গুৱাহাটী,৩ মে: দেশৰ নৱমগৰাকী জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ স্থান দখল কৰিছে সৰ্বানন্দ সোণোৱালে । আগশাৰীৰ ৰাজনৈতিক সমীক্ষক গোষ্ঠী IANS-C Voter এ দেশজুৰি চলোৱা এক সমীক্ষাত এই স্থান লাভ কৰিছে সোণোৱালে । সমীক্ষাটোত সোণোৱালে লাভ কৰে ৬৭.১৭ শতাংশ সমৰ্থন । ইয়াৰে ৫৩.৭৮ শতাংশই সোণোৱালৰ চাৰিবছৰীয়া শাসনকালত সম্পূৰ্ণৰূপে সন্তুষ্টি প্ৰকাশ কৰাৰ বিপৰীতে ২৪.৬৩ শতাংশই এটা পৰ্যায়লৈকে সন্তুষ্টি প্ৰকাশ কৰে । ১১.২৪ শতাংশই অৱশ্যে তেওঁৰ কামকাজত মুঠেও সন্তুষ্ট নহয় বুলি ব্যক্ত কৰে ।
আনহাতে, এই সমীক্ষাত ৮২.৯৬ শতাংশ সমৰ্থন লাভেৰে আটাইতকৈ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিচাপে তালিকাৰ শীৰ্ষত আছে ওডিচাৰ নবীন পাটনায়ক । দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে ছত্তিছগড় আৰু কেৰালাৰ মুখ্যমন্ত্ৰীদ্বয় । তালিকাৰ একেবাৰে তলত স্থান পাইছে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰলাল খাট্টাৰে । তেওঁ লাভ কৰা সমৰ্থনৰ হাৰ ৪.৪৭ শতাংশ ।
তালিকাৰ তলৰ ফালৰ পৰা খট্টাৰতকৈ সামান্য ওপৰত আছে উত্তৰাখণ্ড ( ১৭.৭২ শতাংশ ) আৰু পাঞ্জাৱৰ ( ২৭.৫১ শতাংশ ) মুখ্যমন্ত্ৰীদ্বয় ।
লগতে চাওকঃ বিশ্বনাথ জিলাত ৩৫ জনলৈ কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যা