ETV Bharat / state

Nava Sankalp Sibir: আজিৰে পৰা ৰাজ্যজুৰি প্ৰদেশ কংগ্ৰেছৰ নৱ সংকল্প শিবিৰ - Nava Sankalp Sibir

ৰাজস্থানৰ উদয়পুৰত অনুষ্ঠিত হৈ যোৱা কংগ্ৰেছৰ ‘নৱ সংকল্প শিৱিৰৰ ঘোষণাৱলী কাৰ্যকৰী কৰাৰ উদ্দেশ্যে আজিৰে পৰা ১৪ জুনলৈ অসমৰ জিলাই জিলাই নৱ সংকল্প শিৱিৰৰ (Nava Sankalp Sibir) আয়োজন ।

Noba Sankalp camp
আজিৰে পৰা ৰাজ্যজুৰি প্ৰদেশ কংগ্ৰেছৰ নৱ-সংকল্প শিবিৰ
author img

By

Published : Jun 11, 2022, 3:23 PM IST

গুৱাহাটী, ১১ জুন : বিজেপিক প্ৰতিহত কৰাৰ বাবে নতুন সংকল্পৰে আগুৱাই যোৱাৰ লক্ষ্যৰে শনিবাৰৰ পৰা প্ৰদেশ কংগ্ৰেছে বিশেষ কাৰ্যসূচী আৰম্ভ কৰিছে । নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ উদ্যোগত ৰাজস্থানৰ উদয়পুৰত মে’ মাহত অনুষ্ঠিত হৈ যোৱা ‘‘নৱ সংকল্প শিৱিৰ’’ৰ ঘোষণাৱলী কাৰ্যকৰী কৰাৰ উদ্দেশ্যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ নিৰ্দেশক্ৰমে একেই আৰ্হিত শনিবাৰৰ পৰা ১৪ জুনলৈ অসমৰ জিলাই জিলাই ‘‘নৱ সংকল্প শিৱিৰ’’ৰ আয়োজন কৰা হৈছে (Nava Sankalp Sibir across state) ।

উল্লেখ্য যে, প্ৰদেশ কংগ্ৰেছৰ কার্যকৰী সভাপতি তথা বিধায়ক জাকিৰ হুছেইন শিকদাৰক অধ্যক্ষ হিচাপে লৈ গঠন কৰি দিয়া উদয়পুৰ নৱ-সংকল্প শিৱিৰ ঘোষণা ৰূপায়ন কমিটীৰ তত্বাৱধানত এই জিলা ভিত্তিক শিৱিৰসমূহ অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰা হৈছে ।

ৰাজস্থানৰ উদয়পুৰত কংগ্ৰেছে গ্ৰহণ কৰা ঘোষণাৱলী অসমতো কাৰ্যকৰী কৰাৰ উদ্দেশ্যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ নেতৃত্বত ৰাজ্যখনৰ প্ৰতিখন জিলাত ‘‘নৱ সংকল্প শিৱিৰ’’ৰ আয়োজন কৰা হৈছে । এই শিবিৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি, বিৰোধী দলপতি, উপ-দলপতি, সাংসদসকল, দলৰ কাৰ্যকৰী সভাপতিসকল, বিধায়কসকল, প্ৰদেশ কংগ্ৰেছৰ বিভিন্ন পৰ্যায়ৰ নেতাসকলে অংশগ্ৰহণ কৰি উদয়পুৰৰ সিদ্ধান্তসমূহৰ ব্যাখ্যা দাঙি ধৰিব ।

লগতে পঢ়ক : Assam cabinet meeting in Tezpur: মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে সন্মিলন কক্ষৰ দ্বাৰ

কেইবাখনো জিলাৰ শিৱিৰত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ নেতায়ো অংশগ্ৰহণ কৰিব । এনে শিৱিৰত মণ্ডল কংগ্ৰেছ, ব্লক কংগ্ৰেছৰ সভাপতিসকল, জিলা কংগ্ৰেছৰ সকলো বিষয়ববীয়া, জিলাৰ যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছ, এন এছ ইউ আই, সেৱাদল আৰু বিভিন্ন কোষ তথা বিভাগৰ অধ্যক্ষসকলে অংশগ্ৰহণ কৰি উদয়পুৰ ঘোষণাৱলীৰ কাৰ্যকৰীকৰণ সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰিব ৷

লগতে ৰাজ্যখনৰ তথা স্থানীয় সমস্যাসমূহৰ বিষয়ে আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰিব । সেই অনুসৰি শনিবাৰে কোকৰাঝাৰ, চিৰাং, শোণিতপুৰ, শিৱসাগৰ, নগাঁও, নলবাৰী, হাইলাকান্দি জিলাত এই শিবিৰ অনুষ্ঠিত কৰা হৈছে ।

১২ জুনত গোৱালপাৰা, বৰপেটা, কামৰূপ (গ্ৰাম্য), যোৰহাট, গোলাঘাট জিলাত, ১৩ জুনত দৰং, বিশ্বনাথ, হোজাই, মাজুলী জিলাত আৰু ১৪ জুনত দক্ষিণ শালমাৰা, ধুবুৰী, কামৰূপ (মেট্ৰ’), লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ, কৰিমগঞ্জ, শিলচৰ, বাস্কা, ওদালগুৰি, মৰিগাঁও আৰু বজালী জিলাত এই জিলাভিত্তিক নৱ সংকল্প শিৱিৰ অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক : কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ গমন ৰাজ্যৰ লাখ লাখ যুৱক-যুৱতী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.