গুৱাহাটী, ১৪ মাৰ্চ: আৰম্ভ হ'ল অসম বিধানসভাৰ বাজেট অধিবেশন(Assam Assembly budget session) । বাজেট অধিবেশনৰ পহিলা দিনাই দল-সংগঠনৰ তীব্ৰ প্ৰতিবাদ(Protest Against Assam Govt.) । প্ৰতিবাদ মুখৰ গুৱাহাটীকৰ চচলৰ ধৰ্ণাস্থলী । ভিন্ন দাবীৰে ভিন্ন শ্লোগানেৰে প্ৰতিবাদকাৰীয়ে কঁপালে আকাশ-বতাহ ।
স্থায়ী নিযুক্তি আৰু দৰমহা দিয়াৰ দাবীত সদৌ অসম নতুনকৈ প্ৰদেশিকিকৃত মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰদেশিকীকৰণ যোগ্য চতুৰ্থ বৰ্গ কৰ্মচাৰী সন্থাৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । প্ৰতিবাদীকাৰীসকলে বিভিন্ন শ্লোগান দি ধৰ্ণাস্থলী উত্তাল কৰি তোলে । চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সন্থাৰ কৰ্মৰত ২১০৭ জন কৰ্মচাৰীক শীঘ্ৰেই নিযুক্তি দিয়াৰ দাবী জনায় চৰকাৰক ।
২০২১ চনৰ ১ জানুৱাৰীৰ পৰা চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ দৰমহা কাৰ্যকৰী কৰাৰ দাবী জনায় । ধৰ্ণাৰ অন্তত নতুনকৈ প্ৰদেশিকিকৃত মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰদেশিকীকৰণ যোগ্য চতুৰ্থ বৰ্গ কৰ্মচাৰী সন্থাৰ তৰফৰ পৰা দিছপুৰ আৰক্ষী সংমণ্ডলৰ উপ আৰক্ষী আয়ুক্তৰ জৰিয়তে শিক্ষা মন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।
আকৌ স্থায়ী নিযুক্তি আৰু নিয়মীয়া দৰমহাৰ দাবীত সদৌ অসম অতিৰিক্ত প্ৰাক-প্ৰাথমিক (ক-শ্ৰেণী) শিক্ষয়িত্ৰী সন্মিলনীৰ উদ্যোগত মহানগৰীৰ চচলৰ ধৰ্ণাস্থলীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় । প্ৰতিবাদী সকলে 'আমাক স্থায়ী নিযুক্তি দিয়ক',' আমাৰ নিয়মীয়া দৰমহা আদায় দিয়ক', 'প্ৰাক প্ৰাথমিকত অংগণবাদীত অন্তৰ্ভুক্ত কৰিবলৈ দিয়া নহব', 'আমাৰ দাবী ন্যায্য দাবী' আদি শ্লোগানে দি প্ৰতিবাদ সাব্যস্ত কৰে । ৰাজ্যত কৰ্মৰত তিনিহেজাৰতকৈ অধিক প্ৰাক প্ৰথামিক শিক্ষয়িত্ৰিক শীঘ্ৰেই নিযুক্তিৰ বাবে চৰকাৰৰ ওচৰত সদৌ অসম অতিৰিক্ত প্ৰাক-প্ৰাথমিক (ক-শ্ৰেণী) শিক্ষয়িত্ৰী সন্মিলনীয়ে দাবী জনায় ।
ইপিনে কমতা পূৰ ৰাজ্য গঠন আৰু জনজাতি কৰণ কৰাৰ দাবীত সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত মহানগৰীৰ চচলৰ ধৰ্ণা স্থলীত তিনি ঘন্টিয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে । প্ৰতিবাদী সকলে আক্রাছু লং লিভ, আমাক কমতাপুৰ লাগিবই, BJP চৰকাৰ হায় হায়, মুখ্যমন্ত্ৰী গো বেক, মুখ্যমন্ত্ৰী মিছলীয়া আদি শ্লোগানেৰে উত্তাল কৰি তোলে ।
বিজেপি চৰকাৰে ৩০১৬ চনত কোচ ৰাজবংশী সকলক জনজাতিকৰণৰ প্ৰতিশ্ৰুতিৰে শাসনৰ গাদী দখল কৰাৰ পিছতো চৰকাৰে তেওঁলোকৰ প্ৰতিশ্ৰুতি পালন কৰা নাই বুলি কোচ-ৰাজবংশী ছাত্ৰ সন্থাই অভিযোগ কৰে । কেৱল কোঁচ ৰাজবংশী স্বায়ত্য পৰিষদৰ টোপ দি কোচ ৰাজবংশী সকলক প্ৰতাৰণা কৰি আছে ।
নৱ গঠিত কমতাপুৰ স্বায়ত্ব পৰিষদৰ কাম কাজ সমূহ তৰাম্বিতো কৰি আৰু ২০ টা বিভাগ নতুনকৈ অন্তৰ্ভুক্ত কৰি বাজেটত ৩০০ কৌটি টকা ধার্য কৰিবলৈ দাবী জনায় । অন্যথা কোচ ৰাজবংশী ছাত্র সন্থাই বৃহৎ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ।
লগতে পঢ়ক: The Kashmir Files: কাইলৈ সদলবলে "দ্য কাশ্মীৰ ফাইলছ" উপভোগ কৰিব মুখ্যমন্ত্ৰীয়ে