ETV Bharat / state

অসমত ৰাষ্ট্ৰসংঘৰ বিশ্ববিদ্যালয়ঃ ভুৱা বাতৰিৰে প্ৰৱঞ্চনা বহুজনক - etv_assam

ৰাষ্ট্ৰসংঘৰ বিশ্ববিদ্যালয়ত চাকৰি দিয়াৰ নামত একাংশ লোকৰ পৰা লাখে লাখে টকা সৰকাইছিল এইগৰাকী লোকে ৷ কিন্তু আজিকোপতি নিৰ্মাণ নহ'ল বিশ্ববিদ্যালয় ৷ অৱশেষত অতিষ্ঠ হৈ ভুক্তভোগীয়ে পত্ৰ প্ৰেৰণ কৰিলে ৰাষ্ট্ৰসংঘলৈ ৷

ৰাষ্ট্ৰসংঘৰ বিশ্ববিদ্যালয় স্থাপনৰ নামত অসমত প্ৰৱঞ্চনাৰ জাল
author img

By

Published : Jul 6, 2019, 4:37 PM IST

Updated : Jul 6, 2019, 4:50 PM IST

গুৱাহাটী,জুলাই 6 : অসমত ৰাষ্ট্ৰসংঘৰ বিশ্ববিদ্যালয় স্থাপনৰ নামত প্ৰৱঞ্চনা । ভুৱা প্ৰচাৰেৰে ধনী হোৱাৰ চক্ৰান্ত ডক্টৰেট ডিগ্ৰীধাৰী প্ৰৱঞ্চকৰ ৷ ডঃ অশ্বিনী শৰ্মা নামৰ এজন ব্যক্তিয়ে 2015 চনৰ পৰাই অসমত ৰাষ্ট্ৰসংঘৰ বিশ্ববিদ্যালয় স্থাপনৰ উৰাবাতৰি প্ৰচাৰ কৰি আহিছিল । কেৱল ইমানেই নহয়, চাকৰি দিয়াৰ নামত একাংশ লোকৰ পৰা লাখে লাখে টকা সৰকাইছে এইগৰাকী লোকে ৷ কিন্তু আজিকোপতি নিৰ্মাণ নহ'ল বিশ্ববিদ্যালয় ৷ অৱশেষত অতিষ্ঠ হৈ ভুক্তভোগীয়ে পত্ৰ প্ৰেৰণ কৰিলে ৰাষ্ট্ৰসংঘলৈ ৷ তাৰ পাচতেই ফাদিল হ'ল সমস্ত তথ্য ৷ ভুক্ত ভুগীৰ পত্ৰৰ উত্তৰত ৰাষ্ট্ৰ সংঘই জনাই যে, অসমত বিশ্ববিদ্যালয় স্থাপনৰ কোনো পৰিকল্পনাই নাই ৰাষ্ট্ৰসংঘৰ ৷

ৰাষ্ট্ৰসংঘৰ বিশ্ববিদ্যালয় স্থাপনৰ নামত অসমত প্ৰৱঞ্চনাৰ জাল

ৰাষ্ট্ৰসংঘৰ পৰা এই তথ্য লাভ কৰাৰ পাচতেই 2018 চনত চন্দ্ৰ কুমাৰ শৰ্মা নামৰ এজন ভুক্তভোগীয়ে ডঃ অশ্বিনী শৰ্মাৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ তুলি এজাহাৰ দাখিল কৰিছিল দিশপুৰ আৰক্ষী থানাত । উক্ত এজাহাৰৰ ভিত্তিত দিশপুৰ থানাত 3863/18 নম্বৰত ৰুজু হৈছিল এটা গোচৰ । কিন্তু আশ্চৰ্যজনকভাৱে বৰ্তমানলৈকে গোচৰটোৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ নকৰিলে দিশপুৰ আৰক্ষীয়ে ৷ আৰক্ষী আয়ুক্তক এই বিষয়ে অৱগত কৰোৱাৰ পাচতো কিন্তু গোচৰটোৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান নকৰিলে আয়ুক্তগৰাকীয়ে ৷ যাৰে বাবে ক্ষোভ প্ৰকাশ কৰিছে অভিযোগকাৰী চন্দ্ৰ কুমাৰ শৰ্মাই । আনহাতে, গোচৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত আৰক্ষী আয়ুক্ত দীপক কুমাৰে ঘটনাৰ তদন্ত চলি থকা বুলি কৈ বিষয়টোৰ পৰা ফালৰি কটাৰ চেষ্টা চলায় ৷ ৰাষ্ট্ৰসংঘৰ নামৰ ভুৱা প্ৰচাৰ চলাই প্ৰৱঞ্চনাৰ ফান্দ পতা এইজন ব্যক্তিৰ বিৰুদ্ধে আৰক্ষীয়ে কিবা ব্যৱস্থা গ্ৰহণ কৰিব নে? নে আইনৰ সুৰুঙাৰে পলাই সাৰিবলৈ সক্ষম হ'ব ডক্টৰেট ডিগ্ৰীধাৰী এইজন প্ৰৱঞ্চক ৷

Intro:অসমত ৰাষ্ট্ৰসংঘৰ বিশ্ববিদ্যালয় স্থাপনৰ নামত প্ৰৱঞ্চনা। ২০১৫ চনৰ পৰায়ে ডঃ অশ্বিনী শৰ্মাৰ এজন ব্যক্তিয়ে অসমত ৰাষ্ট্ৰসংঘৰ বিশ্ববিদ্যালয় স্থাপন হ'ব প্ৰচাৰ চলাই আহিছিল। একাংশ লোকৰ পৰা শৰ্মাই চাকৰি দিয়াৰ নামত সৰকাইছিল লাখে লাখে টকা। কিন্তু কেইবা বছৰ পাৰ হ'ল আজিলৈ বিশ্ববিদ্যালয় নিৰ্মাণ নহ'ল। যাৰ বাবে ৰাষ্ট্ৰসংঘলৈ পত্ৰ প্ৰেৰণ কৰে ভূক্তভোগীয়ে। পত্ৰ উত্তৰত ৰাষ্ট্ৰসংঘই অসমত এনে কোনো ধৰণৰ বিশ্ববিদ্যালয় স্থাপনৰ পৰিকল্পনা হাতত লোৱা হোৱা নাই বুলি স্পষ্ট কৰি দিয়ে। এই ক্ষেত্ৰত ডঃ অশ্বিনী শৰ্মাৰ বিৰুদ্ধে ২০১৮ চনত চন্দ্ৰ কুমাৰ শৰ্মা নামৰ এজন লোকে প্ৰৱঞ্চনাৰ অভিযোগ তুলি এজাহাৰ দাখিল কৰিছিল দিশপুৰ আৰক্ষী থানাত। উক্ত এজাহাৰৰ ভিত্তিত দিশপুৰ থানাত ৩৮৬৩/১৮ নম্বৰত এটা গোচৰ ৰুজু হৈছিল। কিন্তু বৰ্তমানলৈ কোনো ব্যৱস্থায়ে গ্ৰহণ কৰিব নোৱাৰিলে আৰক্ষীয়ে। আৰক্ষী আয়ুক্তক জনোৱাৰ পিছতো কোনো গুৰুত্বয়ে প্ৰদান কৰা নাই। যাৰে বাবে ক্ষোভ প্ৰকাশ কৰে এজাহাৰকাৰী চন্দ্ৰ কুমাৰ শৰ্মা। অতিশীঘ্ৰে আৰক্ষীক বিষয়টোৰ ওপৰত গুৰুত্ব দিবলৈ আহ্বান জনাই। আনহাতে আৰক্ষী আয়ুক্ত দীপক কুমাৰৰে ঘটনাৰ তদন্ত চলি থকা বুলি কৈ বিষয়টোৰ পৰা ফালৰি কাটে। মুঠৰ ওপৰত ৰাষ্ট্ৰসংঘৰ নামৰ ভুৱা প্ৰচাৰ চলোৱা এইজন ব্যক্তিৰ বিৰুদ্ধে কেতিয়া আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে সেয়া সময়তহে লক্ষ্যণীয় হ'ব। Body:Hirul Haque Conclusion:Guwahati
Last Updated : Jul 6, 2019, 4:50 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.