ETV Bharat / state

Prominent educationist indibor deuri no more : প্ৰসিদ্ধ নৃগোষ্ঠী বিশেষজ্ঞ ইন্দিবৰ দেউৰীৰ মহাপ্ৰয়াণ: শোকস্তব্ধ ৰাজ্যৰ বৌদ্ধিক মহল

author img

By

Published : Mar 7, 2023, 2:23 PM IST

Updated : Mar 7, 2023, 4:56 PM IST

বিশিষ্ট সমাজবিদ, প্ৰসিদ্ধ নৃগোষ্ঠী বিশেষজ্ঞ ইন্দিবৰ দেউৰীৰ মৃত্যু ৷ মংগলবাৰৰ পুৱাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে চিন্তাবিদগৰাকীয়ে ৷ ৰাজ্য বৌদ্ধিক মহলত গভা শোকৰ ছাঁ (prominent educationist indibor deuri no more )।

Etv Bharat
Etv Bharat

গুৱাহাটী, ৭ মাৰ্চ : অসমৰ বৌদ্ধিক জগতৰ পৰা খহি পৰিল আন এটা উজ্জ্বল নক্ষত্ৰ ৷ দেউৰী সমাজৰ সুসন্তান তথা জননেতা ভীমবৰ দেউৰীৰ পুত্ৰ আৰু বড়ো সমাজৰ কাণ্ডাৰী স্বৰূপ ৰূপনাথ ব্ৰহ্মৰ নাতি বিশিষ্ট চিন্তাবিদ, শিক্ষাবিদ, নিৱন্ধকাৰ ইন্দিবৰ দেউৰী আৰু নাই । প্ৰায় দুমাহতকৈও অধিক দিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি থকা বিশিষ্ট শিক্ষাবিদগৰাকীয়ে মংগলবাৰৰ পুৱাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৮ বছৰ (prominent educationist indibor deuri no more )।

১৯৪৫ চনৰ ২৭ এপ্ৰিলত শ্বিলঙত জন্ম গ্ৰহণ কৰা ইন্দিবৰ দেউৰীৰ মাতৃৰ নাম আছিল কমলাৱতী দেউৰী । শিৱসাগৰৰ পানীদিহিং মৌজাৰ ৰজাবাৰী খনাজান দেউৰী গাঁৱত আছিল সদ্যপ্ৰয়াত দেউৰীৰ পিতৃগৃহ । ১৯৫০ চনত শ্বিলঙতেই প্ৰাথমিক শিক্ষা গ্ৰহণ কৰা ইন্দিবৰ দেউৰীয়ে শিৱসাগৰ আৰু কোকৰাঝাৰতো স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল । ১৯৫৪ চনৰ পৰা ১৯৫৫ চনলৈ দেউৰীয়ে অধ্যয়ণ কৰিছিল চৈখোৱা মধ্য ইংৰাজী বিদ্যালয়ত । কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰি থাকোতেই তেওঁ যক্ষ্মা ৰোগত আক্ৰান্ত হৈছিল । ১৯৬০ চনৰ পৰা ১৯৬২ চনলৈ বিশিষ্ট চিন্তাবিদগৰাকী চিকিৎসাধীন অৱস্থাত আছিল শ্বিলঙৰ ৰীড চেষ্ট হস্পিতালত (prominent educationist indibor deuri early life) ।

prominent educationist indibor deuri no more
ইন্দিবৰ দেউৰীৰ মৃত্যু

১৯৬৩ চনত তেওঁ ঘৰুৱাকৈ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈ ডিব্ৰুগড়ৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হয় । উক্ত পৰীক্ষাত দেউৰীয়ে প্ৰথম বিভাগ লাভ কৰে । তাৰ পাছত ১৯৬৩ ৰ পৰা ১৯৬৭ চনলৈ ডিব্ৰুগড়ৰ কানৈ কলেজত কলেজীয়া শিক্ষা গ্ৰহণ কৰে । ১৯৬৭ চনত দেউৰীয়ে উচ্চ শিক্ষাৰ বাবে এলাহবাদ বিশ্ববিদ্যালয়লৈ য‍ায় । ডিব্ৰুগড় চৰকাৰী বালিকা বিদ্যালয়ত ইংৰাজী শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰা ইন্দিবৰ দেউৰীয়ে সেই বছৰেই আই এ এছ আৰু এলাইট চাৰ্ভিছ পৰীক্ষাত উত্তীৰ্ণ হয় । ১৯৬৯ চনৰ ১৫ চেপ্টেম্বৰত তেওঁ ভাৰতীয় ডাক সেৱাত যোগদান কৰে । দুবছৰ প্ৰশিক্ষণৰ অন্তত ১৯৭১ চনত তেওঁ দক্ষিণ কলকাতাৰ ডাক সংমণ্ডলত জ্যেষ্ঠ অধীক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । কলকাতা, জলপাইগুৰি, গুৱাহাটী, লক্ষ্ণৌ, গোৰখপুৰ, শ্বিলং, ইটানগৰ আদি বিভিন্ন ঠাইত ডাক বিভাগৰ জ্যেষ্ঠ বিষয়া হিচাপে সেৱা আগবঢ়াইছিল (prominent educationist indibor deuri service life)।

দিল্লীৰ ইণ্ডিয়ান ইনষ্টিটিউত অৱ পাব্লিক এডমিনিষ্ট্ৰেছনত এবছৰ অধ্যয়ন কৰি ১৯৮৭ চনত তেওঁ জাপান, দক্ষিণ কোৰিয়া আৰু হংকঙৰ প্ৰশাসন আৰু উদ্যোগিক খণ্ড সন্দৰ্ভত অধ্যয়ণৰ সুযোগ লাভ কৰে । ১৯৮৮ চনত দেউৰীয়ে পাটনাৰ ডাক বিভাগৰ তদাৰকী সঞ্চালক হিচাপে যোগ দিয়ে । তাৰ পাছতে তেওঁ বেংককস্থিত আন্তৰ্জাতিক প্ৰতিষ্ঠান এছিয়ান পেছিফিক গাষ্টিন কলেজত শিক্ষকতাও কৰিছিল । ১৯৯২ চনত দেউৰীয়ে পোষ্ট মাষ্টাৰ জেনেৰেল হিচাপে পদোন্নতি লাভ কৰে । এই পদোন্নতিসহ গুৱাহাটীত যোগ দি ১৯৯৫ চনত চীফ পোষ্ট মাষ্টাৰ জেনেৰেল পদলৈ পদোন্নতি লাভ কৰে । ১৯৯৮ চনত তেওঁ ইউ এন ডি পিৰ বৃটিছ কাউঞ্চিলৰ ফেল'শ্বিপ লাভ কৰি লণ্ডন আৰু বাৰ্মিংহামত বৃটিছ প্ৰশাসনৰ ব্যৱস্থা বিষয়ত অধ্যয়নৰ সুযোগ পায় । ১৯৯৮ চনত দেউৰীয়ে ডাক বিভাগৰ চীফ ভিজিলেঞ্চ বিষয়া হিচাপে যোগদান কৰে । ২০০০ চনত দেউৰীয়ে স্বেচ্ছামূলক ভাৱে অৱসৰ গ্ৰহণ কৰি সৃষ্টিশীল কাম-কাজত মনোনিৱেশ কৰে । ১৯৭৮ চনত নিৰ্মালী ব্ৰহ্মৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা ইন্দিবৰ দেউৰীৰ একমাত্ৰ কন্যা প্ৰাচী দেউৰী, বৰ্তমান দিল্লীৰ হংসৰাজ কলেজৰ ইংৰাজী বিষয়ৰ প্ৰৱক্তা ((prominent educationist indibor deuri personal life) ।

অসমৰ বহু কাকত আলোচনীত নিয়মীয়াকৈ ছটা দশকৰো অধিক কাল লেখা মেলা কৰা ইন্দিবৰ দেউৰী ড৹ হীৰেণ গোহাঁইৰ দ্বাৰা সম্পাদিত 'নতুন পদাতিক' নামৰ আলোচনী খনৰ সম্পাদনা সমিতিৰ সদস্য আছিল । এগৰাকী নীৰৱ সাধক দেউৰীয়েই সম্ভৱত প্ৰথমজন অসমীয়া যিয়ে ডাক বিভাগত লাভ কৰিছিল উচ্চ পদবী । ইন্দিবৰ দেউৰীয়ে অতি সুক্ষ্মভাৱে অসমৰ জনগোষ্ঠীয় লোকসকলৰ সমস্যা, ইয়াৰ সমাধানৰ পথ প্ৰণালীবদ্ধভাৱে লেখনিবোৰৰ মাজেৰে তুলি ধৰিছিল । তেওঁৰ লেখা সমূহত আছিল জনগোষ্ঠীগত চেতনা আৰু ইতিহাসৰ চৰ্চা । এই ধাৰাৰে তেওঁ যিবোৰ লেখা লেখিছিল সেই লেখাবোৰত অনাগ্ৰসৰ জনগোষ্ঠী সমূহৰ প্ৰতিষ্ঠা লাভৰ বাবে কৰণীয় বস্তুনিষ্ঠ মূল্যায়ন আছিল (prominent educationist indibor deuri social life)।

সংগ্ৰামী ঐতিহ্যক প্ৰণালীবদ্ধভাৱে তুলি ধৰাৰ বাবে প্ৰসিদ্ধ নৃগোষ্ঠী বিশেষজ্ঞগৰাকীয়ে কৰা অধ্যয়নে অসমৰ জনগোষ্ঠীসমূহক মূল্যায়নৰ এক নতুন পথ মুকলি কৰি দিয়ে । অসমৰ প্ৰতিটো জনগোষ্ঠীৰ ওপৰত তেওঁৰ আছিল বিষদ অধ্যয়ণ, ইতিবাচক দৃষ্টিকোণ । সেয়েহে বিশিষ্ট চিন্তাবিদগৰাকীয়ে সংবেদনশীল হৈ এই কথাবোৰক স্থান দিছিল তেওঁৰ লেখনিত । অসমীয়া ভাষা, সংস্কৃতি বুজি পোৱা সমাজৰ লগত জনগোষ্ঠী সকলৰ ভাষা সংস্কৃতিৰ কিছু সংবদ্ধ আৰু সংহতিৰ মাজেৰে হোৱা বিকাশক দেউৰীয়ে দিছিল গুৰুত্ব । অসমৰ জনগোষ্ঠীগত সমস্যাৰ সমাধানৰ প্ৰশ্নটোৰ লগত জনগাঠনি কিদৰে গুৰুত্বপূৰ্ণ সেই কথা তেঁও উপলব্ধ কৰিছিল ।

উল্লেখ্য যে, চিন্তাবিদগৰাকীৰ বহু লেখা আজিও গ্ৰন্থ ৰূপে প্ৰকাশ পোৱা নাই। তেওঁৰ এখন অতি উল্লেখযোগ্য গ্ৰন্থ হৈছে "জনগোষ্ঠীয় সমস্যা : অতীত, বৰ্তমান, ভৱিষ্যত "। বিশিষ্ট গৱেষক তথা চিন্তাবিদ ইন্দিবৰ দেউৰীৰ মৃত্যুত ৰাজ্যজুৰি পৰিছে শোকৰ ছাঁ । দেউৰীৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ পিছতে ৰাজ্যৰ প্ৰগতিশীল মহলত পৰিছে গভীৰ শোকৰ ছাঁ ৷ অসম বিবেক ড৹ হীৰেণ গোহাঁয়ো দেউৰীৰ মৃত্যুত জনাইছে শোক বাৰ্তা ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিমল বৰায়ো গভীৰ শোক প্ৰকাশ কৰিছে দেউৰীৰ মৃত্যুত ।

ৰাজ্যৰ বিভিন্ন দল-সংগঠন তথা ব্যক্তি বিশেষে চিন্তাবিদগৰাকীৰ প্ৰয়াণত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে ।

লগতে পঢ়ক : Mega geobag attempt to prevent floods : বৰলুইতৰ ভয়ংকৰ গৰাখহনীয়া ৰোধৰ বাবে ডিব্ৰুগড়ত দিনে নিশাই চলিছে প্ৰস্তুতি

Last Updated : Mar 7, 2023, 4:56 PM IST

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.