শপত গ্ৰহণৰ বাবে সাজু ৰাজভৱন: অনিশ্চয়তাত শপত লওতাৰ নাম
ৰাজ্যৰ ৰাজনীতিত অব্যাহত আছে মুখ্যমন্ত্ৰীকেন্দ্ৰীক চৰ্চা ৷ মুখ্যমন্ত্ৰী পদৰ শপত গ্ৰহণৰ বাবে ইতিমধ্যে সাজু হৈছে ৰাজভৱন ৷ কিন্তু এতিয়াও নিশ্চিত হোৱা নাই, প্ৰকৃতাৰ্থত কোনে অলংকৃত কৰিব আগন্তুক পাঁচ বছৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰ আসন ৷
শোণিতপুৰত পুনৰ ভূঁইকম্পৰ জোকাৰণি
বৃহস্পতিবাৰে পুৱা 10:30 মিনিটত পুনৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হয় ৷ প্ৰাপ্ত তথ্য অনুসৰি, এই ভূমিকম্পৰ মূল অভিকেন্দ্ৰ শোণিতপুৰ আৰু ইয়াৰ প্ৰাবল্য 3.6 ৰিখটাৰ স্কেলত বুলি জানিব পৰা গৈছে ৷
কৰ'ণাত আক্ৰান্ত আশাৰাম বাপু আইচিইউত চিকিৎসাধীন
যোধপুৰ কেন্দ্ৰীয় কাৰাগাৰত আজীৱন কাৰাদণ্ডৰে দণ্ডিত আশাৰাম বাপু মহামাৰী কৰ'ণা ভাইৰাছত আক্ৰান্ত । আক্ৰান্ত হোৱাৰ পাচত যোধপুৰৰ এমডিএম চিকিৎসালয়ৰ জৰুৰীকালীন ৱাৰ্ডলৈ স্থানান্তৰিত কৰা হয় ।
দিখৌমুখত মীন বিপ্লৱৰ সূচনা অৱসৰপ্ৰাপ্ত কৃষি বিষয়াৰ
শিৱসাগৰ জিলাৰ দিখৌমুখত মীন বিপ্লৱৰ সূচনা এজন অৱসৰপ্ৰাপ্ত কৃষি বিষয়াৰ। দিখৌমুখ নকটানি কালুগাঁৱৰ অৱসৰপ্ৰাপ্ত জিলা কৃষি বিষয়া দ্বিজেন নেওগৰ একক প্ৰচেষ্টাৰে প্ৰকৃতি-প্ৰদত্ত স্থানীয় মৰিদিখৌত "সজাত মীন পালন" আঁচনিৰে সূচনা কৰিছে মীন বিপ্লৱৰ ৷ মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনস্থ মীন পালন প্ৰকল্পটোৰ প্ৰায় 80 শতাংশ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে। শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে প্ৰেৰণাদায়ক শিৱসাগৰ জিলাৰ ভিতৰত প্ৰথম ৰাজসাহাৰ্য যুক্ত প্ৰকল্পটোত প্ৰায় 24 লাখ টকা ব্যয় হৈছে বুলি প্ৰকাশ কৰিছে কৃষি বিষয়া গৰাকীয়ে ।
হাস্পতালত ঠাই বিচাৰি হাবাথুৰি খাইছে কৰ’ণাক্ৰান্ত ৰোগীয়ে
বৃহস্পতিবাৰে যোৰহাটত হাস্পতালত ভৰ্তি হ’বৰ বাবে হাবাথুৰি খাইছে এজন কৰ’ণাত আক্ৰান্ত লোকে ৷ সমগ্ৰ দৃশ্য বন্দী হৈছে ম’বাইলৰ কেমেৰাত ৷
বালাৰচৰত জুৱাৰীক পশুখেদা মহকুমা আৰক্ষীৰ
বৰঘোলা আৰক্ষী চকীৰ অন্তৰ্গত বালাৰচৰত শেহতীয়াভাৱে একাংশ অসাধু লোকে অনুষ্ঠিত কৰি আহিছে জুৱাখেল ৷ সামাজিক পৰিৱেশ বিনষ্ট কৰি জুৱাখেল অনুষ্ঠিত কৰাত বুধবাৰে উত্তৰ শালমাৰা মহকুমাৰ মহকুমা আৰক্ষী বিষয়া হেমেন দাসে নিজে গৈ বালাৰচৰত জুৱাৰীৰ দলটোক পশুখেদা দিয়ে।
গুৱাহাটীৰ 3 টা ৱাৰ্ডত কণ্টেইনমেন্ট জ'ন ঘোষণা
গুৱাহাটী মহানগৰী কৰ’ণা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি হোৱাত 31 টা ৱাৰ্ডক জ’ন হিচাপে ভাগ কৰি দিয়া হৈছে৷ ইয়াৰে জ’ন 5 ত আটাইতকৈ বেছি ক’ভিড সংক্ৰমিত ৰোগী পোৱা গৈছে ৷ জ’ন 1 ত 1250 টা আৰু অন্যান্য ৱাৰ্ডত 770,80 টা ক’ভিড সংক্ৰমিত লোক আছে ৷ 400 তকৈ অধিক কৰ’ণা আক্ৰান্ত ৰোগী থকা জ’নক কণ্টেইনমেন্ট কৰা হ’ব ৷
জয়ৰ পাচত কেনেধৰণৰ সপোন পূৰণ কৰিব ৰমাকান্ত দেউৰীয়ে?
দ্বিতীয়বাৰৰ বাবে 80 নং মৰিগাঁও বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচনত জয়লাভ কৰিছে বিজেপি প্ৰাৰ্থী ৰমাকান্ত দেউৰীয়ে ৷ সদ্য ঘোষিত বিধানসভা নিৰ্বাচনৰ ফলাফলত 35,816 টা ভোটৰ ব্যৱধানত নিকটতম অসম জাতীয় পৰিষদৰ মনোনীত প্ৰাৰ্থী বাণীকান্ত দাসক পৰাভূত কৰি পুনৰ দিছপুৰলৈ যোৱাৰ পথ প্ৰশস্ত কৰিলে ৰমাকান্ত দেউৰীয়ে । এই ফলাফলৰ পাচতে নিজৰ অনুভৱ ব্যক্ত কৰিলে বিজয়ী প্ৰাৰ্থী ৰমাকান্ত দেউৰীয়ে ৷ প্ৰথমবাৰৰ বাবে তেওঁ মনত পুহি ৰখা সপোন আৰু নিৰ্বাচনী সফলতা-বিফলতাৰ কথা ব্যক্ত কৰিলে ইটিভি ভাৰতৰ এক আছুতীয়া সাক্ষাৎকাৰযোগে ৷
মিৰাটৰ কাৰাগাৰৰ পৰা পেৰলত মুকলি কৰা হ'ব প্ৰায় ২৮০ গৰাকী কয়দীক
উত্তৰ প্ৰদেশত কৰ'ণাৰ বৰ্ধিত ঘটনাৰ বাবে মিৰাটৰ জিলা কাৰাগাৰৰ পৰা প্ৰায় ২৮০ গৰাকী কাৰাগাৰৰ কয়দীক পেৰলত মুকলি কৰা হ'ব।
পশ্চিম ত্ৰিপুৰাৰ বিতৰ্কিত জিলা দণ্ডাধীশক দক্ষিণ ত্ৰিপুৰালৈ বদলি
দক্ষিণ ত্ৰিপুৰালৈ বদলি কৰা হ'ল বিতৰ্কৰ মাজত সোমাই পৰা পশ্চিম ত্ৰিপুৰাৰ বিতৰ্কিত জিলা দণ্ডাধীশ শৈলেশ যাদৱক ৷ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মানি পশ্চিম ত্ৰিপুৰাৰ প্ৰাক্তন জিলা দণ্ডাধীশ গৰাকীক আগৰতলাৰ পৰা স্থানান্তৰ কৰি বেল'নিয়াৰ জিলা দণ্ডাধীশ হিচাপে নিযুক্তি প্ৰদান ৷