ETV Bharat / state

ৰাজ্যত পুনৰ সলনি চৰকাৰী কৰ্মচাৰীৰ কামৰ সময়সীমা - ৰাজ্যিক কৰ্মচাৰী

ৰাজ্যত চৰকাৰী কৰ্মচাৰীৰ কামৰ সময়সীমাৰ পৰিৱৰ্তন ৷ দুটা ভাগত বিভক্ত হৈ ৰাজ্যিক কৰ্মচাৰীসকলে কাৰ্যালয়লৈ আহিব লাগিব ৷ ৰাজপত্ৰিত বিষয়াসকলৰ 100 শতাংশই ৰাতিপুৱা 9.30 বজাৰ পৰা কাৰ্যালয়ত থাকিব লাগিব যদিও তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ 50 শতাংশ ৰাতিপুৱা আৰু বাকী 50 শতাংশই দিনত আহি কাম কৰিব লাগিব ৷

ৰাজ্যত পুনৰ সলনি চৰকাৰী কৰ্মচাৰীৰ কামৰ সময়সীমা

author img

By

Published : May 20, 2020, 9:22 AM IST

Updated : May 20, 2020, 10:56 AM IST

গুৱাহাটী, 20 মে’: ৰাজ্যত পুনৰ সলনি কৰা হৈছে চৰকাৰী কৰ্মচাৰীৰ কামৰ সময়সীমা । ইতিমধ্যে 100 শতাংশ কৰ্মচাৰীৰে কাৰ্যালয়ৰ কাম-কাজ চলাবলৈ সিদ্ধান্ত লোৱা হৈছিল যদিও শেহতীয়াকৈ এই সিদ্ধান্তৰ কিছু সালসলনি ঘটোৱা হৈছে । সেই অনুসৰি সাধাৰণ প্ৰশাসন বিভাগে জাৰি কৰিছে নতুন নিৰ্দেশনা ।

নতুন সময়সীমা অনুসৰি, ৰাজ্যিক কৰ্মচাৰীসকলে দুটা ভাগত বিভক্ত হৈ কাৰ্যালয়লৈ আহিব লাগিব । অৱশ্যে ৰাজপত্ৰিত বিষয়াসকলৰ 100 শতাংশই ৰাতিপুৱা 9.30 বজাৰ পৰা কাৰ্যালয়ত থাকিব লাগিব । তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ 50 শতাংশ ৰাতিপুৱা 9.30 বজাত কাৰ্যালয়লৈ আহি 3.30 বজালৈ থাকিব লাগিব । বাকী 50 শতাংশই দিনৰ 11.30 বজাত কাৰ্যালয়লৈ আহি বিয়লি 5.30 বজালৈ কাৰ্যালয়ত থাকিব লাগিব । কোভিড-19ৰ সজাগতাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰ প্ৰশাসনে গ্ৰহণ কৰিছে এই ব্যৱস্থা ।

লগতে পঢ়ক: কোভিড-১৯ৰ পৰিপেক্ষিতত শ্ৰম আইনৰ সৰলীকৰণ

Last Updated : May 20, 2020, 10:56 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.