ETV Bharat / state

নামৰূপ সাৰ কাৰখানালৈ 100 কোটিঃ অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ - আন্তঃগাথঁনিৰ উন্নয়ন

ৰাজ্যবাসীলৈ আহিছে আন এটা ভাল খবৰ ৷ ৰাজ্যৰ একমাত্ৰ সাৰ কাৰখানা নামৰূপৰ ব্ৰহ্মপুত্ৰ ভেলী ফাৰটিলাইজাৰছ কৰ্প’ৰেছনৰ বাবে কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা ১০০ কোটি টকাৰ পেকেজক অনুমোদন জনাইছে কেন্দ্ৰীয় কেবিনেটে ৷

Pre-poll sop for Assam: Cabinet approves grant-in-aid of Rs 100 crore to BVFCL
নামৰূপ সাৰ কাৰখানালৈ 100 কোটিঃ অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ
author img

By

Published : Feb 10, 2021, 5:39 PM IST

নিউজ ডেস্ক, 10 ফেব্ৰুৱাৰী : ৰাজ্যবাসীলৈ আহিছে আন এটা ভাল খবৰ ৷ ৰাজ্যৰ একমাত্ৰ সাৰ কাৰখানা নামৰূপৰ ব্ৰহ্মপুত্ৰ ভেলী ফাৰটিলাইজাৰছ কৰ্প’ৰেছনক অধিক সক্ৰিয় আৰু উৎপাদনমুখী কৰি তোলাৰ বাবে কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা ১০০ কোটি টকাৰ পেকেজক বুধবাৰে কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনায় ।

উল্লেখ্য যে,দেশৰ সাৰ দপ্তৰৰ অধীনত পৰিচালিত নামৰূপ সাৰ কাৰখানাই বিগত বহু বছৰ ধৰি নানান সমস্যাৰ সন্মুখীন হৈ আহিছে । গেছ চালিত দেশৰ প্ৰথমটো সাৰ কাৰখানাক অধিক উৎপাদনশীল কৰি তোলাৰ বাবে কেন্দ্ৰীয় চৰকাৰে কিছুদিন পূৰ্বে ১০০ কোটি টকাৰ পেকেজ আগবঢ়োৱা হ’ব বুলি ঘোষণা কৰিছিল । যাৰ পাছতেই বুধবাৰে কেন্দ্ৰীয় কেবিনেটে চৰকাৰৰ উক্ত প্ৰস্তাৱক অনুমোদন জনায় । এই ধন ৰাশি সাৰ কাৰখানাটোৰ যন্ত্ৰ-পাতিৰ উন্নয়ন আৰু আন্তঃগাথঁনিৰ উন্নয়নৰ বাবে খৰচ কৰা হ’ব ।

নামৰূৰ সাৰ কাৰখানাটোৰ যন্ত্ৰপাতি আদি সলনি কৰাৰ পাছত কাৰখানাটোৱে বছৰি প্ৰায় ৩.৯০ মেট্ৰিক টন ইউৰিয়া উৎপাদন কৰিবলৈ সক্ষম হ’ব বুলি ধাৰণা কৰা হৈছে ।

লগতে পঢ়ক: মুম্বাইত চিলিণ্ডাৰ বিস্ফোৰণ:আহত 4জন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.