ETV Bharat / state

Assam Cabinet Decisions: ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত; 29 নৱেম্বৰত প্ৰদান কৰা হ’ব আনন্দৰাম বৰুৱা বঁটা

লোক সেৱা ভৱনত বুধবাৰে অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

author img

By ETV Bharat Assamese Team

Published : Nov 1, 2023, 8:03 PM IST

Assam Cabinet Decisions
ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক
ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত

গুৱাহাটী, 1 নৱেম্বৰ : মুখ্যমন্ত্ৰীৰ নতুন কাৰ্যালয় 'লোক সেৱা ভৱন'ত বুধবাৰে অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেল যোগে অৱগত কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৷

কেবিনেটত শিক্ষাৰ্থীসকলক প্ৰদান কৰি অহা আনন্দৰাম বৰুৱা আৰু বাণীকান্ত কাকতি বঁটা প্ৰদানৰ দিন ঘোষণা কৰা হয় ৷ সেই অনুসৰি 29 নবেম্বৰত আনন্দৰাম বৰুৱা বঁটা ৰাজ্যৰ 27,183 গৰাকী শিক্ষাৰ্থীক প্ৰদান কৰা হ'ব ৷ এই বঁটাৰ যোগেদি মেট্ৰিক পৰীক্ষাত 75 শতাংশ তথা ততোধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থী সকলক কম্পিউটাৰ ক্ৰয়ৰ বাবে 15 হাজাৰ টকাকৈ দিয়া হ'ব ৷ বেংক একাউণ্টৰ যোগেদি শিক্ষাৰ্থী সকলে এই ধন লাভ কৰিব ৷

সেইদৰে 30 নৱেম্বৰ আৰু 1 ডিচেম্বৰৰ দিনা বাণীকান্ত কাকতি বঁটা প্ৰদান কৰা হ'ব ৷ উচ্চতৰ মাধ্যমিক পৰীক্ষাত 60 শতাংশ তথা ততোধিক নম্বৰ পোৱা ছাত্ৰী আৰু 75 শতাংশ তথা ততোধিক নম্বৰ পোৱা ছাত্ৰক এই বঁটাৰ যোগেদি স্কুটী প্ৰদান কৰা হ'ব ৷ 35,776 গৰাকী শিক্ষাৰ্থীয়ে লাভ কৰিব স্কুটী ৷ উল্লেখ্য যে এইবাৰৰ পৰা প্ৰথমবাৰৰ বাবে ছাত্ৰকো স্কুটী প্ৰদান কৰা হ'ব ৷

আনহাতে 3 আৰু 4 নৱেম্বৰত অসম ভ্ৰমণলৈ আহিব ভূটানৰ ৰজা আৰু এইক্ষেত্ৰত যাৱতীয় প্ৰস্তুতি সম্পৰ্কে কেবিনেটত আলোচনা কৰা হয় ৷ ভূটানৰ সৈতে সম্পৰ্ক সুদৃঢ় কৰাৰ লক্ষ্যৰে অসম চৰকাৰে অসমৰ এম বি বি এছ আৰু ডেণ্টেলৰ ক্ষেত্ৰত 5 খন আসন ভূটানৰ শিক্ষাৰ্থীৰ বাবে সংৰক্ষিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ ইয়াৰে তিনিখন এম বি বি এছৰ আৰু দুখন ডেণ্টেলৰ বাবে ৷

সেইদৰে কেবিনেটত জলজীৱন মিছনৰ কাম আৰু অধিক দ্ৰুতগতিত কৰাৰ বাবে ফৰেষ্ট ৰয়েল্টি 0.6 শতাংশ ধাৰ্য কৰা হয় ৷ বুধবাৰে অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত আছাম প্ৰাইভেট ছিকিউৰিটি এজেন্সী ৰুল-2023 ৰ ক্ষেত্ৰত অনুমোদন জনোৱা হয় ৷ ইয়াৰ দ্বাৰা প্ৰাইভেট ছিকিউৰিটি এজেন্সী সমূহ সম্পূৰ্ণৰূপে পৰ্যবেক্ষণত থাকিব ৷

লগতে পঢ়ক : NHPC Big Dam : ক্ষমতালৈ আহিলে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বিষয়টো পুনৰীক্ষণ কৰাৰ প্ৰতিশ্ৰুতি বিৰোধী ঐক্য মঞ্চৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.