ETV Bharat / state

Delimitation in Assam: অখিল গগৈৰ জধে মধে মন্তব্য কৰাক লৈ ক্ষুণ্ণ কংগ্ৰেছ - বিৰোধী দলপতি দেৱব্ৰত শইকীয়া

কংগ্ৰেছ দলৰ প্ৰতি মানুহৰ আস্থা কমাই দিব পৰা এনে মন্তব্য দিয়াটো উচিত হোৱা নাই: অখিল গগৈক সোঁৱৰাই দিলে কংগ্ৰেছৰ দেৱব্ৰত শইকীয়াই ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত কংগ্ৰেছে প্ৰয়োজনীয় ভূমিকা গ্ৰহণ নকৰিলে বুলি মন্তব্য কৰিছিল ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে ৷ অখিল গগৈৰ এই মন্তব্যক উভতি ধৰিছে ক্ষুন্ন কংগ্ৰেছে ৷

Delimitation in Assam
বিৰোধী দলপতি দেৱব্ৰত শইকীয়া
author img

By

Published : Aug 17, 2023, 6:41 PM IST

বিৰোধী দলপতি দেৱব্ৰত শইকীয়া

গুৱাহাটী, ১৭ আগষ্ট: “মিত্ৰতাত সকলোৱে সকলোকে সন্মান কৰা উচিত ৷ সকলোৱে সকলোৰে বাবে চিন্তা কৰা উচিত । ইয়াৰ অৰ্থ এইটো নহয় যে সুবিধা পালেই কাৰোবাক লেং মাৰি গুচি যাব !" উল্লেখ্য যে, ৰাজ্যৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতা কৰা প্ৰসংগত ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে বুধবাৰে মিত্ৰদল কংগ্ৰেছক কৰা সমালোচনাই ক্ষুণ্ণ কৰি তুলিছে প্ৰদেশ কংগ্ৰেছক ৷ অখিল গগৈৰ এই মন্তব্যক উভতি ধৰিছে ক্ষুন্ন কংগ্ৰেছে ৷ এই সন্দৰ্ভত শুকুৰবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই উক্ত মন্তব্য কৰে ৷

বিৰোধীৰ দলপতিগৰাকীয়ে অখিল গগৈৰ মন্তব্য খণ্ডন কৰি কয়, “কংগ্ৰেছে নিজৰ কাম উপযুক্তভাৱে পালন কৰিছে ৷ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰসংগত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিছে ৷ তেখেতে এনেকৈ কোৱাটো উচিত হোৱা নাই ৷ আজি কংগ্ৰেছৰ বৈঠক আছে, আমাৰ সভাপতিক এই বিষয়ে প্ৰশ্ন সোধা হ’ব ৷ যেনেকৈ দিল্লীত কেজৰিৱালে কৈছে যদি কংগ্ৰেছেই সকলো আসনত নিৰ্বাচন খেলে তেন্তে বেলেগে কি খেলিব ? কেৱল খেলিবলৈ ল’লেই নহ’ব, জিকিবও পাৰিব লাগিব ৷”

উল্লেখযোগ্য যে, ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে বুধবাৰে সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত কংগ্ৰেছে প্ৰয়োজনীয় ভূমিকা গ্ৰহণ নকৰিলে বুলি মন্তব্য কৰিছিল ৷ কংগ্ৰেছৰ নেতৃত্বত অসমৰ ১২ টা দলৰ সন্মিলিত শক্তিৰ অংশীদাৰৰূপে থকা ৰাইজৰ দলৰ সভাপতিগৰাকীৰ এনে মন্তব্যই কংগ্ৰেছৰ ভিতৰচ’ৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

এই প্ৰসংগত লগতে দেৱব্ৰত শইকীয়াৰ মন্তব্য যে কথাবিলাক ভালকৈ চালি-জাৰি চাব লাগে ৷ “মিত্ৰতাত সকলোৱে সকলোকে সন্মান কৰা উচিত ৷ সকলোৱে সকলোৰে বাবে চিন্তা কৰা উচিত । ইয়াৰ অৰ্থ এইটো নহয় যে সুবিধা পালেই কাৰোবাক লেং মাৰি গুচি যাব ! আমি বিজেপি বিৰোধী শক্তিবোৰ একত্ৰিত হৈ থকাটো বিচাৰো । কিন্তু কংগ্ৰেছ দলৰ প্ৰতি মানুহৰ আস্থা কমাই দিব পৰা এনে মন্তব্য দিয়াটো উচিত হোৱা নাই ৷”— এইদৰে মন্তব্য প্ৰকাশ কৰিলে জ্যেষ্ঠ কংগ্ৰেছী নেতাগৰাকীয়ে ৷

লগতে পঢ়ক: Constitution delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা সন্দৰ্ভত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.