ETV Bharat / state

চিনেমাৰ কায়দাৰে মহানগৰীত ডকাইতি কাণ্ড ; দিন দুপৰতে লুটি নিলে 40 লাখ টকা - ফেডাৰেল বেংক

মহানগৰীত চাঞ্চল্যকৰ ডকাইতি কাণ্ড ৷ বেংকত জমা কৰিবলৈ নিয়া 40 লাখ টকা দিন দুপৰতে লুটি নিলে মটৰ চাইকেলেৰে অহা দুৰ্বৃত্তৰ দলে ৷

robbery Guwahati
author img

By

Published : Aug 27, 2019, 5:41 PM IST

Updated : Aug 27, 2019, 7:12 PM IST

গুৱাহাটী, 27 আগষ্টঃ মঙলবাৰে মহানগৰীত সংঘটিত হয় চাঞ্চল্যকৰ ডকাইতি কাণ্ড ৷ ফাঁচীবজাৰৰ ফেডাৰেল বেংকৰ সন্মুখৰ পৰা ডকাইতে লুটি নিয়ে 40 লাখ টকা ৷ প্ৰাপ্ত তথ্য অনুসৰি, গুৱাহাটীৰ শিলপুখুৰীস্থিত ফেডাৰেল বেংকৰ পৰা ৰিজাৰ্ভ বেংকত ধন জমা কৰিবলৈ AS-01DC-0855 নম্বৰৰ মাৰুতি গাড়ীখনৰ চালকক বেংকৰ কৰ্মচাৰীয়ে দি গৈছিল টকাৰ বেগটো ৷ ঠিক তেতিয়াই পালচাৰ বাইকেৰে অহা অচিনাক্ত দুৰ্বৃত্তই মাৰুতি খনৰ চালকৰ পৰা টকাৰ বেগটো কাঢ়ি তৎক্ষণাত ঘটনাস্থলীৰ পৰা অন্তৰ্ধান হয় ৷ ঘটনা সন্দৰ্ভত মহানগৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে কোনো দুৰ্বৃত্তক চিনাক্ত কৰাবলৈ সক্ষম হোৱা নাই ৷

চিনেমাৰ কায়ডাৰে মহানগৰীত ডকাইতি কাণ্ড ; দিন দুপৰতে লুটি নিলে 40 লাখ টকা

আনহাতে দিন দুপৰতে সংঘটিত এই ডকাইতি কাণ্ডক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে ৷ আৰক্ষী আয়ুক্ত গৰাকীয়ে জানিবলৈ দিয়া মতে, মাৰুতি গাড়ীখনত সৰ্বমুঠ এক কোটি 20 লাখ টকা আছিল আৰু ইয়াৰে ৪০ লাখ টকাৰ বেগটো এজেঞ্চিটোৰ গাড়ী চালকৰ হাতত আছিল ৷ এনে প্ৰেক্ষাপটত নিৰাপত্তাৰক্ষী নথকা গাড়ী খনৰ চালকৰ হাতত বৃহৎ পৰিমাণৰ ধন কিয় দিছিল বুলিও প্ৰশ্ন উত্থাপন কৰিছে আৰক্ষী আয়ুক্ত গৰাকীয়ে ৷

চকুৰ সন্মুখতে বেংকত জমা কৰিবলৈ নিয়া 40 লাখ টকা লুটিলে ডকাইতে

Intro:মংগলবাৰে মহানগৰীত সংঘটিত হয় এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড। ফাঁচীবজাৰৰ ফেডাৰেল বেংকৰ সন্মুখৰ পৰা ডকাইতে লুটি নিয়ে ৪০ লাখকৈ টকা। পালচাৰ বাইকত অহা দুৰ্বৃত্তই লৈ যায় ধনখিনি। শিলপুখুৰীস্থিত ফেডাৰেল বেংকৰ পৰা ৰিজাৰ্ভ বেংকত জমা কৰাৰ উদ্দেশ্যে এইখন AS01 DC 0855 নম্বৰৰ মাৰুতিত লৈ গৈছিল ৪০ লাখকৈ টকা।

Body:ফেডাৰেল বেংকৰ ফাঁচীবজাৰ শাখাৰ পৰা ধন সংগ্ৰহ কৰিব যোৱা সময়ত মাৰুতিখনৰ চালকক বেংকৰ কৰ্মচাৰীয়ে দি গৈছিল টকাৰ বেগটো। তেনেতে বাইকেৰে অহা দুৰ্বৃত্তই চালকৰ পৰা কাঢ়ি লৈ যায় বেগটো। এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। ইফালে এই ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি মহানগৰ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া। আৰক্ষীৰ তদন্তৰ পিছতেই পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত ৰহস্য।

Conclusion:HIRUL HAQUE I GUWAHATI
Last Updated : Aug 27, 2019, 7:12 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.