ETV Bharat / state

SI Examination Paper leak: সামাজিক মাধ্যমত বিয়পিছে অসম আৰক্ষীৰ এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত

author img

By

Published : Apr 25, 2022, 5:01 PM IST

ৰাজ্যত পুনৰ সংঘটিত হৈছে প্ৰশ্নকাকত ফাদিলৰ ঘটনা (Assam SI Examination Paper leak) ৷ এইবাৰ অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ প্ৰাৰ্থীৰ বাবে অনুষ্ঠিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ অভিযোগ উত্থাপিত হৈছে ৷ 24 এপ্ৰিলত ছেবাৰ সহযোগত অনুষ্ঠিত উক্ত পৰীক্ষাৰ প্ৰশ্নকাকত সামাজিক মাধ্যমত বিয়পি পৰা পৰিলক্ষিত হৈছে (Assam Police SI exam)৷

Assam SI Examination Paper leak
সামাজিক মাধ্যমত বিয়পিছে অসম আৰক্ষীৰ এছ.আই পৰীক্ষাৰ প্ৰশ্নকাকত

গুৱাহাটী, ২৫ এপ্ৰিল: দেওবাৰে ৰাজ্যত কটকটীয়া নিৰীক্ষণৰ মাজেৰে অনুষ্ঠিত হৈছিল অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ প্ৰায় ৬০০ৰো অধিক পদৰ লিখিত পৰীক্ষা (Assam Police SI exam)। পৰীক্ষাত যাতে কোনো দুৰ্নীতি সংঘটিত নহয় তাৰ বাবে প্ৰতিটো পৰীক্ষা কেন্দ্ৰৰ ভিতৰে-বাহিৰে কটকটীয়া নিৰীক্ষণৰ ব্যৱস্থা গঢ়ি তুলিছিল । অসম আৰক্ষীৰ নিযুক্তি পৰিষদ ব’ৰ্ড চমুকৈ এছএলপিআৰবিয়ে(State level police recruitment board) ছেবাৰ সহায়ত অনুষ্ঠিত কৰিছিল পৰীক্ষা (SI exam by SEBA)।

ৰাজ্যৰ লাখ-লাখ নিবনুৱাই চাকৰি আশাত অৱতীৰ্ণ হয় এই পৰীক্ষাত । পৰীক্ষাত যাতে কোনো বেমেজালিৰ সৃষ্টি নহয় অৰ্থাৎ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ স্বচ্ছ আৰু নিকা হয় তাৰ বাবে প্ৰতিটো পৰীক্ষা কেন্দ্ৰতে তন্ন-তন্নকৈ প্ৰাৰ্থীসকলক পৰীক্ষা কৰা হৈছিল । আনহে নালাগে পৰীক্ষাৰ স্বচ্ছতাৰ স্বাৰ্থত পৰীক্ষাৰ অন্তত প্ৰাৰ্থীৰ পৰা উত্তৰ বহীৰ লগতে প্ৰশ্নকাকতো ঘূৰাই লোৱা হৈছিল ।

ইয়াৰ পাছতো সোমবাৰে প্ৰশ্ন কাকতৰ একাংশ পৃষ্ঠা সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ অভিযোগ উত্থাপিত হৈছে (Assam SI Examination Paper leak) । যিয়েই পৰীক্ষাৰ স্বচ্ছতাৰ ওপৰত প্ৰশ্নৰ অৱতাৰণা কৰিছে ।

পৰীক্ষাত অৱতীৰ্ণ প্ৰাৰ্থীয়ে সামাজিক মাধ্যমত ভাইৰেল হোৱা প্ৰশ্ন কাকত প্ৰত্যক্ষ কৰি হতাশাত ভোগাৰো পৰিলক্ষিত হৈছে । একাংশ প্ৰাৰ্থীয়ে অসম চৰকাৰৰ চাকৰিত কষ্ট কৰি লাভ নাই বুলি সামাজিক মাধ্যমযোগে ক্ষোভ উজৰা পৰিলক্ষিত হৈছে । তাৎপৰ্যপূৰ্ণ কথা যে, খোদ আৰক্ষী বিভাগৰ নিযুক্তিৰ পৰীক্ষাতে যদি এনেধৰণৰ ঘটনা সংঘটিত হয় তেন্তে ৰাজ্য অন্যান্য বিভাগৰ নিযুক্তি পৰীক্ষা কিমান স্বচ্ছ আৰু নিকা হ’ব তাক লৈও প্ৰশ্ন উত্থাপন হৈছে ।

গুৰুত্বপূৰ্ণ কথা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ অনুসৰি সম্পূণ স্বচ্ছ-নিকা পদ্ধতিৰে ৰাজ্যৰ একলাখ নিবনুৱাক চাকৰি দিব বুলি ইতিমধ্যে ঘোষণা কৰিছে । তাৰে অংশ আছিল অসম আৰক্ষীৰ দেওবাৰে অনুষ্ঠিত উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষা । ইফালে সামাজিক মাধ্যমত ফাদিল হোৱা প্ৰশ্ন কাকতৰ উচিত তদন্ত কৰাৰ বাবে পৰীক্ষাৰ্থীয়ে মুখ্যমন্ত্ৰী, আৰক্ষী সঞ্চালক প্ৰধানক সামাজিক মাধ্যমযোগে আহ্বান জনাইছে ।

উল্লেখ্য যে, ২০২০ বর্ষৰ শেষৰ ফালে অনুষ্ঠিত অসম আৰক্ষী উপ-পৰিদৰ্শক পদ নিযুক্তি পৰীক্ষাতো প্ৰশ্নকাকত ফাদিলৰ অভিযোগ উত্থাপিত হৈছিল । পৰৱৰ্তী সময়ত সেই ঘটনাত অভিযুক্ত বহুসংখ্যক লোক বর্তমানো কাৰাবন্দী হৈ আছে ।

লগতে পঢ়ক: GMC Election 2022 : 8,097 গৰাকী ভোটাৰৰ ন’টাত ভোটদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.