ETV Bharat / state

ন্যায়ালয়ৰ কাষ চাপিব নৱ শৰণীয়া, ৰাজনৈতিক চক্ৰান্তৰ অভিযোগ

author img

By ETV Bharat Assamese Team

Published : Jan 18, 2024, 10:25 PM IST

Naba Kumar Saraniya : সাংসদ নৱ কুমাৰ শৰণীয়া কাষ চাপিব আদালতৰ ৷ তেওঁৰ জাতিগত প্ৰমাণপত্ৰ ভুৱা বুলি প্ৰকাশ কৰাৰ পিচতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে সাংসদগৰাকীয়ে ৷

Naba Saraniya controversy
ন্যায়ালয়ৰ কাষ চাপিব সাংসদ নৱ কুমাৰ শৰণীয়া

গুৱাহাটী, ১৮ জানুৱাৰী : অসম চৰকাৰৰ ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ দ্বাৰা গঠিত ৫ জনীয়া কমিটিয়ে কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ জনজাতিৰ প্ৰমাণপত্ৰ অগ্ৰাহ্য কৰিছে ৷ কমিটিখনে তেওঁ বড়ো/ বড়ো-কছাৰী জনগোষ্ঠীৰ অন্তৰ্গত নহয় বুলি ঘোষণা কৰাৰ পিচত ৰাজ্যৰ ৰাজনীতিত তোলপাৰ লাগিছে ৷ ইয়াৰ পিছতেই নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদ নৱ কুমাৰ শৰণীয়াই ৷

এই চৰকাৰী নিৰ্দেশনাক সম্পূৰ্ণ ৰাজনৈতিক নিৰ্দেশনা আখ্যা দিছে নৱ কুমাৰ শৰণীয়াই ৷ লগতে তেওঁৰ জনজাতিৰ প্ৰমাণপত্ৰক প্ৰত্যাহ্বান জনোৱা জনকলাল বসুমতাৰীক শিখণ্ডী আখ্যাৰে ইয়াৰ আঁৰত বিজেপি আছে বুলি আঙুলি টোঁৱালে কোকৰাঝাৰৰ দুবাৰৰ সাংসদ শৰণীয়াই ৷

বৃহস্পতিবাৰে সন্ধিয়া নৱ কুমাৰ শৰণীয়াই কয়, “ ইতিমধ্যে নৱ কুমাৰ শৰণীয়াৰ ST ষ্টেটাছক লৈ ৰাজ্যজুৰি হুলস্থুল লাগিছে ৷ পৰীক্ষণ কমিটিৰ এই স্পিকিং অৰ্ডাৰত লিখিছে- ‘‘ Shri. Naba Kumar Sarania, s/o late Lakhi Kanta Sarania alias late Lakhi Kunta Das alias late Lakhi Kanta Sarukoch of Vill Dighalipar, PO & PS Tamulpur, District-Banka does not belong to the Boro Kachari community. মই যিমানৰে লগত কথা পাতিছো আৰু মই পঢ়ি যি বুজি পাইছো, সকলোৱে কৈছে এইটো পলিটিকেল অৰ্ডাৰ ৷" লগতে শীঘ্ৰেই আইনৰ কাষ চাপি অসম চৰকাৰৰ এই সিদ্ধান্তক প্ৰত্যহ্বান জনাব নৱ কুমাৰ শৰণীয়াই ৷

সাংসদ শৰণীয়াই কয়, “এতিয়া প্ৰশ্নটো হৈছে যে কাইলৈ নৱ কুমাৰ শৰণীয়াই ইলেকচন খেলিব পাৰিবনে নোৱাৰে ? যিহেতু আমাৰ হাতত সময় আছে, যিহেতু ক’ৰ্টত যোৱাৰ সুবিধাটো আছে, সেয়ে নিশ্চিতভাৱে আমি ক’ৰ্টলৈ যাম ৷”

তেওঁ কয়, ‘‘ সকলোৱে দেখিছে নৱ কুমাৰ শৰণীয়াক ৰোধ কৰিব পৰা ক্ষমতা বিজেপিৰ নাই ৷ গতিকে তেওঁলোকে জানে যদি জনকলালক শিখণ্ডী বনাই কামটো এইদৰে কৰা হয়, তেন্তে নিশ্চিতভাৱে হয়তো নৱ শৰণীয়াক যুদ্ধৰ পৰা ৰখাব পৰা যাব ৷ আপোনালোকে দেখিছে এতিয়া আধুনিক কালৰ যুদ্ধত আগৰ দৰে সৈন্য-সামন্ত মাৰি ৰজাক বধ নকৰে, কমাণ্ডৰক বধ নকৰে । গতিকে তেঁওলোকে এইদৰে নৱ শৰণীয়াক কিলিং কৰি বিটিচিৰ ৰাইজৰ আশা আকাংক্ষাক ধূলিস্যাৎ কৰিব খুজিছে । কিন্তু ন্যায়ৰ জয় হ’বই ।”

লগতে পঢ়ক: নিজৰ জাতিগত প্ৰমাণপত্ৰৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া নৱ কুমাৰ শৰণীয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.