ETV Bharat / state

আমচাঙৰ বেদখল উচ্ছেদ কৰা স্থানত বন বিভাগৰ গছপুলি ৰোপণ(PLANTATION) - আমচাঙ

আমচাঙৰ বেদখল মুক্ত কৰা স্থানত শিলিখা, অৰ্জুন, নাহৰকে ধৰি বিভিন্ন থলুৱা প্ৰজাতিৰ ২৭০ জোপা গছপুলি ৰোপন বন বিভাগৰ। মহানগৰীৰ বিভিন্ন স্থান বিশেষকৈ মুকলিকৈ থকা ৰাজহুৱা স্থান, পথৰ দাঁতিত বা মাজত থকা ডিভাইদাৰত গছপুলি ৰোপনৰ কাৰ্যসূচী।

plantationPLANTATION IN AMSING FOREST
আমচাঙৰ বেদখল উচ্ছেদ কৰা স্থানত বৃক্ষৰোপণ
author img

By

Published : Jun 22, 2021, 3:48 PM IST

গুৱাহাটী, ২২ জুন: আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ অন্তৰ্গত আৰু গুৱাহাটীৰ খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ পাছফালে দেৱনগৰত কিছুদিন পূৰ্বে বন বিভাগে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ সহযোগত উচ্ছেদ অভিযান চলাইছিল । বেদখলকৃত স্থানসমূহ পুনৰ যাতে বেদখলকাৰীৰ কবলত নপৰে তাৰ বাবে গুৱাহাটীৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ে গছপুলি ৰোপণ অভিযান আৰম্ভ কৰিছে । দেৱনগৰ হিচাপে পৰিচিত বন বিভাগৰ উচ্ছেদিত স্থানত গুৱাহাটী বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত অনুষ্ঠিত গছপুলি ৰোপণ কৰা হয় ।

এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে মহানগৰ আৰক্ষীৰ পূৱ গুৱাহাটী জিলাৰ উপ আৰক্ষী আয়ুক্ত শুভ্ৰজ্যোতি বৰাই । এই কাৰ্যসূচীত মহানগৰ আৰক্ষীৰ দিছপুৰ সংমণ্ডলৰ সহকাৰী আৰক্ষী আয়ুক্ত হিমাংশু দাস, পূৱ কামৰূপ বন সংমণ্ডলৰ বন সংমণ্ডল প্ৰাধিকাৰী ভাস্কৰ ডেকা, গুৱাহাটী বন্যপ্ৰাণী সংমণ্ডলৰ বন সংমণ্ডল প্ৰাধিকাৰী জয়ন্ত ডেকা, পূৱ কামৰূপ বন সংমণ্ডলৰ সহকাৰী বন সংৰক্ষকদ্বয় মনোজ গোস্বামী আৰু নিৰঞ্জন কুমাৰ নন্দীয়ে অংশগ্ৰহণ কৰে । লগতে উপস্থিত থাকে গুৱাহাটীৰ বনাঞ্চলিক বিষয়া পংকজ বৰা, খানাপাৰা বন্যপ্ৰাণী কাৰ্যালয়ৰ বনাঞ্চলিক বিষয়া চফিকুৰ ৰহমানকে ধৰি খানাপাৰা বন শিবিৰৰ কেইবাজনো বনকর্মীয়ে ।

PLANTATION IN AMSING FOREST
আমচাঙৰ বেদখল উচ্ছেদ কৰা স্থানত বৃক্ষৰোপণ

অঞ্চলটোৰ কেইবাগৰাকীও প্ৰকৃতিপ্ৰেমীয়ে এই অনুষ্ঠানত অংশ লয় । বেদখল মুক্ত কৰা স্থানত শিলিখা, অৰ্জুন, নাহৰকে ধৰি বিভিন্ন থলুৱা প্ৰজাতিৰ ২৭০ জোপা গছপুলি ৰোপণ কৰা হয় । গুৱাহাটীৰ বনাঞ্চলিক বিষয়া পংকজ বৰাই জানিবলৈ দিয়া মতে, আগন্তক দিনতো মহানগৰীৰ বিভিন্ন স্থান বিশেষকৈ মুকলিকৈ থকা ৰাজহুৱা স্থান, পথৰ দাঁতিত বা মাজত থকা ডিভাইদাৰত গছপুলি ৰোপণ অভিযান চলি থাকিব ।

মহানগৰীৰ যান্ত্ৰিক পৰিৱেশৰ মাজতো সেউজীয়া প্ৰাকৃতিক পৰিৱেশ গঢ়ি তোলাৰ বাবে পৰিকল্পনা কৰা হৈছে । আনহাতে, বৰ্ধিত বায়ু প্ৰদূষণ ৰোধ বাবে গছ পুলি ৰোপণ কৰাতো প্ৰতিগৰাকী নাগৰিকৰে দায়িত্ব । বৃক্ষৰোপণৰ জৰিয়তে আৰক্ষী আৰু বন বিভাগে সাধাৰণ লোকক সজাগ কৰাৰ প্ৰয়াস কৰিছে ।

লগতে পঢ়ক:ৰাজ্যত প্ৰথম দিনাই চাৰে তিনি লক্ষাধিক লোকৰ টীকাকৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.