গুৱাহাটী, 12 জানুৱাৰীঃ অসমীয়া ছবিজগৰ বাবে এক সুখবৰ ৷ চুপাৰহিট ছবি ৰত্নাকৰৰ পাছত অভিজিৎ ভট্টাচাৰ্যৰ কাহিনী, চিত্ৰনাট্য আৰু সংলাপৰ আনখন ছবি হ'ব ৰাজকুমাৰী । প্ৰস্তুতি পৰাশৰৰ অভিনয় আৰু পৰিচালনাৰে হিৰামণি প্ৰডাকচনৰ প্ৰথম নিবেদন ৰাজকুমাৰী । প্ৰস্তুতি পৰাশৰৰ লগতে মূল চৰিত্ৰত অভিনয় কৰিছে উৎপল দাস আৰু ৰিম্পী দাসে । দীৰ্ঘদিনৰ বিৰতিৰ অন্তত একেলগে ৰাজকুমাৰী ছবিত দেখিবলৈ পাব এসময়ৰ জনপ্ৰিয় যুটী উৎপল ৰিম্পীক ।
সম্পূৰ্ণ বাণিজ্যিক ধাৰাত নিৰ্মাণ হ'বলগীয়া ৰাজকুমাৰী ছবিত অভিনয় কৰা আন শিল্পী সকল হৈছে অৰুণ নাথ, অৰ্পণা দত্ত চৌধুৰী, বিভূতিভূষন হাজৰিকা, প্ৰীতম বৰুৱাকে ধৰি বহু কেইজন কলা-কুশলী । ৰাজকুমাৰী ছবিক লৈ আশাবাদী প্ৰস্তুতি পৰাশৰ । চলিত বৰ্ষত ৰাইজৰ বাবে ৰাজকুমাৰী ছবি মুকলি কৰিব বুলি জানিবলৈ দিলে প্ৰস্তুতি পৰাশৰে । ছবি খনৰ প্ৰযোজক গুঞ্জন বৰ্মনে জানিবলৈ দিয়া অনুসৰি বাজেটত কোনো কৃপনালি নকৰে । এখন বিনোদন ধৰ্মী ছবি হ'ব ৰাজকুমাৰী । ৰাজকুমাৰী ছবিত সংগীত পৰিচালক হিচাপে কাম কৰিব অজয় ফুকনে ।
উল্লেখ্য যে, পিতৃ পুত্ৰ আৰু কন্যাৰ আবেগিক সমন্ধক লৈ সম্পূৰ্ণ এক অগতানুগতিক কাহিনীৰ ছবি হ'ব ৰাজকুমাৰী । লগতে দাক্ষিণাত্যৰ একশ্ব্যন পৰিচালকৰ তত্বাৱধানত ৰাজকুমাৰী ছবিত একশ্ব্যনৰ দৃশ্য থকাৰ লগতে ৰোমাঞ্চ থাকিব বুলিও মন্তব্য কৰে ।
আনহাতে, চলিত বৰ্ষত সম্পূৰ্ণ হৈ উঠিব লগা এই ছবিৰ দৃশ্যগ্ৰহন আৰম্ভ হ'ব আগন্তুক মাৰ্চৰ পৰা । 2021 মুক্তি লাভ পাব লগীয়া ৰাজকুমাৰী ছবিয়ে ৰত্নাকৰৰ অভিলেখ ভাঙিবলৈ সক্ষম হ'ব নে নাই সেয়া সময়তহে গম পোৱা যাব ৷