চাৰ্টাৰ্ড বিমানযোগে পুৱাতেই দিল্লীলৈ ৰাওনা সৰ্বা-হিমন্ত
পুৱাই চাৰ্টাৰ্ড বিমানযোগে দিল্লীলৈ ৰাওনা হয় সৰ্বানন্দ সোণোৱাল আৰু ডঃ হিমন্ত বিশ্ব শৰ্মা ৷ দিল্লীত দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ সৈতে আলোচনাত মিলিত হ’ব সোণোৱাল আৰু ডঃ শৰ্মা ৷
হেলেমৰ বুৰৈ নৈত মথাউৰি নিৰ্মাণ নোহোৱাৰ অভিযোগ
হেলেমৰ বুৰৈ নৈত মথাউৰি নিৰ্মাণ নোহোৱাৰ অভিযোগ ৷ গহপুৰ সমষ্টি আৰু বিহালী সমষ্টিৰ সীমামূৰীয়া বুৰৈ নৈৰ খহনীয়া এক দীৰ্ঘদিনীয়া সমস্যা । তথাপিও নৈৰ পাৰত কোনো ধৰণৰ প্ৰতিৰোধ ব্যৱস্থা নকৰাৰ অভিযোগ কৰিছে বুৰৈঘাট বাসীয়ে ৷
কৰ'ণাৰ হটস্পটলৈ পৰিণত কৰিমগঞ্জ জিলা কাৰাগাৰ
কৰিমগঞ্জ জিলা কাৰাগাৰত এজনৰ পিছত আনজন কয়দী আক্ৰান্ত হৈছে ক'ভিড-১৯ ত । শুকুৰবাৰৰ দিনটোত একেলগে ২৮ গৰাকী কয়দীৰ দেহত ধৰা পৰে কৰ'ণা ভাইৰাছৰ উপস্থিতি । বৰ্তমান জিলা কাৰাগাৰখনত সক্ৰিয় কৰ'ণা আক্ৰান্তৰ সংখ্যা ৩৪ গৰাকী ।
নন্দিতা গাৰ্লোচাক মন্ত্ৰীসভাত স্থান দিয়াৰ দাবী দল-সংগঠনৰ
16 নং হাফলং বিধানসভা সমষ্টিৰ পৰা জয়ী হোৱা বিজেপি প্ৰাৰ্থী নন্দিতা গাৰ্লোচাক ৰাজ্যৰ মন্ত্ৰীসভাত স্থান দিয়াৰ দাবী ডিমা হাছাওৰ বিভিন্ন দল-সংগঠনৰ ।
ক’ভিড সন্দৰ্ভত আইডিয়েলৰ সজাগতা শিবিৰ
ক’ভিড-১৯ ক লৈ চৰকাৰে বান্ধি দিয়া নীতি-নিৰ্দেশনা মানি চলিবলৈ কোকৰাঝাৰবাসীক কাতৰ আহ্বান আইডিয়েল নামৰ এটা বেচৰকাৰী সংস্থাৰ ৷ শুকুৰবাৰে কোকৰাঝাৰ চহৰত এক সংবাদমেলযোগে এনজিঅ’টোৰ সভাপতি প্ৰলয় দত্তই এই আহ্বান জনায় ৷
নগাঁৱৰ কেইবাটাও অঞ্চলক কণ্টেইনমেণ্ট জ'ন ঘোষণা
পৰৱৰ্তী ১৫ দিন পৰ্যন্ত বন্ধ হৈ থাকিব নগাঁৱৰ সকলো সাপ্তাহিক আৰু দ্বি-সাপ্তাহিক বজাৰ । চহৰখনৰ কেইবাটাও অঞ্চলক কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিছে জিলা প্ৰশাসনে । ক'ভিড-১৯ ৰ সংক্ৰমণ ৰোধৰ বাবে কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে জিলা দণ্ডাধীশে ।
কৃত্ৰিম বান ৰোধৰ বাবে সষ্টম ডিব্ৰুগড় জিলা উপায়ুক্ত
ডিব্ৰুগড় চহৰৰ বিভিন্ন স্থানত অত্যাধুনিক পানী সিঁচা পাম্পসমূহ পৰিদৰ্শন কৰে জিলা উপায়ুক্তই । পৰিদৰ্শনকালত পাম্পসমূহ সঠিকভাৱে কাৰ্যক্ষম হৈ আছে নে নাই তাৰে বিষয়ে বুজ লোৱাৰ লগতে বাকী থকা কিছুসংখ্যক আধৰুৱা কাম ক্ষীপ্ৰতাৰে সমাপন কৰিবলৈ বিভাগীয় বিষয়াসকলক নিৰ্দেশ প্ৰদান কৰে উপায়ুক্তগৰাকীয়ে ।
বৰপেটাত এটা দিনতে ১৮৫ জন লোক ক'ভিডত আক্ৰান্ত
বৰপেটাত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে কৰ'ণাৰ সংক্ৰমণ । জিলাখনত ১,৯০১ জনলৈ বৃদ্ধি পায় ক'ভিডত আক্ৰান্ত লোকৰ সংখ্যা । মাত্ৰ এটা দিনতে জিলাখনত ১৮৫ জনকৈ লোক মহামাৰীৰ কবলত পৰে ৷
ডিমা হাছাওত কৰ'ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা ২৭২ গৰাকীলৈ বৃদ্ধি
শুকুৰবাৰে ডিমা হাছাও জিলাত ১৮ গৰাকী ব্যক্তি মহামাৰীৰ কবলত পৰে । ইয়াৰ লগে লগে ডিমা হাছাওত এতিয়ালৈকে কৰ'ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা ২৭২ গৰাকীলৈ বৃদ্ধি পায় । জিলাখনত ইতিমধ্যে সুস্থ হৈ উঠিছে ১০৪ গৰাকী ৰোগী । জিলাখনত আৰোগ্যৰ হাৰ ৪০.৭৮ শতাংশ ।
লখিমপুৰত কৰ'ণাত আক্ৰান্তৰ সংখ্যা ৯৩০ জনলৈ বৃদ্ধি
লখিমপুৰত দ্ৰুতগতিত বৃদ্ধি পাইছে ক'ভিড-১৯ ৰ সংক্ৰমণ । জিলাখনত বৰ্তমানলৈকে ৯৩০ জন লোক মহামাৰীৰ কবলত পৰিছে । মাত্ৰ এটা দিনত জিলাখনত কৰ'ণাত আক্ৰান্ত হৈছে ১১৭ জন ।