ETV Bharat / state

New Covid variant Omicron : কি কয় স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অনুৰাগ গোৱেলে?

author img

By

Published : Nov 30, 2021, 2:26 PM IST

মহাৰাষ্ট্ৰত এগৰাকী ব্যক্তি ক’ভিডৰ নতুন প্ৰকাৰ Omicron (New Covid variant Omicron)ৰ দ্বাৰা আক্ৰান্ত হোৱাৰ আশংকা কৰা হৈছে ৷ ইয়াৰ পাচতে এইবিধ নতুন ভাইৰাছক লৈ আতংকিত দেশবাসী ৷ এক সাক্ষাৎকাৰযোগে Omicron Variant ৰ লক্ষণ সন্দৰ্ভত মন্তব্য আগবঢ়ায় অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ প্ৰধান সচিব অনুৰাগ গোৱেল (Anurag Goel on Omicron)য়ে ৷ চাওক এই বিশেষ প্ৰতিবেদন...

interview with anurag goel on omicron
ক’ভিডৰ নতুন প্ৰবাহক লৈ অনুৰাগ গোৱেলৰ মন্তব্য

গুৱাহাটী, 30 নৱেম্বৰ : মহাৰাষ্ট্ৰত এগৰাকী ব্যক্তি ক’ভিডৰ নতুন প্ৰকাৰ ‘Omicron’ (New Covid variant Omicron in Maharashtra)ৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সন্দেহত Genome Sequencing কৰাৰ বাতৰি প্ৰকাশ হোৱাৰ পাচতে এতিয়া ক’ভিডৰ এই নতুন প্ৰকাৰক লৈ আতংকিত হৈ পৰিছে দেশবাসী ৷ এক আছুতীয়া সাক্ষাৎকাৰযোগে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ প্ৰধান সচিব অনুৰাগ গোৱেল (Anurag Goel on Omicron)য়ে অ’মিক্ৰনৰ লক্ষণ সন্দৰ্ভত কিছু কথা ব্যক্ত কৰে ৷

তেওঁ কয় যে, ক’ভিডৰ নতুন প্ৰকাৰ Omicron ক লৈ স্বাস্থ্য বিভাগত আভ্যন্তৰীণভাৱে এখন নতুন SOP প্ৰস্তুত কৰা হৈছে । কিন্তু বৰ্তমানলৈকে এই SOP খন ৰাইজৰ বাবে মুকলি কৰি দিয়া হোৱা নাই । Omicronক লৈ স্বাস্থ্য বিভাগে শীঘ্ৰেই দুই-তিনিদিনৰ ভিতৰত ৰাইজলৈ নতুন SOP মুকলি কৰাৰ বাবে চৰকাৰৰ সৈতে আলোচনাত বহিব । ক’ভিডৰ নতুন প্ৰকাৰ Omicron ক কেন্দ্ৰ কৰি বৰঝাৰ বিমানবন্দৰত পূৰ্বতকৈ বেছি সৰ্তকতামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে মঙলবাৰে চৰকাৰৰ সৈতে আলোচনাত বহিব স্বাস্থ্য বিভাগ ৷

তেওঁ কয় যে, ভাৰত চৰকাৰৰ নিৰ্দেশ মতে, ইতিমধ্যে Omicron ৰ (New Covid 19 Variant Omicron) ব্যাপক সংক্ৰমণ হোৱা বিশ্বৰ 12 খন দেশৰ পৰা অহা মানুহৰ ক্ষেত্ৰত অসমত বিশেষ সৰ্তকতা ব্যৱস্থা গ্ৰহণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে । Omicron ৰ ব্যাপক সংক্ৰমণ হোৱা বিশ্বৰ 12 খন দেশৰ পৰা অসমলৈ আহিবলগীয়া অসমৰ পাৰপত্ৰ (Passport) থকা মানুহৰ তথ্য ভাৰত চৰকাৰৰ Bureau of Immigration ৰ যোগেদি লৈ থকা হৈছে । সেই দেশসমূহৰ পৰা অসমলৈ অহা সকলো যাত্ৰীৰ Genome Sequencing কৰা হ’ব । লগতে তেওঁলোকক আইশ্ব’লেশ্যনত ৰখা হ’ব ৷

স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অনুৰাগ গোৱেল (Principal secretary of Health and Family Welfare Department Anurag Goel)য়ে কয় যে, এই সন্দৰ্ভত সোমবাৰে গুৱাহাটীৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান(NHM)ৰ মুখ্য কাৰ্যালয়ত ICMR ৰ বিশেষজ্ঞৰ সৈতে এক সভাত মিলিত হয় স্বাস্থ্য বিভাগে । ICMR ৰ বিশেষজ্ঞই সদৰী কৰা অনুসৰি, Omicron ৰ সংক্ৰমণৰ মাত্ৰা পূৰ্বৰ ক’ভিড-19তকৈ অধিক । কিন্তু Omicron ৰ পৰা বেছি ভয়াৱহতাৰ আংশকা কম । সেয়েহে ৰাইজক ভয় খাব নালাগে বুলি তেওঁ আশ্বাস দিয়ে ৷

Omicron ৰ পৰা ৰক্ষা পোৱাৰ এটাই উপায় হৈছে, সকলোৱে ক’ভিডৰ টীকাকৰণ(Covid Vaccine) গ্ৰহণ কৰাতো অতি জৰুৰী । তেওঁ কয় যে, 29 নৱেম্বৰৰ পৰা 5 ডিচেম্বৰলৈ ৰাজ্যত বিশেষ ক’ভিড টীকাকৰণ অভিযান(Covid Vaccination Campaign) আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে । আগন্তুক 5 ডিচেম্বৰৰ ভিতৰত স্বাস্থ্য বিভাগে ৰাজ্যত ক’ভিডৰ টীকাকৰণৰ লক্ষ্যত উপনীত হ’ব পাৰিব । এই ক্ষেত্ৰত ৰাইজৰ পৰা ভাল সঁহাৰি লাভ কৰাৰ কথা ব্যক্ত কৰে স্বাস্থ্য বিভাগৰ প্ৰধান সচিবগৰাকীয়ে ৷

লগতে পঢ়ক : Omicron variant threat : মহাৰাষ্ট্ৰত আফ্ৰিকাৰ পৰা অহা ব্যক্তিৰ দেহত ক’ভিড-19

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.