গুৱাহাটী, ২২জুন: ৰাজ্যত কৰ'ণা (Corona) পৰিস্থিতিৰ বাবে সান্ধ্য আইন অব্যাহত আছে । কিন্তু এই সান্ধ্য আইনৰ (Night curfew) মাজতো ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে চোৰৰ চুৰি কাৰ্য । গাড়ী চুৰিৰ পৰা আৰম্ভ কৰি বহুতৰে ঘৰত চোৰে অভিযান চলাইছে । ইফালে শেহতীয়াকৈ ড্ৰাগছৰ (Drugs) বিৰুদ্ধে সষ্টম হৈছে অসম আৰক্ষী । কেৱল ড্ৰাগছ বুলিয়ে নহয় মুখ্যমন্ত্ৰী (Chief minister) ড: হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত অপৰাধ নিৰ্মূল অসম(Crime Free Assam) গঢ়াৰ বাবে অসম আৰক্ষী (Assam Police) উঠি পৰি লাগিছে । অৱশ্যে ইয়াৰ মাজতো নতুন নতুন কৌশল অৱলম্বন কৰি চোৰে নিতৌ চুৰি কাৰ্য চলাই গৈছে ।
এইবাৰ বিলাসী বাইক অথবা স্কুটী নহয়, চোৰৰ টাৰ্গেট ই-ৰিক্সা (E Rickshaw) । সোমবাৰে নিশা সাতগাঁও আৰক্ষীয়ে অভিযান চলাই মৰিগাঁও জিলাৰ মায়ং, বুঢ়াবুঢ়ীৰ পৰা দুখন চুৰি হোৱা ই-ৰিক্সা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ পৰা জানিব পৰা মতে যোৱা ১৩ জুনত সাতগাঁৱৰ নোৱাপাৰা নিবাসী আজনুৰ আলী নামৰ লোকজনৰ ঘৰৰ পৰা চুৰি হৈছিল AS ০১(E R)১২৮৫ আৰু AS ২৫(E R) ৩০৪৫ নম্বৰৰ দুখন ই-ৰিক্সা ।
লোকজনে সাতগাঁও থানাত দিয়া এজাহাৰৰ(FIR) ভিত্তিত সোমবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই মায়ং, বুঢ়া-বুঢ়ীৰ পৰা চুৰি ই-ৰিক্সা দুখন উদ্ধাৰ কৰিবলৈ সক্ষম হয় । অৱশ্যে আৰক্ষীৰ এই অভিযানত চুৰি কাণ্ডৰ অভিযুক্ত চহিদুল আলী আৰু ভোলা মিঞা আৰক্ষী অহাৰ উমান পাই পলাই পত্ৰং দিয়ে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ১৫৭/২১ নম্বৰত এক গোচৰ ৰজু কৰি তদন্ত অব্যাহত ৰাখিছে । ইফালে আৰক্ষীয়ে দুয়োজনৰ বিৰুদ্ধে বিভিন্ন স্থানত অভিযান অব্যাহত ৰাখিছে । আৰক্ষীয়ে জনোৱা মতে অতি শীঘ্ৰে দুয়োজনকে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হ'ব ।
লগতে পঢ়ক:গুৱাহাটীত আৰক্ষীৰ জালত বিলাতী সুৰা সহ তিনি সৰবৰাহকাৰী