ETV Bharat / state

Khanapara Firing Update: প্ৰেমৰ বাবেই সংঘটিত হৈছিল খানাপাৰাৰ গুলীচালনা; তিনিজনক গ্ৰেপ্তাৰ; তদন্ত অব্যাহত

author img

By ETV Bharat Assamese Team

Published : Oct 15, 2023, 11:06 PM IST

খানাপাৰাৰ কইনাধৰাত গুলীচালনা ঘটনাৰ সন্দৰ্ভত পোহৰলৈ আহিছে বিস্ফোৰক তথ্য ৷ প্ৰেমৰ বাবেই সংঘটিত হৈছিল হত্যাকাণ্ডটো ৷ ঘটনা সংক্ৰান্তত তিনিজন যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ ৷

Khanapara Firing Update
খানাপাৰাৰ গুলীচালনা ঘটনাৰ সন্দৰ্ভত চাৰিজনক গ্ৰেপ্তাৰ

গুৱাহাটী, 15 অক্টোবৰ: খানাপাৰাৰ কইনাধৰাত সংঘটিত চাঞ্চল্যকৰ গুলীচালনা ঘটনাৰ সন্দৰ্ভত পোহৰলৈ আহিছে বিস্ফোৰক তথ্য ৷ প্ৰেমৰ বাবেই সংঘটিত হৈছিল হত্যাকাণ্ডটো ৷ ঘটনা সংক্ৰান্তত তিনিজন যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ ৷ জব্দ হৈছে ঘটনাত ব্যৱহাৰ কৰা বাইকখনো ৷ আৰক্ষীয়ে বৰ্তমান জেৰা অব্যাহত ৰাখিছে তিনি যুৱকক ৷

উল্লেখ্য যে, যোৱা 12 অক্টোবৰৰ সন্ধিয়া মহানগৰীৰ খানাপাৰাৰ কইনাধৰাৰ হেল্থ চিটি হাস্পতালৰ সন্মুখত সংঘটিত হৈছে গুলীচালনাৰ ঘটনা । অঞ্জন নাথ নামৰ এজন যুৱকক কোনো দুৰ্বৃত্তই গুলীয়াই থৈ পলায়ন কৰে । কিছু সময়ৰ পিচতে মৃত্যু হয় বুকুত গুলীবিদ্ধ হোৱা যুৱকজনৰ । মৃত যুৱক জন আছিল বশিষ্ঠ লতাকটাৰ অঞ্জন নাথ । বশিষ্ঠ চাৰিআলিৰ ওজা জে চি বিত কৰ্মৰত আছিল যুৱকজন ।

গুলীচালনাৰ পিচতে সংকটজনক অৱস্থাত অঞ্জন নাথক গুৱাহাটী মেট্ৰ' হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও তেওঁৰ মৃত্যু হয় । বাইকত অহা দুৰ্বৃত্তই অঞ্জন নাথক গুলীয়াই থৈ যায় বুলি সদৰী কৰে প্ৰত্যক্ষদৰ্শীয়ে । ঘটনাৰ খবৰ পোৱাৰ পিচতে সেই স্থানত উপস্থিত হয় মহানগৰৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰা । সেই মুহূৰ্তত কি কাৰণত এই ঘটনা সংঘটিত হ'ল সেয়া জানিব পৰা হোৱা নাছিল । কিন্তু শেহতীয়াকৈ এই ঘটনাৰ লগতে জৰিত কেতবোৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে ৷

এক বিশেষ সূত্ৰ অনুসৰি এই ঘটনাৰ লগত নাম সাঙোৰ খোৱা অঞ্জন নাথৰ পত্নী আৰু তেওঁৰ পিতৃক গ্ৰেপ্তাৰৰ বাবে আৰক্ষী দল ৰাওনা হৈছে ৷

ঘটনাৰ পিচদিনা পৰিয়ালৰ লোকৰ ভাষ্য অনুসৰি কাৰো সৈতে শত্ৰুতা নাছিল অঞ্জন নাথৰ । সাত মাহৰ পূৰ্বে ঘৰৰ অমতত বিয়া কৰাই অঞ্জন পৃথকৈ মহানগৰীৰ এটা ভাৰাঘৰত আছিল । আগষ্ট মাহত পিতৃ বিয়োগৰ পিচত নিজ ঘৰলৈ গৈছিল অঞ্জন । আন এক সূত্ৰই প্ৰকাশ কৰা মতে অঞ্জন নাথ হৈছে তেওঁৰ পত্নীৰ দ্বিতীয় স্বামী । পূৰ্বেও এগৰাকী মণিপুৰী যুৱকৰ সৈতে বিয়া হৈছিল অঞ্জনৰ পত্নী । তেওঁৰ এটা সন্তানো আছিল ।

লগতে পঢ়ক:Cyber Crime in Guwahati: অপৰাধীৰ হাতত ৰাজ্যৰ আইন-শৃংখলা তুলি দিছে মুখ্যমন্ত্ৰীয়ে; অখিল গগৈৰ কটাক্ষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.