ETV Bharat / state

লায়ন্স চকু চিকিৎসালয়ৰ প্ৰেক্ষাগৃহ মুকলি

author img

By

Published : May 16, 2022, 3:55 PM IST

অত্যাধুনিক সা-সামগ্ৰীৰে মহানগৰীৰ ছাত্ৰীবাৰীস্থিত লায়ন্স চকু চিকিৎসালয়ত মুকলি কৰা হয় এটা প্ৰেক্ষাগৃহ(Auditorium opens in Gauhati Lions Eye Hospital) । 'লোহিয়া লায়ন্স গুৱাহাটী অডিটৰিয়াম' নামেৰে মুকলি কৰে শীত-তাপ নিয়ন্ত্ৰিত প্ৰেক্ষাগৃহটো ।

New auditorium opens in Gauhati Lions Eye Hospital
লায়ন্স চকু চিকিৎসালয়ৰ প্ৰেক্ষাগৃহ মুকলি

গুৱাহাটী,১৬ মে': মহানগৰীৰ ছাত্ৰীবাৰীস্থিত লায়ন্স চকু চিকিৎসালয়ত এটা অত্যধুনিক প্ৰেক্ষাগৃহ মুকলি কৰা হয়(Auditorium opens in Gauhati Lions Eye Hospital) । 'লোহিয়া লায়ন্স গুৱাহাটী অডিটৰিয়াম' নামেৰে মুকলি কৰা শীত-তাপ নিয়ন্ত্ৰিত অত্যাধুনিক সা-সুবিধা সম্পন্ন এই প্ৰেক্ষাগৃহটোত আছে বিভিন্ন অত্যাধুনিক সা-সুবিধা ।

দেওবাৰে আযোজিত এক মুকলি অনুষ্ঠানত প্ৰেক্ষাগৃহটো অনুষ্ঠানিক ভাৱে মুকলি কৰে গুৱাহাটীৰ পৌৰ নিগমৰ আয়ুক্ত দেবাশীষ শৰ্মাই । মুকলি ভাষণত আয়ুক্ত গৰাকীয়ে লায়ন্স ক্লাবে জনসাধাৰণৰ হিতৰ বাবে কৰি অহা উন্নয়ন মূলক কামৰ শলাগ লয় ।

গুৱাহাটীখন সৰ্বাঙ্গসুন্দৰ কৰাৰ ক্ষেত্ৰত লায়ঞ্চ ক্লাৱে কৰি অহা জনহিতকৰ কামত গুৱাহাটী পৌৰ নিগমেও সহযোগিতা আগবঢ়াব বুলিও তেওঁ ব্যক্ত কৰে । সক্ৰিয় সমাজকৰ্মী ৰতন গোয়েঙ্কাৰ সভাপতিত্বত অনুষ্ঠিত প্ৰেক্ষাগৃহ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ব্যৱসায়ী কৈলাশ লোহিয়া, লায়ন্স ক্লাব গুৱাহাটীৰ সম্পাদক অজয় পোদদাৰ,মনোজ বজনকা, অনিল থাৰড, বলৰাম সিং ৰাথোৰ আদিকে ধৰি কেইবাগৰাকীও গণ্যমান্য ব্যক্তি ।

১৮০ খন আসনযুক্ত প্ৰেক্ষাগৃহটোত এয়াৰ কণ্ডিচনাৰ আৰু আধুনিক প্ৰযুক্তিৰে নিৰ্মিত শব্দ ব্যৱস্থাও স্থাপন কৰা হৈছে । বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ বাবে অতি নূন্যতম মাচুলৰ বিনিময়ত এই প্ৰেক্ষাগৃহটো উপলব্ধ হ’ব বুলি জানিবলৈ দিয়ে লায়ঞ্চ ক্লাৱৰ কৰ্মকৰ্তা সকলে ।

লগতে পঢ়ক: প্ৰাক্তন বিধায়ক মামুন ইমদাদুল হক চৌধুৰীৰ "আপ"ত যোগদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.