ETV Bharat / state

Ganga Vilas Cruise : ১৩ জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে বাৰাণসীত ফ্লেগ অফ কৰিব গংগা বিলাসৰ

author img

By

Published : Jan 8, 2023, 9:54 PM IST

বিশ্বৰ নদী ক্ৰুজ মেপত ভাৰতক স্থান দিবলৈ আগবাঢ়িছে এম ভি গংগা বিলাসে । বাৰাণসী আৰু ডিব্ৰুগড়ৰ মাজত বিলাসী ৰিভাৰ ক্ৰুজ । ১৩ জানুৱাৰীত বাৰাণসীৰ পৰা ফ্লেগ অফ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (PM will inaugurate Worlds longest river cruise Ganga Vilas) । তান্ত্ৰিক লোকাচাৰৰ বাবে বিখ্যাত মায়ঙৰ পৰা বৈষ্ণৱ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীলৈ, সুন্দৰবনৰ পৰা কাজিৰঙা অভয়াৰণ্যলৈ এক ৰোমাঞ্চকৰ যাত্ৰা কৰিব এম ভি গংগা বিলাসে (Longest luxury river cruise) ।

Ganga Vilas Cruise
ভাৰতত নদী ক্ৰুজ পৰ্যটনৰ এক নতুন যুগৰ সূচনা

গুৱাহাটী, ৮ জানুৱাৰী : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ১৩ জানুৱাৰীত বাৰাণসীত এম ভি গংগা বিলাস নামৰ বিশ্বৰ সৰ্বাধিক দীঘলীয়া নদী ক্ৰুজ সেৱাৰ শুভাৰম্ভ কৰিব (PM will inaugurate Worlds longest river cruise Ganga Vilas) । ইয়াৰ জৰিয়তে ভাৰতত নদী ক্ৰুজ পৰ্যটনৰ নতুন যুগৰ সূচনা হ’ব বুলি কেন্দ্ৰীয় চৰকাৰৰ বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মত প্ৰকাশ কৰে ।

এই বিলাসী ক্ৰুজখনে ভাৰত আৰু বাংলাদেশৰ ৫ খন ৰাজ্যৰ ২৭ খন নদী প্ৰণালীৰ মাজেৰে সুদীৰ্ঘ ৩২০০ কিলোমিটাৰতকৈ অধিক দূৰত্ব অতিক্ৰম কৰিব (Longest luxury river cruise) । এই সেৱা আৰম্ভ হোৱাৰ লগে লগে ইমান দিনে অনাদৃত হৈ থকা ৰিভাৰ ক্ৰুজ সেৱাৰ বিশাল সম্ভাৱনাৰ ক্ষেত্ৰখনো মুকলি হ’ব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ব্যক্ত কৰে ।

এই উপলক্ষে সৰ্বানন্দ সোণোৱালে কয়, ‘‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ গতিশীল নেতৃত্বত আমি আমাৰ চহকী নদী প্ৰণালীয়ে আগবঢ়োৱা অপৰিসীম সম্পদৰ সন্ধান কৰি আছো । অভ্যন্তৰীণ জলপথৰ জৰিয়তে বহনক্ষম উন্নয়নৰ এই পথটোৱে যথেষ্ট উত্থান লাভ কৰিছে । মালবাহী যাতায়াতৰ লগতে যাত্ৰী পৰ্যটন বৃদ্ধিৰ প্ৰচেষ্টাই উৎসাহজনক ফলাফল দেখুৱাইছে’’ ৷

দেশৰ বিশাল সম্ভাব্য নদী পৰ্যটনৰ দুৱাৰ মুকলি কৰাৰ দিশত এক পদক্ষেপ হৈছে এম ভি গংগা বিলাস ক্ৰুজ (Ganga Vilas journey) । ইয়াৰ জৰিয়তে আমাৰ চহকী ঐতিহ্য বিশ্ব দৰবাৰত অধিক আগবাঢ়ি যাব বুলি উল্লেখ কৰি তেওঁ কয় যে পৰ্যটকসকলে ভাৰতৰ আধ্যাত্মিক, শৈক্ষিক, সাংস্কৃতিক দিশৰ লগতে জৈৱ বৈচিত্ৰৰ সমৃদ্ধি অনুভৱ কৰিব পাৰিব ।

Ganga Vilas Cruise
বিশ্বৰ সৰ্বাধিক দীঘলীয়া নদী ক্ৰুজ সেৱাৰ শুভাৰম্ভ কৰিব

কাশীৰ পৰা সাৰনাথ, মায়ঙৰ পৰা মাজুলী, সুন্দৰবনৰ পৰা কাজিৰঙালৈকে এই ক্ৰুজে যাত্ৰীসকলক জীৱনৰ একক আৰু অনন্য অভিজ্ঞতা প্ৰদান কৰিব । তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী মোডীৰ নিৰ্দেশনাত এই দূৰদৰ্শী পদক্ষেপে ভাৰতত নদী ক্ৰুজ পৰ্যটনৰ এক নতুন যুগৰ সূচনা কৰিব (River Cruise tourism in India)।

লগতে এক্ট ইষ্ট পলিচীক কাৰ্যক্ষম কৰাত আমাৰ চৰকাৰে প্ৰদান কৰা প্ৰতিশ্ৰুতিৰ সফল ৰূপায়ণ কৰা হ’ব বুলিও তেওঁ কয়। এম ভি গংগা বিলাস ক্ৰুজখনৰ জৰিয়তে বিশ্ববাসীৰ আগত ভাৰতবৰ্ষৰ শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰিবলৈ প্ৰয়াস কৰা হৈছে । ক্ৰুজখনৰ ৫১ দিনীয়া যাত্ৰাপথত বিশ্ব ঐতিহ্য ক্ষেত্ৰ, ৰাষ্ট্ৰীয় উদ্যান, নদী ঘাট, বিহাৰৰ পাটনা, ঝাৰখণ্ডৰ সাহিবগঞ্জ, পশ্চিম বংগৰ কলকাতা, বাংলাদেশৰ ঢাকা আৰু অসমৰ গুৱাহাটী আদি ডাঙৰ চহৰকে ধৰি ৫০ টা পৰ্যটনস্থলী ভ্ৰমণৰ পৰিকল্পনা কৰা হৈছে ।

এম ভি গংগা বিলাস জাহাজখনৰ দৈৰ্ঘ্য ৬২ মিটাৰ, প্ৰস্থ ১২ মিটাৰ আৰু ১.৪ মিটাৰ ড্ৰাফ্টৰ সৈতে নদীত আৰামদায়কভাৱে যাত্ৰা কৰিব পাৰিব । ইয়াত তিনিটা ডেক, ৩৬ জন পৰ্যটকৰ ক্ষমতাৰে ১৮ টা ছুইট আছে । পৰ্যটকসকলৰ বাবে এক স্মৰণীয় আৰু বিলাসী অভিজ্ঞতা প্ৰদান কৰিব পৰাকৈ ক্ৰুজখনত সকলো সুবিধাৰ প্ৰতি নজৰ দিয়া হৈছে । জাহাজখনক বহনক্ষম নীতি অনুসৰণ কৰি প্ৰদূষণমুক্ত ব্যৱস্থা আৰু শব্দ নিয়ন্ত্ৰণ প্ৰযুক্তিৰে সজ্জিত কৰি তোলা হৈছে ।

এম ভি গংগা বিলাসত পোনপ্ৰথমে ছুইজাৰলেণ্ডৰ ৩২ গৰাকী পৰ্যটকে বাৰাণসীৰ পৰা ডিব্ৰুগড়লৈ ৰোমাঞ্চকৰ যাত্ৰাৰ অনুভৱ ল’ব । ডিব্ৰুগড়ত এম ভি গংগা বিলাসৰ আগমনৰ দিন ১ মাৰ্চ বুলি ধাৰণা কৰা হৈছে । ঐতিহাসিক, সাংস্কৃতিক আৰু ধৰ্মীয় গুৰুত্বপূৰ্ণ স্থানত ষ্ট’প অভাৰৰ জৰিয়তে ভাৰতৰ চহকী ঐতিহ্য প্ৰদৰ্শনৰ বাবে এম ভি গংগা বিলাসৰ ভ্ৰমণসূচী প্ৰস্তুত কৰা হৈছে ।

Ganga Vilas Cruise
এক ৰোমাঞ্চকৰ যাত্ৰা

এই ভ্ৰমণসূচীয়ে বাৰাণসীৰ বিখ্যাত গংগা আৰতিৰ পৰা বৌদ্ধ ধৰ্মৰ অতি পৱিত্ৰ স্থান সাৰনাথ, তন্ত্ৰ-মন্ত্ৰৰ বাবে ভাৰত বিখ্যাত অসমৰ মায়ঙৰ লগতে ব্ৰহ্মপুত্ৰৰ বুকুত থকা বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ আৰু বৈষ্ণৱ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ মাজুলীকো সামৰি ল’ব । আধ্যাত্মিকতা আৰু জ্ঞানেৰে চহকী ভাৰতীয় ঐতিহ্যৰ লগত পৰিচিত হ’বলৈ ভ্ৰমণকাৰীসকলে বিহাৰ স্কুল অৱ যোগ আৰু বিক্ৰমশিলা বিশ্ববিদ্যালয় পৰিদৰ্শন কৰিব ।

ক্ৰুজখনে ৰাজকীয় বংগজ বাঘৰ বাবে বিখ্যাত বংগোপসাগৰৰ মাজত থকা ব-দ্বীপ আকৃতিৰ জৈৱ বৈচিত্ৰৰে সমৃদ্ধ বিশ্ব ঐতিহ্য ক্ষেত্ৰ সুন্দৰবনৰ লগতে এটা খৰ্গৰ গঁড়ৰ বাবে বিখ্যাত আন এখন বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানকো অতিক্ৰম কৰিব । দেশত নদী ক্ৰুজ পৰ্যটনৰ বিকাশৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে এই খণ্ডৰ উন্নয়নে দেশৰ ভিতৰত কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব ।

ভাৰতক নদী ক্ৰুজ পৰ্যটনৰ সফলতাৰ বাবে সামৰ্থবান কৰি গঢ়ি তোলাৰ বাবে চৰকাৰে মূলধন ব্যয় কৰিছে । দেশত এই খণ্ডৰ সৰ্বাধিক সংস্পৰ্শ আৰু দ্ৰুত বিকাশৰ বাবে নদী পৰ্যটন চাৰ্কিটসমূহ বিকশিত কৰি বৰ্তমানৰ পৰ্যটন চাৰ্কিটসমূহৰ সৈতে একত্ৰিত কৰা হ’ব ।

এই ক্ষেত্ৰত এম ভি গংগা বিলাস ক্ৰুজ হৈছে প্ৰথম একক আৰু অনন্য ক্ৰুজ সেৱা । বন্দৰ, জাহাজ পৰিবহণ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনস্থ ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ (আই ডব্লিউ এ আই)ৰ সহযোগত এই সেৱাৰ সফলতাই উদ্যোগীসকলক দেশৰ অন্যান্য প্ৰান্তত নদী ক্ৰুজ অন্বেষণ কৰিবলৈ উৎসাহিত কৰাৰ সম্ভাৱনা আছে ।

উল্লেখ্য যে, বিগত কেইবছৰমানৰ পৰা বিশ্বব্যাপী ৰিভাৰ ক্ৰুজ সেৱাৰ বজাৰ ৫ শতাংশ বৃদ্ধি পাইছে আৰু ২০২৭ চনৰ ভিতৰত ক্ৰুজ সেৱাৰ বজাৰ ৩৭ শতাংশ হ’ব বুলি আশা কৰা হৈছে । ইউৰোপীয় দেশসমূহে বিশ্বৰ নদী ক্ৰুজ জাহাজৰ ৬০ শতাংশ অংশিদাৰিত্বৰে নিজৰ অৰ্থনৈতিক উন্নয়ন কৰি আহিছে ।

ভাৰতত কলকাতা আৰু বাৰাণসীৰ মাজত ৮ খন নদী ক্ৰুজ চলি থকাৰ বিপৰীতে ৰাষ্ট্ৰীয় জলপথ ২ (ব্ৰহ্মপুত্ৰ)তো ক্ৰুজ চলাচল কৰি আছে । দেশৰ বহু ঠাইত ৰিভাৰ ৰাফটিং, কেম্পিং, দৰ্শন, কায়াকিং ইত্যাদি পৰ্যটন কাৰ্যসূচী চলি আছে । সমগ্ৰ ৰাষ্ট্ৰীয় জলপথ ২ ত ১০ টা যাত্ৰী টাৰ্মিনেল নিৰ্মাণৰ কাম চলি আছে । যিয়ে নদী ক্ৰুজৰ সম্ভাৱনাক অধিক শক্তিশালী কৰিব।

বৰ্তমান ৰাষ্ট্ৰীয় জলপথ ২ ত চাৰিখন নদী ক্ৰুজ জাহাজ কাৰ্যক্ষম হৈ থকাৰ বিপৰীতে NW3 (ৱেষ্ট ক'ষ্ট কেনেল), NW8, NW 4, NW 87, NW 97, আৰু NW 5 ত সীমিত ক্ষমতাৰে কাম চলি আছে । অভ্যন্তৰীণ জলপথত বিশেষকৈ নদীৰ পাৰত অৰ্থনীতিৰ বাবে পদ্ধতিগতভাৱে আগলৈ আৰু পিচলৈ সংযোগৰ সৈতে নদীৰ ক্ৰুজৰ সংখ্যা আৰু বৃদ্ধি পাব বুলি কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে জানিবলৈ দিয়ে ।

লগতে পঢ়ক : Ganga Vilas Cruise : নতুন বছৰৰ আৰম্ভণিতে গংগা বিলাসে ৰচনা কৰিব ইতিহাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.