ETV Bharat / state

কাগজ কল নিলামৰ বাবে পুনৰ বিজ্ঞাপন - কাগজ কল দুটা নিলামৰ বাবে পুনৰ বিজ্ঞাপন

প্ৰথমবাৰ কাগজ কল দুটাৰ মূল্য ১,১৩৯ কোটি টকা নিৰ্ধাৰণ কৰা হৈছিল যদিও দ্বিতীয়বাৰৰ বাবে প্ৰকাশ কৰা নিলামৰ বিজ্ঞাপনত নতুন মূল্য হ্ৰ‍াস কৰি ৯৬৯ কোটি টকা কৰা হৈছে ।

paper mill
কাগজ কল দুটা নিলামৰ বাবে পুনৰ বিজ্ঞাপন
author img

By

Published : Jun 23, 2021, 7:16 PM IST

গুৱাহাটী, ২৩ জুন : নিলাম প্ৰক্ৰিয়াত কোনেও অংশ নোলোৱাত বিক্ৰী মূল্য হ্ৰাস কৰা হৈছে দুটাকৈ কাগজ কলৰ । নগাঁও আৰু কাছাৰ কাগজ কল নিলামৰ বাবে ৰাষ্ট্ৰীয় কোম্পানী আইন আপীল ন্যায়াধিকৰণে নিয়োগ কৰা লিকুইডেটৰ কুলদ্বীপ বাৰ্মাই পুনৰ নতুনকৈ বিজ্ঞাপন প্ৰকাশ কৰিছে । প্ৰথমবাৰ কোনো আগবাঢ়ি নহাৰ বাবে এইবাৰ হিন্দুস্তান পেপাৰ ক’ৰ্পৰেচন লিমিটেডৰ (Hindustan paper corporation Ltd) অধীনস্থ কাগজ কল দুটাৰ বিক্ৰীৰ মূল্য পূৰ্বতকৈ হ্ৰাস কৰিছে লিকুইডেটৰে । পূৰ্বতে লিকুইডেটৰে ১ জুনত কাগজ কল দুটাৰ মূল্য ১,১৩৯ কোটি টকা নিৰ্ধাৰণ কৰিছিল যদিও দ্বিতীয়বাৰৰ বাবে প্ৰকাশ কৰা নিলামৰ বিজ্ঞাপনত নতুন মূল্য হ্ৰ‍াস কৰি ৯৬৯ কোটি টকা কৰিছে ।

paper mill
কাগজ কল দুটা নিলামৰ বাবে পুনৰ বিজ্ঞাপন

ইচ্ছুক প্ৰতিষ্ঠানে ৪৮ কোটি টকা আৰনেষ্ট মানী (earnest money) জমা দি কাগজ কল (Paper mill) দুটা ক্ৰয়ৰ বাবে ‘বুক’ কৰিব পাৰিব বুলি বিজ্ঞাপনত (Advertisement) কোৱা হৈছে । উল্লেখ যে বিধানসভাৰ নিৰ্বাচনত বিজেপিয়ে নগাঁও আৰু কাছাৰ কাগজ কল পুনৰুজ্জীৱিত কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও চৰকাৰ গঠন কৰাৰ পাছত কাগজ কল দুটা বিক্ৰী কৰাতহে লিকুইডেটৰক সেউজ সংকেত দিয়া দেখা গ’ল । যাৰ বাবে অসম চৰকাৰৰ অনুমতি সাপেক্ষে কাগজ কল দুটা বিক্ৰী কৰাৰ বাবে দুবাৰকৈ নিলামৰ বিজ্ঞাপন প্ৰকাশ কৰিছে লিকুইডেটৰ কুলদ্বীপ বাৰ্মাই । কলকাতাৰ পৰা প্ৰকাশ কৰা বিজ্ঞাপন অনুসৰি দুয়োটা কাগজ কলৰ এইবাৰৰ মূল্য ৯৬৯ কোটি টকা নিৰ্ধাৰণ কৰা হৈছে ।

ইচ্ছুক প্ৰতিষ্ঠানে ই এম ডি (EMD) মাচুল ৪৮ কোটি টকাসহ ৬ জুলাইৰ সন্ধিয়া ৬ বজাৰ পৰা ভিতৰত ই-নিলাম (E-auction) প্ৰক্ৰিয়াত অংশ ল’ব লাগিব । নিলামত ভাগ লোৱা প্ৰতিষ্ঠানৰ ভিতৰত সৰ্বোচ্চ মূল্য দিয়া প্ৰতিষ্ঠানক ২২ জুলাইত কাগজ কলৰ মালিকী স্বত্ব (ownership) হস্তান্তৰ কৰা হ’ব । লক্ষণীয়ভাৱে সোণোৱাল চৰকাৰে বিগত বৰ্ষৰ ১০ ছেপ্তেম্বৰত এন চি এল টিত কাগজ কল দুটা ৰাজ্য চৰকাৰে নিজাববীয়াকৈ পুনৰুজ্জীৱিতকৰণৰ ব্যৱস্থা কৰিব বুলি শপতনামা দাখিল কৰিছিল ৷

paper mill
কাগজ কল দুটা নিলামৰ বাবে পুনৰ বিজ্ঞাপন

কিন্তু ক্ষমতালৈ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ পুনৰ আহিল যদিও ৰাজ্যৰ ৫০ হাজাৰ লোকক পৰোক্ষ তথা প্ৰত্যক্ষভাৱে কৰ্ম সংস্থাপন দিয়া কাগজ কল দুটা জীয়াই তোলাৰ বাবে কোনো পদক্ষেপ গ্ৰহণ নকৰিলে । উল্লেখ্য যে, এইবাৰো যদি কোনো প্ৰতিষ্ঠান কাগজ কল দুটা ক্ৰয়ৰ বাবে আগবাঢ়ি নাহে তেন্তে কি হ'ব । পানীৰ দৰত বিক্ৰী হ'ব নেকি কাগজ কল দুটা !

লগতে পঢ়ক: ক'ভিড-19 ভেকচিন লোৱা যাত্ৰীক 10 শতাংশ মাচুল ৰেহাই ইণ্ডিগ'ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.