ETV Bharat / state

SI কেলেংকাৰীঃ দ্বিবন ডেকাক CIDৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ - অসম আৰক্ষীৰ অপৰাধ শাখা

SI কেলেংকাৰীৰ মূল অভিযুক্ত দ্বিবন ডেকাক 6 দিনৰ বাবে CIDৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ ৷ আদালতৰ শুনানিৰ পিচতে 6 দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ ৷

SI scandal: Dwiban Dekak ​​sent to 6 days CID's judicial custody
দ্বিবন ডেকাক CID ৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ
author img

By

Published : Oct 6, 2020, 6:44 PM IST

গুৱাহাটী, 6 অক্টোবৰ : SI কেলেংকাৰীৰ মূল অভিযুক্ত তথা বিজেপি নেতা দ্বিবন ডেকাক 6 দিনৰ বাবে CID ৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে কামৰূপ জিলা মুখ্য দণ্ডাধীশ আদালতে । 5 দিনৰ ন্যায়িক জিম্মাৰ অন্তত মঙলবাৰে অসম আৰক্ষীৰ অপৰাধ শাখাৰ গোচৰৰ শুনানি গ্ৰহণ কৰে আদালতে ।

আনহাতে,CIDয়ে ৰুজু কৰা 21/20 গোচৰৰ ভিত্তিত মহামান্য আদালতে শুনানি গ্ৰহণ কৰে আৰু CID য়ে 7 দিনৰ বাবে নিজৰ জিম্মাত বিচাৰিছিল যদিও আদালতে 6 দিনৰ বাবে CIDৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ।

উল্লেখ্য যে,SI কেলেংকাৰীৰ মূল অভিযুক্ত দ্বিবন ডেকাক আদালতত হাজিৰ কৰাৰ কিছু সময়ৰ পূৰ্বেই কেলেংকাৰীৰ মাষ্টাৰমাইণ্ড পি কে দত্তক ভাৰত-নেপাল সীমান্তৰ কাকাৰভিটাত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।

লগতে পঢ়ক : ৰাইজ মেললৈ কিয় নাহিল আলোচনাপন্থী নেতা জিতেন দত্ত ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.