ETV Bharat / state

শান্তিপুৰবাসীয়ে নিজেই মেৰামতি কৰিলে বিধ্বস্ত পথ

পথৰ দুৰৱস্থাই জলাকলা খুৱাইছে মহানগৰীৰ শান্তিপুৰবাসীক । চৰকাৰক আবেদন কৰিও আজিপৰ্যন্ত ৰাইজে লাভ নকৰিলে কোনো সুফল ৷

author img

By

Published : Jun 16, 2019, 7:34 PM IST

চৰকাৰলৈ কিমান বাট চাব !

গুৱাহাটী, 16 জুন : মহানগৰীৰ শান্তিপুৰৰ নিজৰামুখ পথচোৱা বিগত বহু বছৰ ধৰি পৰি ৰৈছে জৰাজীৰ্ণ অৱস্থাত । ভিন্ন সময়ত অঞ্চলটোৰ ৰাইজে বিভাগীয় কৰ্তৃপক্ষক পথচোৱা নিৰ্মাণৰ বাবে অৱগত কৰি আহিছে যদিও কোনো গুৰুত্ব প্ৰদান কৰা নাই কৰ্তৃপক্ষই । সময়ে সময়ে চৰকাৰ সলনি হৈ আহিছে যদিও পথচোৱা আজি পৰ্যন্ত সলনি ন'হল ৷ ইপিনে পথচোৱা নিৰ্মাণৰ ক্ষেত্ৰত স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ভিন্ন সময়ত ৰাইজক প্ৰতিশ্ৰুতি দি আহিছে যদিও প্ৰতিশ্ৰুতি প্ৰদান কৰি দায়িত্ব সামৰিলে বিধায়কগৰাকীয়ে । ইপিনে পথচোৱাৰ নামত 2011 চনতে অহা 3 লাখ টকাও কৰ্তৃপক্ষই হৰলুকী কৰাৰ অভিযোগ ৰাইজৰ ৷ ফলত উপায়ন্তৰ ৰাইজে নিজেই পথচোৱা নিৰ্মাণ কৰি আহিছে ৷

Intro:পথৰ দুৰৱস্থাই জলাকলা খুৱাইছে মহানগৰীৰ শান্তিপুৰবাসীক। চৰকাৰক আবেদন কৰিও কোনো সুফল নাপালে ৰাইজে। যাৰ বাবে স্থানীয় ৰাইজে দান বৰঙণিৰে নিৰ্মাণ কৰিবলৈ বাধ্য হৈছে। মহানগৰীৰ শান্তিপুৰ নিজৰামুখ পথটো যোৱা বহু বছৰ ধৰি এনেদৰেই জৰাজীৰ্ণ অৱস্থাত আছে। স্থানীয় ৰাইজে বিভিন্ন সময়ত বিভাগীয় কৰ্তৃপক্ষক জনাই আহিছে যদিও কোনো গুৰুত্বয়ে প্ৰদান কৰা নাই। চৰকাৰ সলনি হ'ল কিন্তু আজিও দুৰ্ভোগ ভূগিবলগীয়া হৈছে ৰাইজে। প্ৰায় ৪০ঘৰ লোক আছে শান্তিপুৰৰ এইটো অঞ্চলটোত। পৰিৱৰ্তনকামী চৰকাৰৰ ওপৰত ক্ষোভ স্থানীয় ৰাইজৰ। তাৰোপৰি স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই প্ৰতিশ্ৰুতি দিছে যদিও বৰ্তমানলৈ কাণষাৰ নাই। অতিশীঘ্ৰে ৰাইজৰ সমস্যাৰ প্ৰতি গুৰুত্ব দিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে।Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.