ETV Bharat / state

Invention of IIT Guwahati:পানীৰ মিশ্ৰণৰ পৰা জৈৱ ইন্ধন পৃথক কৰা পদ্ধতি উদ্ভাৱন গুৱাহাটী আই আই টিৰ

author img

By ETV Bharat Assamese Team

Published : Sep 26, 2023, 7:27 PM IST

গুৱাহাটী আই আই টিৰ ৰাসায়নিক অভিযান্ত্ৰিক বিভাগৰ অধ্যাপক বৈভৱ ভি গৌড় আৰু তেওঁৰ গৱেষণা ছাত্ৰী সুতপা দাসৰ সাফল্য় । চিলিকা নেনোপার্টিকলছ ৰাসায়নিক প্ৰলেপযুক্ত কপাহী কাপোৰেৰে প্ৰস্তুত কৰা পদ্ধতি উদ্ভাৱন ।

Department of Chemical Engineering IIT Guwahati
গুৱাহাটী আই আই টিৰ ৰাসায়নিক অভিযান্ত্ৰিক বিভাগ

গুৱাহাটী, ২৬ ছেপ্টেম্বৰ : ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটী চমুকৈ আইআইটি গুৱাহাটীৰ গৱেষকসকলে চিলিকা নেনোপার্টিকলছ (Silica Nanoparticles) ৰাসায়নিক প্ৰলেপযুক্ত কপাহী কাপোৰেৰে প্ৰস্তুত কৰা এক পদ্ধতি উদ্ভাৱন কৰিছে । এই পদ্ধতিটো উদ্ভাৱনৰ নেতৃত্ব লৈছে গুৱাহাটী আই আই টিৰ ৰাসায়নিক অভিযান্ত্ৰিক বিভাগৰ অধ্যাপক বৈভৱ ভি গৌড় আৰু তেওঁৰ গৱেষণা ছাত্ৰী সুতপা দাসে । এই পদ্ধতিৰে জৈৱ ইন্ধন-পানীৰ মিশ্ৰণৰ পৰা জৈৱ ইন্ধন পৃথক কৰিব পাৰে । এই গৱেষণাৰ লক্ষ্য হৈছে সামুদ্ৰিক জৈৱ ইন্ধন প্ৰদূষণ হ্ৰাস কৰি বৃহৎ পৰিমাণৰ কৃষি আৱৰ্জনাক বহনক্ষম মূল্য সংযোজন সামগ্ৰীলৈ ৰূপান্তৰিত কৰা । উক্ত চিলিকা নেনোপার্টিকলছ কণাবোৰ ধানৰ বাকলি, কৃষিজাত আৱৰ্জনা, প্ৰাথমিক উৎস সামগ্ৰী হিচাপে ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হৈছে ।

এই অধ্যয়নে জলীয়/অ-জলীয় মিশ্ৰণৰ পৰা তেল/পানীৰ মিশ্ৰণ বা ক্ষতিকাৰক উপাদানসমূহক পৃথক কৰাৰ বাবে মিতব্যয়ী, বহনক্ষম মঞ্চৰ বিকাশত সহায় কৰিব । আই আই টি গুৱাহাটীৰ ৰাসায়নিক অভিযান্ত্ৰিক বিভাগৰ অধ্যাপক বৈভৱ ভি গৌড়ে কয় যে ঔদ্যোগিক নিষ্কাষণ বা দুৰ্ঘটনাৰ ফলত‌ জৈৱ ইন্ধন পৰি যোৱাৰ ফলত পৰিৱেশ তন্ত্ৰৰ অপৰিৱৰ্তনীয় ক্ষতি হয় । ইয়াৰ পৰম্পৰাগত পৰিষ্কাৰ কৰা কৌশল অতি ব্যয়বহুল আৰু অতিৰিক্ত প্ৰদূষণৰ সৃষ্টি কৰে । বিশ্বৰ গৱেষকসকলে জৈৱ ইন্ধন আৰু পানীৰ মিশ্ৰণক পৃথক কৰিবলৈ বিভিন্ন সামগ্ৰী উদ্ভাৱন কৰিবলৈ চেষ্টা কৰি আহিছে ।

এই পৰিৱেশ-অনুকূল পদ্ধতিটোৰ বিষয়ে ব্যাখ্যা কৰি আই আই টি গুৱাহাটীৰ ৰাসায়নিক অভিযান্ত্ৰিক বিভাগৰ অধ্যাপক বৈভৱ ভি গৌড়ে কয়, "আমাৰ প্ৰযুক্তিয়ে পৰিৱেশৰ ওপৰত একাধিক উপকাৰী প্ৰভাৱ পেলায় । ধানৰ বাকলি হৈছে এক কৃষি উপজাত সামগ্ৰী । কৃষি উপজাত সামগ্ৰীয়ে প্ৰতি বছৰে লাখ লাখ টনত চিলিকা নেনোপার্টিকলছ উৎপন্ন কৰে । ইয়াক সাধাৰণতে অবৈজ্ঞানিকভাৱে জ্বলাই দিয়া হয় যাৰ ফলত বায়ু প্ৰদূষণ হয় । আমাৰ কৌশলৰ জৰিয়তে এই আৱৰ্জনাক বিজ্ঞানসন্মত গৱেষণাৰ ক্ষেত্ৰত প্ৰয়োগ কৰা‌ হৈছে । "

তেওঁ উদ্ভাৱনৰ বিষয়ে বৰ্ণনা কৰি কয় যে কৃষি-আৱৰ্জনা, ধানৰ বাকলি বিজ্ঞানসম্মতভাৱে গৰম কৰি চিলিকা নেনোপার্টিকলছ হিচাপে ৰূপান্তৰিত কৰা হয় । নেন কণাবোৰক পানী-প্ৰতিৰোধী কৰিবলৈ,সেইবোৰক চিলেন্স নামৰ বিশেষ ৰাসায়নিক পদাৰ্থৰ দ্বাৰা বিকশিত কৰা হয় । অৱশেষত বিকশিত কৰা নেন "কণাবোৰ কপাহৰ পদাৰ্থৰ ওপৰত লেপ দিয়া হয় । যাৰ ফলত জৈৱ ইন্ধন-পানীৰ মিশ্ৰণ পৃথক কৰাৰ বাবে এক প্ৰাকৃতিক, ত্ৰিমাত্রিক sorbent সৃষ্টি হয় ।

অধ্যাপক গৌড়ে কয়, "আইআইটি গুৱাহাটীৰ এই পদ্ধতিটো আমাৰ পৰীক্ষাসমূহত প্ৰদৰ্শন কৰা হৈছে।‌ এই পদ্ধতিটোয়ে লেপযুক্ত কপাহী কাপোৰে বিশেষকৈ জৈৱ ইন্ধন শুহি লয় ।‌ এই পৰীক্ষাত ৯৮% সফলতা পোৱা গৈছে ।‌ এয়া আন্তঃৰাষ্ট্ৰীয় জাৰ্ণেল Biomass and Bioenergy ত প্ৰকাশ পাইছে । " গৱেষণা পত্ৰখন অধ্যাপক বৈভৱ ভি গৌড় আৰু সুতপা দাসে প্ৰস্তুত কৰিছে ।

লগতে পঢ়ক:Rape case in Morigaon :ভূৰাগাঁৱত যুৱতীক অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ,মহিলাসহ গ্ৰেপ্তাৰ তিনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.