ETV Bharat / state

চন্দ্ৰপুৰত Dumping Ground ৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদ

author img

By

Published : Aug 8, 2021, 12:09 PM IST

ডাম্পিং গ্ৰাউণ্ড (Dumping Ground)ৰ বিৰোধিতাৰে দেওবাৰে চন্দ্ৰপুৰত ৰে’ল পথ অৱৰোধ (Train Road Block) ডাম্পিং গ্ৰাউণ্ড বিৰোধী মঞ্চ (Anti Dumping Ground Manch)ৰ ৷ চন্দ্ৰপুৰৰ ঠাকুৰকুছি ৰে’ল ষ্টেচন (Thakurkuchi Station)ৰ সমীপত ৰূপায়ণ কৰা ৰে’লপথ অৱৰোধ কাৰ্যসূচীত ভাগ লোৱা শতাধিক প্ৰতিবাদকাৰীক আটক কৰে আৰক্ষীয়ে ৷

protest-against-dumping-ground-at-chandrapur
Dumping Groundৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদ

গুৱাহাটী, 8 আগষ্ট : ডাম্পিং গ্ৰাউণ্ড (Dumping Ground) প্ৰত্যাহাৰৰ দাবীত চন্দ্ৰপুৰত ধাৰাবাহিক প্ৰতিবাদ (Protest) কাৰ্যসূচী অব্যাহত ৰাখিছে ডাম্পিং গ্ৰাউণ্ড বিৰোধী মঞ্চ (Anti Dumping Ground Manch)ই । চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড প্ৰত্যাহাৰৰ সিদ্ধান্ত চৰকাৰীভাৱে ঘোষণা নকৰা পৰ্যন্ত প্ৰতিবাদ অব্যাহত ৰখাৰ সিদ্ধান্তৰে দেওবাৰে পুৱা চন্দ্ৰপুৰৰ ঠাকুৰকুছি ৰে’ল ষ্টেচন (Thakurkuchi Station)ৰ সমীপত ৰে’লপথ অৱৰোধ (Train Road Block) কাৰ্যসূচী ৰূপায়ণ কৰে মঞ্চই ।

প্ৰতিবাদত অংশ লোৱাৰ বাবে পুৱা 6 বজাৰ পূৰ্বে ঠাকুৰকুছি ৰে’ল ষ্টেচনত সমবেত হয় ছাত্ৰ সন্থা (AASU)কে ধৰি চন্দ্ৰপুৰ অঞ্চলৰ বহু দল-সংগঠনৰ প্ৰতিনিধি আৰু স্থানীয় ৰাইজ । প্ৰতিবাদকাৰীসকলে বেনাৰ, ফেষ্টুন, প্লে’কাৰ্ড লৈ ‘চন্দ্ৰপুৰক ৰক্ষা কৰক’, ‘আমাক ডাম্পিং গ্ৰাউণ্ড নালাগে’, ‘চন্দ্ৰপুৰৰ জৈৱ-বৈচিত্ৰ ৰক্ষা কৰক’, ‘জাৱৰ নিষ্কাষণ প্ৰকল্প চন্দ্ৰপুৰত স্থাপন কৰিবলৈ দিয়া নহ’ব’ আদি শ্ল’গানৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে ।

লগতে পঢ়ক : ফলাফল বিতৰ্ক: পাথাৰকান্দিৰ লংগাই হাইস্কুলত উত্তপ্ত পৰিস্থিতি

অৱশ্যে প্ৰতিবাদী কাৰ্যসূচীৰ কথা জানি পূৰ্বৰ পৰা সষ্টম হৈ থকা আৰক্ষী-প্ৰশাসন বিষয়াই প্ৰতিবাদকাৰীসকলক ৰে’লপথৰ পৰা বলপূৰ্বকভাৱে আঁতৰাই পঠোৱাৰ চেষ্টা কৰে । আৰক্ষী-CRPF দলে প্ৰতিবাদকাৰীসকলক বাধা দিয়াত অধিক উত্তপ্ত হৈ পৰে পৰিস্থিতি ৷ ইয়াৰ মাজতে একাংশ প্ৰতিবাদকাৰীক আটক কৰি নুনমাটি থানাত লৈ যায় আৰক্ষীয়ে ।

চন্দ্ৰপুৰৰ জৈৱ-বৈচিত্ৰ ধ্বংস কৰি ডাম্পিং গ্ৰাউণ্ড কোনোপধ্যে স্থাপন কৰিবলৈ দিয়া নহ’ব বুলি স্পষ্ট কৰি দিয়ে প্ৰতিবাদকাৰীসকলে । মন কৰিবলগীয়া যে, চন্দ্ৰপুৰবাসীয়ে ডাম্পিং গ্ৰাউণ্ডৰ বিৰোধিতাৰে বিগত ডেৰ মাহ ধৰি গণতান্ত্ৰিকভাৱে আন্দোলন অব্যাহত ৰখাৰ পাচতো চৰকাৰে ৰাইজৰ প্ৰতিবাদী কণ্ঠক গুৰুত্ব দিয়া নাই । যাৰ পৰিপ্ৰেক্ষিতত ৰে’লপথ অৱৰোধৰ দৰে কাৰ্যসূচী হাতত ল’বলৈ বাধ্য হৈছে প্ৰতিবাদী জনতাই ।

লগতে পঢ়ক : হত্যাকাণ্ডৰ ন্যায় বিচাৰি ৰাজপথত জনতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.