ETV Bharat / state

ৰেলৱে আৰক্ষীৰ অভিযানঃ বাৰ্মাৰ চিগাৰেট সহ আটক তামিলনাডুৰ মহিলা - railway police

নাগালেণ্ডৰ পৰা তামিলনাডুলৈ চোৰাং সামগ্ৰী নিয়াৰ পথত আটক মহিলাকেইগৰাকী

guwahati
author img

By

Published : Mar 26, 2019, 9:32 PM IST

গুৱাহাটী ,26 মাৰ্চ : অসমৰ মাজেৰে বহিঃৰাজ্যলৈ চোৰাং বেহা ৷ গুৱাহাটী ৰেল ষ্টেচনত ৰেল আৰক্ষীৰ অভিযানত জব্দ বহু পৰিমাণৰ চোৰাং সামগ্ৰী ৷

ৰেলৱে আৰক্ষীৰ অভিযানত বাৰ্মাৰ চিগাৰেট সহ মহিলা আটক

সোমবাৰে নিশা ৰেল আৰক্ষীৰ অভিযানত বাৰ্মাৰ চিগাৰেটসহ 9 গৰাকীকৈ তামিলনাডুৰ মহিলা আটক হয় ৷ মহিলাকেইগৰাকীৰ পৰা ৰেল আৰক্ষীয়ে 38 বেগ বাৰ্মাৰ চিগাৰেট জব্দ কৰে ৷ তামিলনাডুৰ মহিলাকেইগৰাকীয়ে নাগালেণ্ডৰ ডিমাপুৰৰ পৰা চোৰাং ভাৱে বাৰ্মাৰ বৃহৎ সংখ্যক চিগাৰেট চেন্নাই এক্সপ্ৰেছেৰে তামিলনাডুলৈ নিয়াৰ পথতে গুৱাহাটীত ৰেল আৰক্ষীৰ হাতত আটক হয় ৷ ৰেল আৰক্ষীৰ নিয়মীয়া তালাচীত মহিলাকেইগৰাকীক আটক কৰি সীমা শুল্ক বিভাগক চমজাই দিয়ে ৷ আৰক্ষীয়ে বৰ্তমান মহিলাকেইগৰাকীৰ জেৰা অব্যাহত ৰাখিছে ৷ উদ্ধাৰ হোৱা চিগাৰেটখিনিৰ মূল্য বৰ্তমানলৈকে জানিব পৰা হোৱা নাই যদিও চিগাৰেটখিনিৰ মূল্য তিনি লক্ষ্যাধিক হ'ব বুলি অনুমান কৰা হৈছে ৷

উল্লেখযোগ্য যে , বিগত শুকুৰবাৰে গুৱাহাটী ৰে'ল ষ্টেচনত পাঁচ লক্ষাধিক আমেৰিকান ডলাৰসহ মণিপুৰৰ দুজন যুৱকক ৰেল আৰক্ষীয়ে আটক কৰিছিল ৷

Intro:বাৰ্মাৰ চিগাৰেটসহ তামিল নাডুৰ ৯ গৰাকী মহিলা আটক ৰে'ল আৰক্ষীৰ হাতত। যোৱা নিশা ৰেল আৰক্ষীৰ নিয়মীয়া তালাচিত ৩৮ বেগ বাৰ্মাৰ চিগাৰেটসহ আটক তামিল নাডুৰ ৯ গৰাকী মহিলা।

Body:যোৱা শুকুৰবাৰে গুৱাহাটী ৰে'ল ষ্টেচনত পাঁচ লক্ষাধিক আমেৰিকেন ডলাৰসহ মণিপুৰৰ দুজন যুৱক ৰে'ল আৰক্ষীৰ হাতত আটক হোৱাৰ পিছত যোৱা নিশা পুনৰ গুৱাহাটী ৰে'ল আৰক্ষীয়ে ৯ গৰাকী তামিল নাডুৰ মহিলাক আটক কৰে ৩৮ বেগ বাৰ্মাৰ চিগাৰেটসহ। তামিল নাডুৰ এই ৯ গৰাকী মহিলাই নাগালেণ্ডৰ ডিমাপুৰৰ পৰা চোৰাং ভাৱে বাৰ্মাৰ বৃহৎ সংখ্যক চিগাৰেট চেন্নাই এক্সপ্ৰেছেৰে তামিল নাডুলৈ নিয়াৰ পথত গুৱাহাটীত ৰে'ল আৰক্ষীৰ হাতত ধৰা পৰে। ৰে'ল আৰক্ষীয়ে নিয়মীয়া তালাচি চলাই থাকোতে এই মহিলা কেইগৰাকীৰ কবলৰ পৰা এই বৃহৎ সংখ্যক চিগাৰেট উদ্ধাৰ কৰে। ৰে'ল আৰক্ষীয়ে বাৰ্মাৰ চিগাৰেটসহ মহিলা কেইগৰাকীক সীমা শুল্ক বিভাগক চিমজাই দিয়ে। সীমা শুল্ক বিভাগে মহিলা কেইগৰাকীক জেৰা অব্যাহত ৰাখিছে।

Conclusion:উদ্ধাৰ হোৱা চিগাৰেটখিনিৰ মূল্য বৰ্তমালৈকে জানিব পৰা হোৱা নাই যদিও চিগাৰেটখনিৰ বজাৰ মূল্য তিনি লক্ষাধিক টকাৰ হ'ব বুলি অনুমান কৰা হৈছে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.