ETV Bharat / state

26 দিনৰ পাচত মুকলি বিলাসী এপাৰ্টমেণ্ট স্পেনিছ গাৰ্ডেন

author img

By

Published : May 1, 2020, 9:55 AM IST

Updated : May 1, 2020, 10:25 AM IST

বৃহস্পতিবাৰৰ পৰা মুকলি কৰা হ'ল স্পেনিছ গাৰ্ডেন । স্পেনিছ গাৰ্ডেনত গুৱাহাটীৰ প্ৰথম গৰাকী কৰ'ণাত আক্রান্ত ব্যক্তি ধৰা পৰাৰ পিছত ছীল কৰি দিয়া হৈছিল বিলাসী এপাৰ্টমেণ্টটো । কিন্তু বৃহস্পতিবাৰে কামৰূপ মহানগৰ জিলা প্ৰশাসনে সম্পূৰ্ণ ২৬ দিন পিছত পুনৰ মুকলি কৰিলে স্পেনিছ গাৰ্ডেন ।

স্পেনিছ গাৰ্ডেন
26 দিনৰ পাচত মুকলি বিলাসী স্পেনিছ গাৰ্ডেন

গুৱাহাটী, ৩০ এপ্ৰিলঃ বৃহস্পতিবাৰে প্ৰশাসনে পুনৰ মুকলি কৰিলে স্পেনিছ গাৰ্ডেন । বিগত ৩ এপ্ৰিলত মহানগৰীৰ গৰাকী কৰ'ণা ভাইৰাছ আক্রান্ত ব্যক্তি ধৰা পৰিছিল বিলাসী আৱাসিক অট্টালিকা স্পেনিছ গাৰ্ডেনত ।

স্পেনিছ গাৰ্ডেনৰ আবাসীৰ শৰীৰত মাৰাত্মক কৰ'ণা ভাইৰাছ ধৰা পৰাৰ পিছতে কামৰূপ মহানগৰ জিলা প্ৰশাসনে স্পেনিছ গাৰ্ডেন সম্পূৰ্ণ ৰূপে ছীল কৰি দিছিল । লগতে সকলো আবাসীকে হোম কোনাৰেনটাইন কৰি কোনাৰেনটাই জ'ন হিচাপে ঘোষণা কৰিছিল স্পেনিছ গাৰ্ডেনক । তাৰোপৰি স্পেনিছ গাৰ্ডেনক চেনিটাইজ কৰি আবাসী সকলক কৰ'ণা সন্দৰ্ভত ৰেপিড টেষ্ট কৰিছিল স্বাস্থ্য বিভাগে ।

ইফালে স্পেনিছ গাৰ্ডেনৰ কৰ'ণা ভাইৰাছত আক্ৰান্ত লোকজন সুস্থ হৈ উঠাৰ লগতে অট্টালিকাটোৰ আবাসী সকলৰ কৰ'ণা টেষ্ট নিগেটিভ অহাত ২৬ দিনৰ পিছত মুকলি কৰি দিয়া হ'ল বিলাসী এপাৰ্টমেণ্টটো ।

Last Updated : May 1, 2020, 10:25 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.