ETV Bharat / state

বাংলাদেশী খেদাৰ সকলো প্ৰতিশ্ৰুতি ভুৱা : জগদীশ ভূঞা

author img

By

Published : Feb 22, 2021, 2:32 PM IST

অসম জাতীয় পৰিষদৰ সম্পাদক জগদীশ ভূঞাৰ সংবাদমেল সম্বোধন ৷ সংবাদমেলৰ জৰিয়তে প্ৰধানমন্ত্ৰীক কটাক্ষ ভূঞাৰ ৷

জগদীশ ভূঞাৰ সংবাদমেল সম্বোধন
জগদীশ ভূঞাৰ সংবাদমেল সম্বোধন

গুৱাহাটী,22 ফেব্ৰুৱাৰী : প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ অসম জাতীয় পৰিষদৰ ৷ এমাহৰ ভিতৰত তিনিবাৰকৈ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণে ৰাজ্যত যে বিজেপিৰ স্থিতি থৰক-বৰক তাৰ সূচনা কৰিছে ৷ প্ৰধানমন্ত্ৰী মোডীৰ ধেমাজি ভ্ৰমণৰ পিছতে এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদে ৷ প্ৰধানমন্ত্ৰীক ২০১৪ আৰু ’১৬ ৰ প্ৰতিশ্ৰুতিসমূহ প্ৰথমে পূৰণ কৰিবলৈ আহ্বান জনাইছে এজেপিৰ নেতাসকলে ৷ সোমবাৰে অসম জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয়ত আয়োজন কৰা এক সংবাদমেলত অংশ লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণক লৈ এইদৰেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে দলটোৰ সম্পাদক জগদীশ ভূঞাই ৷

জগদীশ ভূঞাৰ সংবাদমেল সম্বোধন

সংবাদমেলৰ জৰিয়তে প্ৰধানমন্ত্ৰীক কটাক্ষ ভূঞাৰ-“মোডীৰ ভ্ৰমণৰ সময়ছোৱাত নতুন নতুন প্ৰতিশ্ৰুতি প্ৰদান কৰাটো অভ্যাসত পৰিণত হৈছে ৷ পূৰ্বৰ প্ৰতিশ্ৰুতিবোৰ পূৰণ নকৰাকৈ নতুন প্ৰতিশ্ৰুতিবোৰৰ মূল্য নাই ৷ ২০১৪ বৰ্ষৰ ১৬ মে’ ৰ পিছত বাংলাদেশী খেদাৰ সকলো প্ৰতিশ্ৰুতি ভুৱা হিচাপে বৰ্তমান পৰিগণিত হৈছে ৷ মোডীয়ে অসম চুক্তিৰ ৫ আৰু ৬ নং দফা কাৰ্যকৰী কৰিবলৈ কোনো দায়িত্ব নল’লে ৷

৬ নং দফাৰ আধাৰত প্ৰস্তুত কৰা প্ৰতিবেদন কাৰ্যকৰী কৰিবলৈ কোনো সাংবিধানিক ব্যৱস্থা গ্ৰহণ নকৰে প্ৰধানমন্ত্ৰীয়ে ৷ বৰ্তমানৰ চৰকাৰখনে প্ৰায় ৪৬ হাজাৰ কোটি টকা ঋণ লৈ চলাই গৈছে ৰাজ্য ৷ কিন্তু পূৰ্বৰ চৰকাৰখনে ঋণ লৈছিল ৩৬ হাজাৰ কোটি টকা"৷ সোমবাৰৰ সংবাদমেলত এইদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে ৰাজ্যৰ বিজেপি চৰকাৰক কঠোৰ সমালোচনাৰে থকা সৰকা কৰে জগদীশ ভূঞাই ৷

লগতে চাওকঃ ভাৰত-চীনৰ দ্বি-পাক্ষিক বৈঠক সম্পন্ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.