গুৱাহাটী, 3 আগষ্ট: ৰাজ্যৰ শৈক্ষিক ক্ষেত্ৰখনত অতিকৈ পিছপৰা জনগোষ্ঠীৰ শিক্ষাৰ্থীসকলে যাতে অনাগত দিনত অন্যান্য জনগোষ্ঠীৰ তুলনাত সমানে আগবাঢ়ি যাব পাৰে, তেনে এক মহৎ উদ্দেশ্য আগত ৰাখিয়েই মহানগৰীত লোকসেৱা আয়োগৰ প্ৰাক পৰীক্ষা প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে (Public Service Commission Pre-Examination coaching) ৷ ৰাজ্য চৰকাৰ আৰু চুতীয়া উন্নয়ন পৰিষদৰ উদ্যোগ আৰু চুতীয়া ছাত্ৰ সন্থাৰ ব্যৱস্থাপনাত আয়োজিত এই প্ৰশিক্ষণ কাৰ্যসূচীত চুতীয়া জনগোষ্ঠীৰ এশগৰাকী ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হ’ব প্ৰশিক্ষণ ৷ প্ৰশিক্ষণ প্ৰদান কৰিব 'এচিভাৰ পইণ্ট’ নামৰ প্ৰতিষ্ঠানটোৱে (IAS Pre-Exam Coaching) ৷
ৰাজ্য চৰকাৰ আৰু চুতীয়া উন্নয়ন পৰিষদৰ যৌথ তত্ত্বাৱধানত তথা চুতীয়া ছাত্ৰ সন্থাৰ ব্যৱস্থাপনাত হ’ব লগা এই প্ৰশিক্ষণ কাৰ্যসূচীৰ মঙলবাৰে মহানগৰীৰ উজানবজাৰস্থিত কুমাৰ ভাস্কৰ নাট্যমন্দিৰত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজেৰে মুকলি কৰা হয় ৷ লোকসেৱা আয়োগৰ প্ৰাক পৰীক্ষা প্ৰশিক্ষণৰ মুকলি অনুষ্ঠানটো উদ্বোধন কৰি অসম আৰক্ষীৰ বিশেষ শাখাৰ পূব মণ্ডলৰ আৰক্ষী অধীক্ষক সৌৰভ শইকীয়াই উপস্থিত শিক্ষার্থীসকলক এই সোনালী সময়ৰ সদ ব্যৱহাৰ কৰিবলৈ প্ৰত্যেককে আহ্বান জনায় ।
কেন্দ্ৰীয় আৰু ৰাজ্যিক লোকসেৱা আয়োগৰ পৰীক্ষাকে ধৰি দেশৰ বিভিন্ন প্ৰতিযোগীতামূলক পৰীক্ষাসমূহত অৱতীৰ্ণ হোৱাত সহায়ক হোৱাকৈ এই ক’চিঙৰ ব্যৱস্থা কৰাৰ কথা উল্লেখ কৰিলে চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি মহেন বৰাই ৷ লগতে চুতীয়া জনগোষ্ঠীটোৰ এশজন নিৰ্বাচিত মেধাৱী শিক্ষার্থীক ‘এচিভাৰ পইণ্ট’ নামৰ প্ৰতিষ্ঠানটোৰ জড়িয়তে প্ৰশিক্ষণ প্ৰদান কৰা হ‘ব বুলি চুতীয়া ছাত্ৰ সন্থাৰ সভাপতিগৰাকীয়ে সদৰী কৰে ।
অনুষ্ঠানত চুতীয়া উন্নয়ন পৰিষদৰ অধ্যক্ষ কুলকমল বৰুৱা, উপাধ্যক্ষদ্বয় প্ৰাঞ্জল ৰাজ খনিকৰ আৰু জ্যোতিপ্ৰসাদ চুতীয়া, এচিভাৰ পইণ্টৰ সঞ্চালক ৰাজদ্বীপ লেখাৰু, চুতীয়া ছাত্ৰ সন্থাৰ সম্পাদক ৰাজু চুতীয়া, উন্নয়ন পৰিষদৰ সদস্য ক্ৰমে ভাস্কৰ শইকীয়া, বিপুল চুতীয়া, ৰজনী চুতীয়াকে ধৰি বহুকেইগৰাকী গণ্যমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰি শিক্ষাৰ্থীসকল শুভেচ্ছা জ্ঞাপন কৰে । উল্লেখ্য যে জনগোষ্ঠীটোৰ এশগৰাকী ছাত্ৰ-ছাত্ৰীৰ থকা-খোৱাকে ধৰি প্ৰশিক্ষণৰ সকলো খৰচ বহন কৰিব চুতীয়া উন্নয়ন পৰিষদে ।
লগতে পঢ়ক: Super 50 coaching: বি টি আৰ প্ৰশাসনৰ উদ্যোগত UPSC ৰ চুপাৰ ৫০ কোচিঙৰ শুভাৰম্ভণি