গুৱাহাটী,২০ মে': পঞ্চদশ অসম বিধানসভাৰ উপাধ্যক্ষৰ আসনত অধিষ্ঠিত হ’ব বোকাজান বিধানসভা সমষ্টিৰ বিজেপিৰ বিধায়ক ডাঃ নোমল মমিন । ইতিমধ্যে এই কথা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি তথা মন্ত্ৰী ৰঞ্জিৎ দাসে । বিজেপিৰ ৰাজ্যিক সমিতিয়ে ডাঃ মমিনক উপাধ্যক্ষ পদৰ বাবে বাচনি কৰিছে ।
বিধানসভাৰ অধ্যক্ষ পদৰ বাবে সদ্যবিজেপি বিধায়ক বিশ্বজিৎ দৈমাৰীয়ে আজি মনোনয়ন দাখিল কৰিলেও সংসদীয় বিধি অনুসৰি উপাধ্যক্ষ কোন হ’ব সেয়া আনুষ্ঠানিকভাৱে ঘোষণা কৰিব পাৰে বিধানসভাৰ অধ্যক্ষইহে । কাইলৈৰ পৰা অনুষ্ঠিত হ’ব পঞ্চদশ বিধানসভাৰ প্ৰথম অধিবেশন ।
অধিবেশনৰ প্ৰথম দিনা অৰ্থাৎ কাইলৈ সদনৰ অধ্যক্ষ হিচাপে ঘোষণা কৰা হ’ব বিশ্বজিৎ দৈমাৰীৰ নাম । নৱনিৰ্বাচিত অধ্যক্ষ দৈমাৰীয়ে অধিবেশনৰ অন্তিম দিনা অৰ্থাৎ ২৩ মে'ত উপাধ্যক্ষ পদৰ বাবে ডাঃ মমিনৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰিব ।
লগতে পঢ়কঃ আইপিএছ বিষয়া হৈও কি আক্ষেপ থাকি গ'ল আনন্দ মিশ্ৰাৰ ?