গুৱাহাটী,12 ডিচেম্বৰঃ কেবৰ জুইত দহিছে সমগ্ৰ ৰাজ্য ৷ সৰ্বত্ৰে ৰাজপথসমূহত পৰিলক্ষিত হৈছে প্ৰতিবাদী জনতা ৷ ক্ৰমাত শোচনীয় হৈ পৰিছে ৰাজ্যৰ পৰিস্থিতি ৷ বৃহস্পতিবাৰে মহানগৰীৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদকাৰীসকলে কেবৰ বিৰোধিতাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ আৰক্ষীৰ বাধা সত্ত্বেও স্বতঃস্ফুৰ্তভাৱে ৰাজপথলৈ ওলাই আহে প্ৰতিবাদকাৰীসকল ৷ কেতবোৰ অঞ্চলত আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত লাঠীচালনাও কৰে ৷ গুৱাহাটী মহানগৰীৰ বেলতলাত আৰক্ষীয়ে বৃহস্পতিবাৰে প্ৰতিবাদকাৰীসকলক উদ্দেশ্যি গুলীচালনা কৰে ৷ তদুপৰি লালমাটি অঞ্চলতো আৰক্ষীয়ে গুলীচালনা কৰাৰ খবৰ পোৱা গৈছে ৷ ইয়াৰ পিছতো প্ৰতিবাদকাৰীসকলক ৰুদ্ধ কৰিব পৰা নাই চৰকাৰে ৷ মুঠতে প্ৰতিবাদকাৰীসকলে কোনো মূল্যৰ বিনিময়ত অসমীয়াই কেব মানি নলয় ৷
ইফালে যোৰাবাটতো 37 নং ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীয়ে । ক্ৰমাত কেব বিৰোধী আন্দোলনে ৰাজ্যত তীব্ৰ ৰূপ ধাৰণ কৰিছে । অবিৰতভৱে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত ৰাখিছে সাধাৰণ জনতাই । ইতিমধ্যে চৰকাৰৰ হিটলাৰী শাসনৰ ওচৰত সেও নামানাৰ হুংকাৰ দিছে জনসাধাৰণে ৷ উগ্ৰমূৰ্তি ধাৰণ কৰা প্ৰতিবাদকাৰীসকলক দেখি আৰক্ষীয়েও সেও মানিবলৈ বাধ্য হয় ৷