ETV Bharat / state

কিয় ধ্বংসস্তুপত পৰিণত হ'ল ডিমা হাচাওত ৰেলৱেৰ অভিলাসী প্ৰকল্প ? - Rail project at Dima Hasao become a wreck

তাহানিৰ পূৱ পাকিস্তানৰ চিতাগং বন্দৰৰ সৈতে বানিজ্যিক সম্পৰ্ক স্থাপনৰ বাবে বৃটিছ শাসকে উত্তৰ কাছাৰৰ বৰাইল পৰ্বতমালাৰ বুকু ভেদি নিৰ্মাণ কৰিছিল আছাম-বেংগল ৰেল লাইন (Assam Bengal railway) ।‌‌ কিন্তু ভাৰতীয় ৰেল প্ৰশাসনে নিৰ্মাণ কৰা লাইন সাত বছৰো নিটিকিল কিয় ?

haflong-rail-history-faulty-construction
কিয় ধ্বংসস্তুপত পৰিণত হ'ল ডিমা হাচাওত ৰেলৱেৰ অভিলাসী প্ৰকল্প ?
author img

By

Published : May 18, 2022, 6:18 PM IST

গুৱাহাটী ১৮ মে': তাহানিৰ পূৱ পাকিস্তানৰ চিতাগং বন্দৰৰ সৈতে বানিজ্যিক সম্পৰ্ক স্থাপনৰ বাবে বৃটিছ শাসকে উত্তৰ কাছাৰৰ বৰাইল পৰ্বতমালাৰ বুকু ভেদি নিৰ্মাণ কৰি‌ উলিয়াইছিল এক দীঘলীয়া ৰেল লাইন । এই বৃহৎ নিৰ্মানৰ কাম বৃটিছ প্ৰশাসনে সমাপন কৰিছিল উনৈশ শতিকাৰ শেষৰটো দশকত । ভাৰতীয় ৰেলৰ ইতিহাস চালে দেখা যায় যে বৃটিছৰ নিৰ্ভৰযোগ্য নিৰ্মাণ শৈলীয়ে এই উপ-মহাদেশখনৰ প্ৰতিটো প্ৰান্ত যিদৰে আজিৰে পৰা বহু বছৰৰ আগতেই সংযোজিত কৰিছিল, তাৰ তুলনাত দেশীয় চৰকাৰে তাৰ পয়সত্তৰ বছৰীয়া‌ ইতিহাসত একোৱেই কৰিব পৰা‌ নাই ।

বৰং বৰ্তমানৰ ডিমা হাচাও জিলাত নিশাটোৰ ভিতৰতে ছেদেলি-ভেদেলি হৈ যোৱা ৰে'ল আন্তঃগাঠনিয়ে এই‌ কথাকে প্ৰতিপন্ন কৰিছে (Rail project at Dima Hasao become a wreck) । এতিয়াৰ বাংলাদেশৰ চিতাগং বন্দৰক সংযোজিত কৰাৰ বাবে বৃটিছ শাসকে ১৮৯২ চনত আৰম্ভ কৰিছিল আছাম-বেংগল‌ ৰেলৱে প্ৰকল্প । 221 কিলোমিটাৰ দৈৰ্ঘৰ এই ৰেলপথ আছিল মিটাৰগ'জ । এই ৰেলপথত আছিল তিনি কিলোমিটাৰ দৈৰ্ঘৰ দুটাকৈ সুৰংগ পথকে ধৰি মুঠ ৩৭ টা সৰু-বৰ সুৰংগ পথ ।

এই সুৰংগসমূহৰ নিৰ্মাণ কৌশল ইমানেই উচ্চমানৰ আছিল যে আজিও সেই সুৰংগসমুহ নজহা নপমা হৈয়েই আছে । উল্লেখযোগ্য যে এই ৰেলপথ নিৰ্মাণৰ যোগেদি বৃটিছ শাসকে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ খনিজাত আৰু বনজ সম্পদ চিতাগং বন্দৰলৈ নিয়াৰ দিহা কৰিছিল । কিন্তু বৰাক উপত্যকা আৰু বাংলাদেশৰ লগত ৰেল যোগাযোগ অধিক তৰান্বিত কৰাৰ বাবে ভাৰত চৰকাৰৰ ৰেল বিভাগে ১৯৯৬-৯৭ চনত এক ব্ৰডগ'জ ৰেললাইনৰ সম্প্ৰসাৰণৰ কাম হাতত লয় । লামডিঙৰ পৰা বৰাক উপত্যকাৰ শিলচৰ সংযোগী এই প্ৰকল্পৰ প্ৰাৰম্ভিক ব্যয় নিৰ্ধাৰণ কৰা হৈছিল ৬৪৮ কোটি টকা ।

লামডিং-শিলচৰ সংযোগী এই প্ৰকল্পৰ নিউ হাফলং সংযোগী ১০০ কিলোমিটাৰ ৰেল‌পথৰ কাম অতি ক্ষীপ্ৰতাৰে আগবঢ়াই ২০১৪ চনৰ মাৰ্চ মাহত মাল পৰিবাহী ৰেল আৰু ডিচেম্বৰত যাত্ৰী পৰিবাহী ৰেলৰ যাতায়ত আৰম্ভ কৰা হৈছিল । উল্লেখযোগ্য যে নৰেন্দ্ৰ মোদী নেতৃত্বত প্ৰথমখন চৰকাৰৰ আৰম্ভণিতে ৰেল মন্ত্ৰী সুৰেশ প্ৰভুৱে ২০১৫ চনৰ ২১ নবেম্বৰত আনুষ্ঠানিকভাৱে এই ব্ৰডগ'জ ৰেল লাইন ৰাইজৰ বাবে মুকলি কৰি দিয়ে । তেতিয়া ৰেলমন্ত্ৰী গৰাকীয়ে কয় যে শিলচৰৰ পৰা গুৱাহাটী সংযোগী ৩৮০ কিলোমিটাৰ দৈৰ্ঘৰ ৰেললাইনটোৱে ১২ ঘন্টাৰ ভিতৰতে বৰাক উপত্যকাক ব্ৰহ্মপুত্ৰ উপত্যকাৰ লগত সংযোগ কৰিছে ।‌‌‌

দুটা পৰ্যায়ত ৰূপায়িত এই প্ৰকল্পত ভাৰত চৰকাৰে ব্যয় কৰিছে ৬০০০ কোটি টকা । যোৱা তিনিটা দিনত বৰাইল পৰ্বতমালাৰ প্ৰায় প্ৰান্তৰতে হোৱা মষুলধাৰ বৰষুণ আৰু তেনে পৰিস্থিতিত সৃষ্টি হোৱা বান আৰু খহনীয়াই ৰেল বিভাগৰ হেজাৰ কোটিটকীয়া ব্ৰডগ'জ লাইন আৰু ৰেল ষ্টেচনসমূহ মূহুৰ্তৰ ভিতৰতে ধ্বংসস্তুপত পৰিণত কৰিলে । অভিযোগ অনুসৰি, কেৱল এটা বৃহৎ প্ৰকল্প ৰূপায়নৰ তাগিদাতে বৰাইল‌ পৰ্বতমালাৰ পাহাৰ-অৰণ্য কাটি যি বহল ৰেল পথ নিৰ্মাণ কৰা হৈছিল, তাত কিছু সংখ্যক বিশেষজ্ঞই বিপদৰ গোন্ধ পাইছিল । আনকি এই প্ৰকল্পটো ৰেলমন্ত্ৰী সুৰেশ প্ৰভুৱে উদ্ধোধন কৰাৰ সময়তো ৰেল বিভাগৰ ছেফ্টি কমিছনাৰে এই নিৰ্মাণ বিপদসংকুল বুলিয়ে আঙুলিয়াই দিছিল । এই সন্দৰ্ভত বিশিষ্ট প্ৰকল্প অভিযন্তা জে এন খাটনিয়াৰে ই টিভি ভাৰতক জনোৱা মতে লামডিং-শিলচৰ ব্ৰডগ'জ ৰেল‌লাইন নিৰ্মাণৰ আগে আগে ভুমিৰ গুণাগুণ সম্পৰ্কত কোনো পদ্ধতিগত অধ্যয়ন আৰু পৰিবেশৰ ক্ষতিশংকা অধ্যয়ন ( Environment Impact Assessment) হোৱা নাছিল । তদুপৰি, বৃটিছে বনোৱা এটা সুন্দৰ আৰু মজবুত মিটাৰগ'জ লাইন থাকোঁতে প্ৰকৃতি ধংসেৰে নতুন ব্ৰডগ'জ লাইন নিৰ্মাণৰ প্ৰশ্নই উঠিব নালাগিছিল । তেওঁৰ মতে পশ্চিমবংগ, ত্ৰিপুৰা আৰু বাংলাদেশক ৰেল আন্তঃগাঠনিৰে সংযোজিত কৰাৰ তাগিদাত এই বৃহৎ প্ৰকল্প ৰূপায়নৰ সময়ত গুৰুত্বপূৰ্ণ অভিযান্ত্ৰিক দিশ সমুহক এৰাই চলা হৈছিল ।

সেই সময়ত একাংশ সংবাদ মাধ্যমত এই কথা প্ৰকাশিত হৈছিল আৰু বিশেষজ্ঞৰ পৰ্যবেক্ষণৰ আধাৰতে ডিমা হাচাওৰ ভুমিৰ মান ব্ৰডগ'জ ৰেল লাইন বহুওৱাৰ বাবে উপযোগী নহয় বুলি আঙুলিয়াই দিয়া হৈছিল । বিশেষকৈ এই প্ৰকল্পৰ অধীনত নিৰ্মাণ কৰা এঘাৰটা নতুন সুৰংগ নিৰ্মাণৰ স্থানৰ ভুমি অতি ভংগুৰ প্ৰকৃতিৰ । গতিকে ই যিকোনো সময়তে বিপদ মাতিব পাৰে । উল্লেখ্য যে এই ধৰনৰ সতৰ্কবাণীৰ পিছতো ৰেল বিভাগে এই ৰেলপথত বিভাগে দ্ৰুতবেগী ৰাজধানী এক্সপ্ৰেছ পৰ্যন্ত চলাই গোটেই বিষয়টোকে অৱজ্ঞা কৰি আহিছিল ।

কিন্তু এতিয়া জিলাখনত অপ্ৰতিৰোধ্য ৰূপত অব্যাহত প্ৰাকৃতিক দুৰ্যোগ প্ৰত্যক্ষ কৰি ভাৰত চৰকাৰে উভটি চাবলৈ বাধ্য হৈছে প্ৰকৃতি ধ্বংস কৰি কৰা নিৰ্মাণৰ ফললৈ । শেহতীয়া প্ৰাকৃতিক দুৰ্যোগত ৰেল বিভাগ কিমান টকাৰ ক্ষতিৰ সন্মুখীন হৈছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই । উত্তৰ-পূব সীমান্ত ৰেলৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া ভবেশ চন্দ্ৰ ডেকাই জনোৱা মতে ৰেল বিভাগ কিমান ক্ষতিৰ সন্মূখীন হৈছে এতিয়াও হিচাব কৰিব পৰা পৰিবেশ হোৱাই নাই । কাৰন বিভাগৰ লাইন বা অন্য সা-সম্পত্তি ধ্বংস হোৱা ঠাইত বিভাগৰ মানুহ গৈ পাব পৰা পৰিবেশ এতিয়াও হোৱা নাই ।

গতিকে, প্ৰকৃত তথ্য জানিবলৈ কেইদিনমান অপেক্ষা কৰিব লাগিব । এই সন্দৰ্ভত উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ নিৰ্মাণ শাখাৰ মন্তব্য জানিব বিচৰা হৈছিল যদিও বিভাগটো মন্তব্য প্ৰদানৰ পৰা বিৰত আছে । প্ৰনিধানযোগ্য যে উনৈশ শতিকাতে বৃটিছে নিৰ্মান কৰা মিটাৰগ'জ ৰেল লাইন আজি পৰিত্যক্ত হ'লেও সেই শতিকা পুৰনি প্ৰকল্পই আজিও জীয়াই ৰাখিছে উৎকৃষ্ট স্থাপত্যৰ নিদৰ্শন । তাৰ বৰ্তমানতে ভাগি থানবান হৈছে ভাৰতীয় ৰেলৰ মাত্ৰ সাত বছৰৰ আগৰ নিৰ্মাণ । অভিযোগ অনুসৰি, এই নিৰ্মানৰ আগতে হবলগীয়া এনভাইৰনমেন্ট ইম্পেক্ট এছেছমেন্ট (ই আই এ) ৰ প্ৰতিবেদনৰ নামতো অতি এৰাধৰা নীতি লোৱা হৈছিল ।

লগতে চাওক: Assam flood updates : বানত আক্ৰান্ত ৰাজ্যৰ চাৰি লক্ষাধিক জনতা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.