ETV Bharat / state

তিনি চোৰক আটক জালুকবাৰী আৰক্ষীৰ

author img

By

Published : Nov 19, 2020, 12:00 PM IST

জালুকবাৰী অঞ্চলত ভিন্ন সময়ত নানান অসৎ উপায়েৰে চোৰে সাধাৰণ লোকৰ পৰা ধন লুটপাত কৰি অহা অভিযোগ উত্থাপিত হৈ আহিছিল ৷ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি অভিযান চলাই এই তিনি চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

thief arrested at ghy
জালুকবাৰীক তিনি চোৰক গ্ৰেপ্তাৰ

গুৱাহাটী, 19 নৱেম্বৰঃ মহানগৰীৰ জালুকবাৰী অঞ্চলত কিছুদিনৰ পৰা একপ্ৰকাৰ সন্ত্ৰাস চলাই অহা তিনি চোৰক আটক কৰিবলৈ সক্ষম হৈছে জালুকবাৰী আৰক্ষী ৷ আৰক্ষীৰ এক সূত্ৰই সদৰী কৰা অনুসৰি, ধৃত চোৰ কেইটাৰ নাম ক্ৰমে ৰিজু আলী (২৯), চানী আলী (২৫) আৰু ৰিংকু আলী (২৪) ৷

উল্লেখ্য যে, জালুকবাৰী অঞ্চলত ভিন্ন সময়ত নানান উপায়েৰে চোৰে সাধাৰণ লোকৰ পৰা ধন লুট কৰি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছিল ৷ বিগত 16 নৱেম্বৰত জালুকবাৰীত এগৰাকী লোকৰ পৰা ধন লুটি নিয়াৰ খবৰ ইতিমধ্যে প্ৰকাশ পাইছিল ৷ যাৰ বাবে লোকগৰাকীয়ে জালুকবাৰী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছিল । উক্ত এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি অভিযান চলাই এই তিনি চোৰক আটক কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক: বৃহস্পতিবাৰে গহপুৰলৈ আহিব মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.