ETV Bharat / state

গ্ৰামাঞ্চলত চিকিৎসা সেৱাৰ বাবে যাব নে চিকিৎসক - স্নাতকোত্তৰ ডিগ্ৰী

এম বি বি এছ পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পিছত এগৰাকী চিকিৎসকে যেতিয়া স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে নামভৰ্তি কৰিব, তেতিয়া সেই ডিগ্ৰী লাভৰ পিছত তেওঁ দুবছৰ গ্ৰামাঞ্চলত চিকিৎসা সেৱা আগবঢ়াব বুলি এক চুক্তি পত্ৰত স্বাক্ষৰ কৰিব লাগিব । অন্যথা তেওঁ ক্ষতিপূৰণ হিচাপে চৰকাৰক ১৫ লাখৰ পৰা ২০ লাখ টকা আদায় দিব লাগিব ।

The government has complete infrastructure for medical services in rural areas
গ্ৰামাঞ্চলত চিকিৎসা সেৱাৰ বাবে সম্পূৰ্ণ আন্তঃগাঁঠনি আছে চৰকাৰৰঃচিকিৎসা শিক্ষা সঞ্চালক
author img

By

Published : Oct 11, 2020, 7:34 PM IST

গুৱাহাটী,নগাঁও,11অক্টোবৰ : শেহতীয়াকৈ সমগ্ৰ দেশজুৰি চিকিৎসা শিক্ষাৰ ক্ষেত্ৰত এক নতুন নিয়ম বলবৎ কৰা হৈছে । সেই অনুসৰি এম বি বি এছ পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পিছত এগৰাকী চিকিৎসকে যেতিয়া স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে নামভৰ্তি কৰিব, তেতিয়া সেই ডিগ্ৰী লাভৰ পিছত তেওঁ দুবছৰ গ্ৰামাঞ্চলত চিকিৎসা সেৱা আগবঢ়াব বুলি এক চুক্তি পত্ৰত স্বাক্ষৰ কৰিব লাগিব । অন্যথা তেওঁ ক্ষতিপূৰণ হিচাপে চৰকাৰক ১৫ লাখৰ পৰা ২০ লাখ টকা আদায় দিব লাগিব ।

গ্ৰামাঞ্চলত চিকিৎসা সেৱাৰ বাবে সম্পূৰ্ণ আন্তঃগাঁঠনি আছে চৰকাৰৰঃচিকিৎসা শিক্ষা সঞ্চালক

ই টিভি ভাৰতৰ আগত এই নতুন নিয়ম সন্দৰ্ভত বিস্তৃতভাবে প্ৰকাশ কৰে ৰাজ্যৰ চিকিৎসা শিক্ষা সঞ্চালক ডাঃ অনুপ কুমাৰ বৰ্মনে । সম্প্ৰতি ৰাজ্যৰ ডিব্ৰুগড়, গুৱাহাটী, শিলচৰ, বৰপেটা, যোৰহাট, তেজপুৰ আৰু ডিফু চিকিৎসা মহাবিদ্যালয়ত আসনৰ সংখ্যা প্ৰায় এহেজাৰখন । গতিকে এম বি বি এছ পাঠ্যক্ৰম শেষ কৰাৰ পিছত এই এহেজাৰ চিকিৎসকৰ প্ৰায় সকলোৱেই গ্ৰাম্যাঞ্চলত চিকিৎসা আগবঢ়াবলৈ প্ৰস্তুত । এই ব্যৱস্থাৰ ফলত সাধাৰণ ৰাইজ আৰু নতুনকৈ এম বি বি এছ সম্পূৰ্ণ কৰা চিকিৎসকসকল উভয়েই উপকৃত হৈছে বুলি ৰাজ্যৰ চিকিৎসা শিক্ষা সঞ্চালক মন্তব্য কৰে । কিয়নো,গাঁও অঞ্চলৰ ৰাইজে চিকিৎসা সেৱা লাভ কৰাৰ বিপৰীতে যিসকল চিকিৎসকে এবছৰ গাঁৱত সেৱা আগবঢ়াই তেওঁলোকে স্নাতকোত্তৰ পাঠ্যক্রমৰ বাবে অগ্ৰাধিকাৰ লাভ কৰে ।

কিন্তু প্ৰশ্ন হয়, এগৰাকী স্নাতকোত্তৰ ডিগ্ৰীধাৰী চিকিৎসকে সেৱা আগবঢ়াব পৰাকৈ অসমৰ গ্ৰামাঞ্চলৰ স্বাস্থ্য খণ্ড উন্নত নে ? আছেনে গ্ৰামাঞ্চলত স্বাস্থ্য খণ্ডৰ পৰ্যাপ্ত আন্তঃগাঁঠনি ? চিকিৎসা শিক্ষা সঞ্চালক গৰাকীয়ে দাবী কৰে যে ৰাজ্যৰ গ্ৰামাঞ্চলৰ স্বাস্থ্য খণ্ড সম্প্ৰতি যথেষ্ট উন্নত আৰু সকলো সা সুবিধাৰে পৰিপূৰ্ণ । প্ৰতিখন গ্ৰাম্য চিকিৎসালয়ৰ আন্তঃগাঁঠনি এতিয়া আগবঢ়া বুলিও তেওঁ দাবী কৰে ।

ইপিনে, শেহতীয়াকৈ ৰাজ্যৰ বহু ভিতৰুৱা গ্ৰামাঞ্চলত মহিলা চিকিৎসকৰ নিৰাপত্তাক লৈও উত্থাপন হৈছে বহু প্ৰশ্নৰ । এতিয়াও বহু অঞ্চলত নিজৰ নিৰাপত্তাক লৈ শংকিত বহু মহিলা চিকিৎসক । ইটিভি ভাৰতৰ এক আছুতীয়া সাক্ষাৎকাৰত এগৰাকী মহিলা চিকিৎসকে নিৰাপত্তাৰ কথা উল্লেখ কৰি গ্ৰাম্য অঞ্চলত নিৰাপত্তাৰ সু-ব্যৱস্থা কৰি দিবলৈ চৰকাৰক অনুৰোধ জনায় ৷

আনহতে, চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ চিকিৎসকৰ ক্ষেত্ৰত নতুনকৈ প্ৰবৰ্তন কৰা এই নিয়মে গ্ৰামাঞ্চলৰ ৰোগীসকলক যথেষ্ঠ পৰিমাণে উপকৃত কৰিব বুলি চিকিৎসা শিক্ষা সঞ্চালক ডাঃ অনুপ কুমাৰ বৰ্মনে মন্তব্য কৰে ।

লগতে পঢ়কঃক'ভিড-19 ৰ বাবে পূৰ্বৰ দৰে ব্যস্ত নহয় মৰিগাঁৱৰ মৃন্ময় শিল্পীসকল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.