ETV Bharat / state

গুৱাহাটীত দৰিদ্ৰ লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ সংগঠনৰ - লাচিত সেনা

লক ডাউন আৰু বানাপানীত ক্ষতিগ্ৰস্ত হোৱা লোকক সাহাৰ্য সামগ্ৰী বিতৰণ কৰিলে বহু কেইটা দল-সংগঠনে ৷ গুৱাহাটী মহানগৰীৰ নাৰেংগী,বীৰকুছি,ডিমৰীয়া আদি অঞ্চলত মানৱ অধিকাৰ আয়োগ,সামাজিক ন্যায় সংস্থা আৰু লাচিত সেনাৰ সদস্য সকলে বিতৰণ কৰিলে খাদ্য সামগ্ৰী ৷

RELFE DISTRIBUTE OF FLOOD AFFECTED PEOPLE IN GUWAHATI
গুৱাহাটীত দৰিদ্ৰ লোকক খাদ্য সামগ্ৰী বিতৰণ সংগঠনৰ
author img

By

Published : Jul 23, 2020, 8:23 PM IST

গুৱাহাটী, 23 জুলাই : এফালে ক'ভিড-19 ৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে ঘোষণা কৰা লক ডাউন আৰু আনফালে ৰাজ্যত সৃষ্টি হোৱা প্ৰলয়ংকৰী বানে বিপদত পেলাইছে ৰাজ্যবাসীক ৷ লক ডাউনৰ বাবে বন্ধ হৈ পৰিছে ৰাজ্য়ৰ সাধাৰণ লোকৰ কৰ্মজীৱন ৷ বহুতো লোকে কৰ্মহীন হৈ দুৰ্বিষহ জীৱন কটাইছে ৷ আনকি,পৰিয়ালৰ ভোৰণ-পোষণৰ দায়িত্ব ল'ব নোৱাৰি আত্মহত্যা কৰাও পৰিলক্ষিত হৈছে ৷

গুৱাহাটীত দৰিদ্ৰ লোকক খাদ্য সামগ্ৰী বিতৰণ সংগঠনৰ

বৃহস্পতিবাৰে লক ডাউন আৰু বানাপানীত ক্ষতিগ্ৰস্ত হোৱা লোকক সাহাৰ্য সামগ্ৰী বিতৰণ কৰিলে বহু কেইটা দল-সংগঠনে ৷ গুৱাহাটী মহানগৰীৰ নাৰেংগী, বীৰকুছি, ডিমৰীয়া আদি অঞ্চলত মানৱ অধিকাৰ আয়োগ,সামাজিক ন্যায় সংস্থা আৰু লাচিত সেনাৰ সদস্য সকলে বিতৰণ কৰিলে খাদ্য সামগ্ৰী ৷ সংগঠন কেইটাই প্ৰয়োজনীয় সকলো সামগ্ৰী পৰিয়ালক সমূহক যোগান ধৰা পৰিলক্ষিত হৈছে ৷

উল্লেখ্য যে,অসম 77 টা ৰাজহ চক্ৰৰ বিপৰীতে বানত বুৰ গৈছে 2,548 খন গাঁও ৷ ৰাজ্যত বানৰ দ্বাৰা ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা বৃদ্ধি হৈছে 26,69,967 গৰাকীলৈ ৷ লগতে 5,46,643.86 হেক্টৰ কৃষিভূমি সম্পূৰ্ণৰূপে বিনষ্ট হৈছে বানত ৷ ৰাজ্যত বন্যাৰ্তৰ সুবিধাৰ্থে স্থাপন কৰা 280 টা সাহায্য শিবিৰত আশ্ৰয় গ্ৰহণ কৰিছে 45,186 গৰাকী বানাক্ৰান্তই ৷ আনহাতে,ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ তথ্য অনুসৰি বৃহস্পতিবাৰে পুৱাৰ ভাগলৈকে ৰাজ্যৰ ২৫ খন জিলাৰ ৭৭ টা ৰাজহ চক্ৰৰ ২,৫৪৮ খন গাঁও বাঢ়নী পানীৰ তলত ডুব গৈ আছে। বান প্ৰভাৱিত কৰা লোক সকলৰ ভিতৰত লক্ষাধিক লোকে ২৮০ টাকৈ চৰকাৰী আশ্ৰয় শিবিৰত আশ্ৰয় লোৱাৰ পৰিবৰ্তে বহু লোকে পথৰ কাষত আৰু মাথাউৰিৰ ওপৰতো আশ্ৰয় ল'বলৈ বাধ্য হৈছে । ইফালে বানৰ কবলত পৰিছে ৰাজ্যৰ ১,১৫,৫১৫.২৫ হেক্টৰ কৃষি ভূমি। যোৱা ২৪ ঘণ্টাত বঙাইগাঁও আৰু কোকৰাঝাৰ জিলাত দুগৰাকী লোকৰ বানৰ ফলত মৃত্যু হোৱাত ৰাজ্যত মৃতকৰ সংখ্যা হৈছে 89 গৰাকী ৷

লগতে পঢ়ক : ভূৰাগাঁৱৰ বানাক্ৰান্তৰ মাজত কংগ্ৰেছৰ সঁজাতি দল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.