গুৱাহাটী, ৩০ নৱেম্বৰ: সোমবাৰে পুৱাই গুৱাহাটীৰ হেঙেৰাবাৰীত এটা প্ৰকাণ্ড নাহৰফটুকীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰে। হেঙেৰাবাৰীত থকা মাইলষ্ট'ন ছাত্ৰী নিবাসত প্ৰৱেশ কৰে নাহৰফুটুকীটোৱে। ছাত্ৰী নিবাসৰ স্বত্বাধিকাৰীৰ পোহনীয়া কুকুৰ ষ্টেলাই উভতি ধৰে বাঘটোক । ষ্টেলাৰ বাবে প্ৰাণ ৰক্ষা পৰে ছাত্ৰীসকলৰ। চিচিটিভিৰ ফুটেজ অনুসৰি, পুৱতি নিশাই মাইলষ্ট'ন ছাত্ৰী নিবাসত প্ৰৱেশ কৰে নাহৰফুটুকীটোৱে আৰু বাৰাণ্ডাতে শুই পৰে ।
বাঘটোক দেখাৰ লগে লগে ছাত্ৰী নিবাসত থকা ষ্টেলা নামৰ কুকুৰজনীয়ে ভুকিবলৈ আৰম্ভ কৰে । তেনে সময়তে স্বত্বাধিকাৰী মৌচুমী বৰাই আহি নাহৰফুটুকীটোৰে মুখামুখি হয় । লগে লগে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। ছাত্ৰী নিবাসত থকা ছাত্ৰীৰ লগতে স্থানীয় লোকসকলো আতংকিত হৈ পৰে । ইয়াৰ পিছতে নাহৰফুটুকীটো পিঞ্জৰাবদ্ধ কৰিবলৈ স্থানীয় লোকে বন বিভাগক খবৰ দিয়ে । আৰক্ষী আৰু বন বিভাগৰ লোক ছাত্ৰী নিবাসটোত উপস্থিত হৈ নাহৰফুটুকীটো ট্ৰেংকুলাইজ কৰাৰ চেষ্টা চলায় ।
আৰক্ষী, বন বিভাগ আৰু পশু চিকিৎসকৰ দলৰ কেইবাঘণ্টাজোৰা চেষ্টাৰ অন্তত বাঘটো ট্ৰেংকুলাইজ কৰিবলৈ সক্ষম হয় । দুবাৰকৈ পলায়ন কৰাৰ পিছত তৃতীয়বাৰত চিকিৎসকে নাহৰফুটুকীটো ট্ৰেংকুলাইজ কৰে । সম্প্ৰতি অসম ৰাজ্যিক চিৰিয়াখানাত বাঘটোক চিকিৎসা কৰি থকা হৈছে । উল্লেখ্য যে, মাইলষ্ট'ন ছাত্ৰী নিবাসত প্ৰায় ১৫ গৰাকী ছাত্ৰী আছিল । ষ্টেলাৰ সাহসৰ বাবেই আটাইৰে প্ৰাণ ৰক্ষা পৰে। নিশা পাহাৰৰ পৰা আহি বাঘটোৱে জনাঞ্চলত প্ৰৱেশ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে।
লগতে পঢ়ক: যমুনাৰ পাৰত স্বৰচিত কবিতা পাঠৰ অনুষ্ঠান