গুৱাহাটী, ১১ নৱেম্বৰ : সদ্য পদত্যাগী কংগ্ৰেছ নেতা সুৰেশ বৰা আৰু কাৰ্যকৰী সভাপতি পৰিতোষ ৰয়ে আজি পুৱা মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ পিচতেই পুৱা ১১ বজাত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত দলৰ মুখ্য কাৰ্যালয়ত নেতাদ্বয়ে আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে ৷ ইয়াৰ পিচতেই ইয়াকে লৈ ৰাজ্য়জুৰি আৰম্ভ হৈছে প্ৰতিক্ৰিয়া ।
আজি যেন বিজেপিৰ বাবে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক সমালোচনা কৰাৰ দিন ৷ মন্ত্ৰী পীয়ুষ হাজৰিকা, জয়ন্তমল্ল বৰুৱাৰ পৰা আৰম্ভ কৰি ভৱেশ কলিতালৈ সকলোৱেই সমালোচনাত মুখৰ হৈছে ভূপেন বৰাৰ বিৰুদ্ধে । কংগ্ৰেছৰ নগাঁও জিলা সভাপতি সুৰেশ বৰাৰ বিজেপিত যোগদানৰ পিছতে কংগ্ৰেছ আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ সমালোচনাত ব্য়স্ত হৈ পৰে বিজেপি নেতাসকল ৷ বিজেপিৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটায়ো কঠোৰ সমালোচনা কৰিছে ভূপেন বৰা আৰু কংগ্ৰেছ দলক ।
সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে সৰৱ হৈ কয়,"কংগ্ৰেছ ভূপেন বৰাত আৰম্ভ হৈ ৰকিবুলতে শেষ হ'ব ৷ আনহাতে, TMC ৰিপুন বৰাত আৰম্ভ হৈ ৰিপুন বৰাতে থাকিব ৷" তেওঁ পুনৰ কয় যে কিছুমান ৰক্তবীজৰ দৰে কংগ্ৰেছত থাকি যাব ৷ দেশমাতৃক ভাল পোৱা মানুহ কংগ্ৰেছত নাথাকে বুলি সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই মন্তব্য় কৰে । তেওঁ ভূপেন বৰা-ৰিপুন বৰাৰ বাবেও বিজেপিৰ দুৱাৰ খোলা আছে বুলি মন্তব্য কৰে ।
অৱশ্য়ে ভূপেন বৰাৰ বাবে দলৰ হৈ কেতবোৰ চৰ্ত ৰাখি পৱিত্ৰ মাৰ্ঘেৰিটাই কয়,"ভূপেন বৰাই বহুত পাপ কৰিছে ৷ তেওঁ কৰিব লাগিব পাপ খণ্ডন, এৰিব লাগিব মিঞাপ্ৰীতি ৷ ভূপেন বৰাই অৰুণোদয় আঁচনিখনক বাৰম্বাৰ অপমান কৰিছে ৷ অপমান কৰিছে আঁচনিখনৰ হিতাধিকাৰী মহিলা সকলক ৷ আই মাতৃ সকলক অপমান কৰিছে ভূপেন বৰাই ৷ "
লগতে পঢ়ক:Jayanta Malla Baruah : ভূপেন বৰাক ২৫ কোটি, ৰকিবুল হুছেইনক ৩০ কোটি, গৌৰৱ গগৈক ৪০ কোটিৰ অফাৰ