ETV Bharat / state

ৰে'ল ব্যক্তিগতকৰণৰ বিৰুদ্ধে মালিগাঁৱত ৰে'ল কৰ্মচাৰীৰ প্ৰতিবাদ

author img

By

Published : Sep 9, 2020, 10:07 AM IST

মঙলবাৰে মালিগাঁওস্থিত উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে পূৰ্বোত্তৰ সীমান্ত ৰে'লৱে কৰ্মচাৰী সংঘৰ লগতে কেইবাটাও ৰে'ল কৰ্মচাৰী সংগঠনে ৷ ৰে'ল ব্যক্তিগতকৰণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে ৰে'ল কৰ্মচাৰী সকলে ৷

ৰে'ল কৰ্মচাৰীৰ প্ৰতিবাদ
ৰে'ল কৰ্মচাৰীৰ প্ৰতিবাদ

গুৱাহাটী, 9 ছেপ্তেম্বৰ: মঙলবাৰে আছিল ১৫১ খন ৰে'ল ব্যক্তিগতকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে জনোৱা নিবিদা প্ৰক্ৰিয়াৰ অন্তিমটো দিন ৷ যাৰ বিৰোধিতাৰে মঙলবাৰৰ দিনটোত চৰকাৰৰ বিৰুদ্ধে সৰৱ হ'ল ৰে'ল কৰ্মচাৰীসকল ৷ পূৰ্বোত্তৰ সীমান্ত ৰে'লৱে কৰ্মচাৰী সংঘৰ নেতৃত্বত মঙলবাৰে কেইবাটাও ৰে'ল কৰ্মচাৰী সংগঠনে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ৷

ৰে'ল ব্যক্তিগতকৰণৰ বিৰুদ্ধে মালিগাঁৱত ৰে'ল কৰ্মচাৰীৰ প্ৰতিবাদ

চৰকাৰৰ এন সিন্ধান্তক সৰ্বনাশী সিদ্ধান্ত আখ্যা দি, এই সিদ্ধান্তৰ পৰা ৰে'ল কৰ্মচাৰী-মজদুৰ কোনো লোকৰে উপকাৰ হোৱা নাই বুলি অভিযোগ কৰে প্ৰতিবাদকাৰী সকলে ৷ যদিহে চৰকাৰে এনে সিদ্ধান্ত বাতিল নকৰে তেন্তে আগন্তুক দিনত ভাৰতবৰ্ষৰ সকলো ৰে'ল সংস্থাই মিলি তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি সকীয়নি প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে ৷ যদি চৰকাৰে তেওঁলোকৰ সকীয়নিক আওকাণ কৰে তেন্তে তাৰ পৰিণাম ভোগ কৰিবলৈ চৰকাৰক সাজু হৈ থাকিবলৈয়ো আহ্বান জনায় ক্ষুব্ধ প্ৰতিবাদকাৰীসকলে ৷ মঙলবাৰে ৰে'ল কৰ্মচাৰী সকলৰ প্ৰতিবাদী ধ্বনিয়ে উত্তাল কৰিলে মালিগাঁৱৰ ৰাজপথ ৷

লগতে পঢ়ক: বড়ো কছাৰী কল্যাণকামী স্বায়ত্ব শাসিত পৰিষদ সন্দৰ্ভত মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.