ETV Bharat / state

পুৱাৰ শীৰ্ষ বাতৰি

পুৱাৰ শীৰ্ষ বাতৰি

পুৱাৰ শীৰ্ষ বাতৰি
পুৱাৰ শীৰ্ষ বাতৰি
author img

By

Published : Dec 1, 2020, 7:08 AM IST

আছু ত্যাগ কৰিলেও নীতি আদৰ্শ সদায় মানি চলিমঃ লুৰিণজ্যোতি গগৈ

আছু ত্যাগ কৰিলেও নীতি আদৰ্শ সদায় মানি চলিম ৷ এই মন্তব্য লুৰিণজ্যোতি গগৈৰ ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ আছুৰ মুখ্য কাৰ্যালয়ত এই মন্তব্য প্ৰাক্তন আছু নেতাগৰাকীৰ ৷ সোমবাৰে গুৱাহাটী বিশ্ববিদ্যালয়স্থিত আছুৰ মুখ্য কাৰ্যালয়ৰ পৰা আনুষ্ঠানিকভাৱে বিদায় লয় সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে ৷

আছুৰ নতুন ৰাজ্যিক কাৰ্যনিৰ্বাহক কমিটিৰ শপত গ্ৰহণ

সোমবাৰে আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰে আছুৰ নতুন ৰাজ্যিক কাৰ্যনিৰ্বাহক কমিটিয়ে ৷ গুৱাহাটী বিশ্ববিদ্যালয়স্থিত ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত কৰা হয় এই শপত গ্ৰহণ অনুষ্ঠান ৷ এই অনুষ্ঠানতে সভাপতি দীপাংকৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ নেতৃত্বত ৬০ জনীয়া কাৰ্যনিৰ্বাহক কমিটিয়ে আনুষ্ঠানিকভাৱে নিজৰ দায়িত্ব গ্ৰহণ কৰে। পুৰণি কমিটিৰ সদস্যক বিদায় দি এই নতুন সমিতিয়ে শপতবাক্য পাঠ কৰে । এই অনুষ্ঠানত সকলো নৱ নিৰ্বাচিত সদস্যকে উষ্ম আদৰণি জনোৱা হয় ।

কলগাছিয়াত যৌতুক বিচাৰি পত্নীৰ ওপৰত অত্যাচাৰ স্বামীৰ

কলগাছিয়াত নাৰী নিৰ্যাতনৰ ঘটনা পোহৰলৈ আহিছে ৷ যৌতুক বিচাৰি আক্ৰমণ কৰিলে স্বামীয়ে ৷ ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল পৰিয়ালৰ লোকৰ ৷ বৰপেটা জিলাৰ কলগাছিয়াৰ মনিৰুল হক আৰু তেওঁৰ পৰিয়ালে মিলি দীৰ্ঘদিন ধৰি নিৰ্যাতন চলাই আহিছে আলিয়া খাতুন নামৰ এগৰাকী মহিলাৰ ওপৰত । প্ৰায় 3 বছৰ পূৰ্বে কলগাছিয়াৰ ডিমাপুৰ গাঁৱৰ ইছমাইল হুছেইনৰ পুত্ৰ মনিৰুল হকৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল হাউলিৰ ইটাৰভিটা গাঁৱৰ আলিয়া খাতুন নামৰ মহিলাগৰাকী ৷

যোৰহাটত চিলিণ্ডাৰ বিস্ফোৰণ ঘটি ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত

যোৰহাটত ভয়ংকৰ অগ্নিকাণ্ড ৷ চিলিণ্ডাৰ বিস্ফোৰণ হৈ সংঘটিত হয় জুইৰ ৷ অগ্নিকাণ্ডত কোনো লোক হতাহতি হোৱা নাই ৷ যোৰহাট পাৰিজাত নগৰৰ ৰাজীৱ মজুমদাৰ নামৰ ব্যক্তিজনৰ ঘৰত সংঘটিত হয় ভয়াবহ অগ্নিকাণ্ডৰ ৷ ঘটনাস্থলীত ততাতৈয়াকৈ অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নুমুৱালৈ সক্ষম হয় যদিও অগ্নিকাণ্ডত জাহ যায় লক্ষাধিক টকাৰ সা-সম্পত্তি ৷

সমাজকল্যাণ বিভাগৰ 300 কোটি টকীয়া কেলেংকাৰীৰ তথ্য বিচাৰি অসম পাব্লিক ৱৰ্কছৰ সংবাদমেল

পিছপৰা জাতিৰ উন্নয়নৰ অজুহাতত 2018-19 আৰু 2018-20 বিত্তীয় বৰ্ষত বিভিন্ন নিবিদাৰ নামত ষড়যন্ত্ৰমূলকভাৱে প্ৰায় তিনিশ কোটি টকা লুন্ঠন কৰাৰ অভিযোগ ৷ এই অভিযোগ প্ৰদান কৰিলে অসম পাব্লিক ৱৰ্কছৰ সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি তালুকদাৰে ৷ ভৈয়াম অঞ্চলৰ জনজাতি আৰু অন্যান্য পিছপৰা জাতিৰ উন্নয়নৰ অজুহাতত 2018-19 আৰু 2018-20 বিত্তীয় বৰ্ষত বিভিন্ন নিবিদাৰ নামত ষড়যন্ত্ৰমূলকভাৱে প্ৰায় তিনিশ কোটিৰো অধিক ধন পানীত পেলাই ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা জাতিৰ উন্নয়ন বিভাগৰ আমোলা বিষয়াই ঠিকাদাৰৰ সতে মিলি ব্যাপক লুণ্ঠন চলাই যোৱাৰ অভিযোগ ৷

দক্ষিণ-পশ্চিম পানী যোগান প্ৰকল্প উদ্বোধন মুখ্যমন্ত্ৰী সোণোৱালৰ

জালুকবাৰীস্থিত দক্ষিণ-পশ্চিম গুৱাহাটী পানী যোগান প্ৰকল্পৰ উদ্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ এই প্ৰকল্পৰ জৰিয়তে ভূতনাথৰ পৰা মালিগাঁও চাৰিআলি,কামাখ্যা,কালীপুৰ,পাণ্ডু,বৰিপাৰা,কামাখ্যা নগৰ,জয়মতী নগৰ,আদাবাৰী,শংকৰ নগৰ আদি অঞ্চলত যোগান ধৰা হ'ব প্ৰায় ৫৩৫ লাখ লিটাৰ বিশুদ্ধ খোৱা পানী ৷

আছুতেই থাকিব ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

আছুতে থকাৰ সিন্ধান্ত গ্ৰহণ কৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ৷ দুলীয়াজান অধিৱেশনত ছাত্ৰ সংগঠনটোৰ পৰা অব্যাহতি লোৱাৰ কথা ঘোষণা কৰিছিল ড৹ ভট্টাচাৰ্যই ৷ আছুৰ কৰ্মকৰ্তাসকলৰ অনুৰোধৰ বাবে পুনৰ মুখ্য উপদেষ্টা পদতে থাকিব মুখ্য উপদেষ্টা গৰাকীয়ে ৷

বাক্সাত নিৰ্বাচনকেন্দ্ৰিক সংঘাটত আহত দলীয় কৰ্মী

বাক্সাত পুনৰ সংঘটিত হৈছে নিৰ্বাচনকেন্দ্ৰিক আক্ৰমণৰ ঘটনা। ইউপিপিএল দলৰ সমৰ্থকে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে বিপিএফৰ সমৰ্থক মনোজ কলিতাক ৷ ২৪ নং মুছলপুৰ পৰিষদীয় সমষ্টিৰ ভালুকদঙাত বিপিএফ দলৰ কেইজনমান সমৰ্থকে নিৰ্বাচনী প্ৰচাৰ চলাই থকা অৱস্থাত ইউপিপিএলৰ সদস্য়সকলে নিৰ্বাচনী প্ৰচাৰ বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে ৷

স্থাপন হ’ল ঐতিহ্যমণ্ডিত চানডুবি মহোৎসৱৰ লাইখুঁটা

সোমবাৰে সম্পূৰ্ণ জনজাতীয় পৰম্পৰাৰে স্থাপন কৰা হ’ল ঐতিহ্যমণ্ডিত চানডুবি মহোৎসৱৰ লাইখুঁটা ৷ লাইখুঁটা স্থাপন কৰে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ উপাধ্যক্ষ ৰমাকান্ত ৰাভাই । 1 জানুৱাৰীৰ পৰা 5 জানুৱাৰীলৈ চানডুবি বিলৰ পাৰত অনুষ্ঠিত কৰা হ’ব ৰাভা সকলৰ ঐতিহ্যপূৰ্ণ চানডুবি মহোৎসৱ ৷ সম্পূৰ্ণ জনজাতীয় পৰম্পৰাৰে অনুষ্ঠিত কৰা এই লাইখুঁটা স্থাপন অনুষ্ঠানত উদযাপক কমিটিৰ লগতে স্থানীয় লোকেও অংশগ্ৰহণ কৰে ।

৩ ডিচেম্বৰত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আদ্যশ্ৰাদ্ধ

সদ্য প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠিত হ'ব ৩ ডিচেম্বৰত ৷ এই মাংগলিক অনুষ্ঠানত ভাগ ল'ব পাচ সহস্ৰাধিক গুণমুগ্ধই ৷ অসম সচিবালয়ৰ পাৰ্কিং চৌহদত অনুষ্ঠিত হ'ব এই অনুষ্ঠান ৷ চৰকাৰী বাসগৃহৰ সমীপতে থকা অসম সচিবালয়ৰ পাৰ্কিং চৌহদত অতিথি আৰু শ্ৰদ্ধাঞ্জলি জনোৱাৰ আদি ব্যৱস্থা কৰা হৈছে । প্ৰিয় নেতাজনক শেষবাৰৰ বাবে চাবলৈ, শেষবাৰৰ বাবে নশ্বৰ দেহত এপাহ ফুল দিবলৈ যেনেদৰে অসমৰ ভিন্ন প্ৰান্তৰ পৰা অগণন লোকৰ আগমণ ঘটিছিল,ঠিক তেনেদৰে প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীৰ চৰকাৰী বাসগৃহলৈ বৰ্তমানেও আগমণ ঘটি আছে অসংখ্য গুণমুগ্ধৰ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.