ETV Bharat / state

Serious allegations against CM: দিল্লীত মুখ্যমন্ত্ৰীৰে কোন চুপাৰী মাফিয়াৰ নৈশভোজন !

author img

By

Published : Feb 9, 2022, 8:35 PM IST

Updated : Feb 9, 2022, 9:32 PM IST

মুখ্যমন্ত্ৰীৰ সৈতে চুপাৰী চিণ্ডিকেটৰ নায়কৰ কি সম্পৰ্ক ? দিল্লীত নৈশ ভোজত মুখ্যমন্ত্ৰীৰ লগত চুপাৰী চিণ্ডিকেটৰ নায়ক আবু মজুমদাৰ (Supari Mafia Abu Mazumdar has a dinner with Chief Minister of Assam in Delhi)৷ পিছে এই নৈশ ভোজলৈ আন্তর্জাতিক চুপাৰী মাফিয়া আবু মজুমদাৰক মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই দিয়া নাছিল নিমন্ত্ৰণ ৷ তেন্তে কাৰ নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ চুপাৰী মাফিয়া আবু মজুমদাৰ গৈছিল ২৫ নৱেম্বৰত দিল্লীত আয়োজিত নৈশভোজত ? এই গুৰুত্বৰ প্ৰশ্ন উত্থাপন কৰিছে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই ৷

debabrat saikiya reaction
দিল্লীত মুখ্যমন্ত্ৰীৰে কোন চুপাৰী মাফিয়াৰ নৈশভোজন !

গুৱাহাটী, ৯ ফেব্ৰুৱাৰী : ৰাজ্যত সকলো ধৰণৰ ছিণ্ডিকেটৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু কৰি থাকিব বুলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰি আহিলেও বুধবাৰে বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই উত্থাপন কৰিছে এক বিস্ফোৰক আৰু গুৰুতৰ অভিযোগ । এফালে অসমত বাৰ্মিজ চুপাৰী ছিণ্ডিকেটৰ বিৰুদ্ধে আৰক্ষীৰ জোৰদাৰ অভিযান চলিছে ৷ আনফালে বৰাক উপত্যকাৰ এজন বিয়াগোম চুপাৰী মাফিয়াই দিল্লীত মুখ্যমন্ত্ৰীৰ সৈতে একেলগে নৈশভোজত অংশ লোৱা বুলি মন্তব্য কৰিছে বিৰোধী দলপতি গৰাকীয়ে ।

তেওঁ কয় যে, বিগত বৰ্ষৰ ২৫ নৱেম্বৰত দিল্লীত এক নৈশভোজত ভাগ লৈছিল অসমৰ মুখ্যমন্ত্ৰী ড৹ শৰ্মা আৰু মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই । সেই নৈশভোজত উপস্থিত আছিল বৰাক উপত্যকাৰ এজন আন্তৰ্জাতিক চুপাৰী মাফিয়া আবু মজুমদাৰ (Supari Mafia Abu Mazumdar has a dinner with Chief Minister of Assam in Delhi) । নক’লেও চলে যে, বাৰ্মিজ চুপাৰীৰ অবৈধ সৰবৰাহৰ মূল পথটোৱেই হৈছে মিজোৰামৰ পৰা বৰাক উপত্যকা হৈ গুৱাহাটী ।

এক কথাত বৰাক উপত্যকাই হৈছে চুপাৰী ছিণ্ডিকেটৰ মূল অভিকেন্দ্ৰ ।

তেনেক্ষেত্ৰত উক্ত নৈশভোজত মিজোৰামৰ মুখ্যমন্ত্ৰীৰ সৈতে একেলগে থকা আবু মজুমদাৰৰ ফটো ৰাজহুৱা হোৱাৰ লগে লগে মিজোৰামৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ ফালৰ পৰা স্পষ্টীকৰণ দিয়া হ'ল যে, আবু মজুমদাৰ উক্ত ভোজমেললৈ জোৰামথাংগাৰ সৈতে যোৱা নাছিল বা তেওঁৰ অতিথিও নাছিল । তেন্তে কাৰ অতিথি আছিল চুপাৰী মাফিয়া আবু মজুমদাৰ ?

উক্ত নৈশভোজৰ আয়োজন অসমৰ মুখ্যমন্ত্ৰীয়েহে কৰিছিল বুলি স্পষ্টীকৰণটোত কোৱা হৈছে বুলিও প্ৰকাশ কৰে দেৱব্ৰত শইকীয়াই । গতিকে বিৰোধী দলপতি গৰাকীৰ এনে গুৰুতৰ অভিযোগে স্বাভাৱিকতে ৰাজ্যত চলি থকা চুপাৰী ছিণ্ডিকেটৰ বহু নতুন দিশ উন্মোচিত কৰিছে । একে সময়তে বিৰোধী দলপতি গৰাকীয়ে এই বুলিও অভিযোগ তোলে যে, কেৱল বাৰ্মিজ চুপাৰীয়েই নহয়, ৰাজ্যত একাংশ বিজেপি নেতাৰ পৃষ্ঠপোষকতাত কয়লা ছিণ্ডিকেটো অব্যাহত আছে ।

লগতে পঢ়ক : Assam Meghalaya Border Dispute: হিমন্ত দিল্লীলৈ গ’ল, ক্ষুব্ধ কনৰাড ন’গল

Last Updated : Feb 9, 2022, 9:32 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.