গুৱাহাটী, ২ এপ্ৰিল: আজি অসম ভূমিত উপস্থিত হৈ অসমবাসীক সম্বোধন কৰে আপৰ ৰাষ্ট্ৰীয় সমন্বয়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং মানে (AAP leader in Guwahati)৷ দেওবাৰে গুৱাহাটীৰ ভৰলুমুখৰ সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত আপৰ বিশাল জনসভাত ভাষণ প্ৰসংগত পঞ্জাৱৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নাম নোলোৱাকৈ কয় যে, যিখন দেশৰ ৰজা বেপাৰী সেইখন দেশৰ জনতা ভিক্ষাৰী (AAP meeting in Guwahati) ৷ বিদ্যালয়, চিকিৎসালয় স্থাপন কৰা সকল এতিয়া জেলত আছে (Punjab CM Bhagwant Singh Mann) । যিসকল জেলত থাকিব লাগিছিল সেইসকল চৰকাৰৰ সৈতে ৰে’লত আছে ৷ একালত ৰে’লত চাহ বিক্ৰী কৰা জনে আজি ৰে’লৰ ডবা বিক্ৰী কৰিবলৈ লৈছে ৷
তেওঁ লগতে কয় যে, নিৰ্বাচনৰ সময়ত বিজেপি চৰকাৰে জনতাক কিদৰে আভুৱা ভাৰিব এতিয়া তাৰ আখৰা কৰি আছে ৷ বিজেপিৰ ভুৱা প্ৰতিশ্ৰুতি বিশ্বাস নকৰিব ৷ সকলো ৰাজ্যতে সমস্যা আছে (Punjab CM Slams BJP)৷ কিন্ত অসমৰ মূল সমস্যা হ’ল দুৰ্নীতি ৷ পঞ্জাৱৰ দুৰ্নীতিগ্ৰস্তসকল আজি জেলত আছে । আপ চৰকাৰৰ কাৰ্যকালত এবছৰতে পঞ্জাৱত ৮০ শতাংশ লোকৰ ঘৰৰ বিদ্যুত মাচুল শূন্য কৰা হৈছে ৷ ৫০০ তকৈ অধিক মহল্লা ক্লিনিক খোলা হৈছে (CM Bhagwant Singh Mann Slams Assam CM) ৷ ২৮ হাজাৰতকৈ অধিক নিৱনুৱা যুৱক-যুৱতীক চৰকাৰী নিযুক্তি দিয়া হৈছে ৷ দিল্লীত আপ চৰকাৰে চৰকাৰী বিদ্যালয় খুলিছে । কিন্তু অসমত মুখ্যমন্ত্ৰীৰ পত্নীয়ে ব্যক্তিগত বিদ্যালয় খুলিছে (Punjab CM Aattacks CM Wife)৷
পঞ্জাৱৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপি আৰু কংগ্ৰেছ দুয়োটা দলকে সমালোচনা কৰি কয় যে, আগতে ইভিএমত জনতাই দুটা বুটাম টিপিছিল (CM Bhagwant Singh Mann slams BJP and Congress)৷ তেওঁলোকৰ হাতত কোনো বিকল্প নাছিল ৷ কিন্তু এতিয়া বিকল্প আছে ৷ ডাবল ইঞ্জিনৰ চৰকাৰ নহয়, বৰ্তমান জনতাক নতুন ইঞ্জিনৰ চৰকাৰ প্ৰয়োজন ৷ আপৰ চৰকাৰ হোৱাৰ পিচত দিল্লী আৰু পঞ্জাৱৰ সমস্যা যিদৰে সমস্যা সমাধান হৈছে ঠিক তেনেকৈ অসমতো সমস্যা সমাধান হ’ব ৷ আমি কাৰো A বা B টীম নহয় আমি জনতাৰ টীম ৷ আগন্তুক সময়ত অসমত আপৰ চৰকাৰ পাতিবলৈ ৰাইজক আহ্বান জনায় পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং মানে ৷
লগতে পঢ়ক: Kejriwal in Guwahati: হিমন্ত বিশ্ব শৰ্মাক দিল্লীলৈ আমন্ত্ৰণ কেজৰিৱালৰ