিধানসভা সমষ্টিত প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে উৎপল বণিয়াক ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.