গুৱাহাটী,২৩ জুন: সাধু-সন্তৰ সমাগমেৰে মহামিলনৰস্থলীলৈ পৰিণত হৈছে নীলাচল । নীলাচল পাহাৰত থকা শক্তিপীঠ কামাখ্যা ধামত অম্বুবাচীৰ মহাযোগৰ প্ৰবৃত্তি হোৱাৰ পিছতে সমাগম ঘটিছে জুনা আখৰা, কিন্নৰ আখৰা সমাজ, নাগা সাধু সমাজৰ সাধু সন্ন্যাসীৰ । অম্বুবাচীৰ মহাযোগৰ প্ৰবৃত্তি হোৱাৰ সময়চোৱাত অতীজৰে পৰা কামাখ্যা ধামত সাধু-সন্ন্যাসীৰ সমাগম হোৱা পৰিলক্ষিত হয় ।
ধৰ্মীয় বিশ্বাস অনুসৰি অম্বুবাচীৰ মহাযোগৰ প্ৰবৃত্তি হোৱাৰ সময়চোৱাত কামাখ্যা ধামত সাধনা কৰিলে শক্তি লাভ কৰা যায় । সেই উদ্দেশ্যৰে অসমৰ বিভিন্ন ঠাইৰ লগতে বহিঃৰাজ্যৰ বিভিন্ন সাধু-সন্ন্যাসী আহি নীলাচল পাহাৰত অম্বুবাচীৰ মহাযোগৰ প্ৰবৃত্তি হোৱাৰ সময়ছোৱাত শক্তি লাভৰ বাবে সাধনাত ব্ৰতী হয় । এই বৰ্ষত কিন্নৰ সমাজৰ পৰা ৩০০ গৰাকী সাধু-সন্ন্যাসী আহিছে বুলি কিন্নৰ সমাজৰ মহামঙ্গেলশ্বৰে জানিবলৈ দিয়ে ।
লগতে তেওঁ কয় যে অম্বুবাচীৰ মহায়োগৰ সময়ত প্ৰতিদিনে তেওঁলোকে ধৰ্মীয় সভা হয় । প্ৰতিনিশা ৮ বজাত মন্দিৰ চৌপাশে প্ৰদক্ষিণ কৰে । উল্লেখ্য যে অম্বুবাচীৰ মহাযোগৰ প্ৰবৃত্তি হোৱাৰ সময়চোৱাত সমাগম হোৱা কামাখ্যা ধামত জুনা আখৰা, কিন্নৰ আখৰা সমাজ, নাগা সাধু সমাজৰ সাধু সন্ন্যাসীসকলক কামাখ্যা মন্দিৰ পৰিচালনা সমিতিয়ে মন্দিৰ চৌহদত থকা আৰু খোৱাৰ ব্যৱস্থা কৰিছে । ইপিনে বাহিৰৰ পৰা অহা ভক্তসকলক থকাৰ বাবে চৰকাৰে পাণ্ডু ঘাটত অস্থায়ী শিৱিৰৰ ব্যৱস্থা কৰিছে ।
উল্লেখ্য যে, মহাঅম্বুবাচী প্ৰবৃত্তিৰ বাবে ২৩, ২৪ আৰু ২৫ জুনত দেৱালয়ৰ দুৱাৰ বন্ধ থাকিব । ২৬ জুনত পুৱাই দেৱী স্নান তথা নিত্য পূজা সমাপনৰ পাছত মন্দিৰৰ দুৱাৰ তীৰ্থযাত্ৰীৰ বাবে মুকলি কৰা হ'ব । আইন-শৃংখলা তথা তীর্থযাত্ৰীৰ সুৰক্ষাৰ ব্যৱস্থাৰ বাবে দেৱালয়ে নিজাকৈ ১২০ জন স্থায়ী সুৰক্ষা কৰ্মী, ৫০০ জন স্কাউট-গাইড, ৪০০ জন স্বেচ্ছাসেৱক, ১০০ জন অস্থায়ী সুৰক্ষা কৰ্মী নিয়োগ কৰিছে । ইয়াৰ উপৰিও দেৱালয়ৰ চৌপাশে ৪০০ চি.চি.টি.ভি. কেমেৰা স্থাপন কৰা হৈছে ।
লগতে পঢ়ক: Constituency delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণে খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত নকৰে; পলাশ চাংমাই