গুৱাহাটী,১২ এপ্ৰিল: ‘‘ভুৱা প্ৰতিশ্ৰুতিৰ মহা-সম্রাট মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা এণ্ড কোম্পানী । টেঁটুলৈকে ধাৰ, ফাঁকি আৰু অসংখ্য ভেলেকীবাজীৰে দুবছৰে ৰাইজক ঠগিলে ।’’ এই মন্তব্য ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ । গুৱাহাটী প্ৰেছক্লাৱত বুধবাৰে সংবাদমেল সম্বোধন কৰি কয় যে ৰাইজে এতিয়া বুজিবলৈ বাকী নাই যে ভুৱা প্ৰতিশ্ৰুতিৰ মহা-সম্ৰাট ৰূপে ইতিমধ্যে প্রতিষ্ঠিত হৈছে আমাৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা (MP Ajit Bhuyan criticizes Assam CM) ।
ভেল্কীবাজিৰে যোৱা প্ৰায় দুটা বছৰ ৰাইজক প্ৰতাৰণা আৰু প্ৰৱঞ্চনা কৰি এইজনা মুখ্যমন্ত্ৰীয়ে নিজেই প্ৰমাণ কৰি দিছে যে তেওঁ প্ৰতিশ্ৰুতিৰ এক মহাসাগৰ । ২০২১ চনৰ ১০ মে' ত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ দিন ধৰি আজিলৈকে বিগত প্ৰায় দুটা বছৰে কিমান ভুৱা প্ৰতিশ্ৰুতি ৰাইজক দিলে তাৰ হিচাপ এখন সাংবাদিক মেলত সম্পূৰ্ণ কৰাটোৱেই একপ্ৰকাৰ অসম্ভৱ বুলি উল্লেখ কৰে ভূঞাই (MP Ajit Kumar Bhuyan slams Himanta Biswa Sarmah) ।
‘‘যোৱা দুটা বছৰৰ এই পর্যন্ত অভিলেখ সৃষ্টি কৰি প্ৰায় ১ লাখ ৩২ হেজাৰ কোটি টকাৰ ধাৰত পোত গৈ ৰাজ্য চলাইছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই । তথাপি সামন্যতমো লজ্জাবোধ নাই, ফিতাহি মৰা কথা ক'বলৈ এৰা নাই, ভুৱা প্ৰতিশ্ৰুতিৰ শেষ নাই । কোনো কালে কোনো চৰকাৰে নোলোৱা ইমান বৃহৎ পৰিমাণৰ ধন ঋণত লৈ ক'ত কেনেকৈ খৰছ কৰিলে তাৰ হিচাপ ৰাইজে জনাৰ অধিকাৰ নাই নেকি’’ বুলি প্ৰশ্ন কৰে সাংসদগৰাকীয়ে ।
তেওঁ লগতে কয় যে, ৰাজ্যৰ জনগণৰ সামগ্রিক উন্নয়নৰ কথা তল পেলাই কেবল ব্যক্তিগত হিতাধিকাৰীকেন্দ্ৰিক আঁচনিৰে এখন ৰাজ্যৰ অৰ্থনৈতিক বিকাশ বা উত্তৰণ কেতিয়াও সম্ভৱেই নহয় । কিন্তু দুৰ্ভাগ্যৰ কথা যে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ধাৰত পোত গৈ কেবল বিজেপিৰ ৰাজনৈতিক স্বাৰ্থত ব্যক্তিগত হিতাধিকাৰী সৃষ্টিৰে আঁচনিৰ পিচত আঁচনি ঘোষণা কৰি অভিলেখ ৰচনা কৰি গৈ আছে ।
নতুনকৈ আৰু ৫২ লাখ হিতাধিকাৰী সৃষ্টি কৰিব বুলি তেওঁ শেহতীয়াকৈ ঘোষণা কৰিছে । পূৰ্বৰ ২৭ লাখ হিতাধিকাৰীক ধৰিলে ব্যক্তিগত হিতাধিকাৰীৰ মুঠ সংখ্যা হ'বগৈ ৭৯ লাখ । তেওঁ সস্তীয়া বাহ বাহৰ লালসাত য'তে যি মন যায় ঘোষণা কৰি গৈ আছে যদিও তাৰ কিমান শতাংশ কার্যত ৰূপায়িত হ'ল বা হৈছে তাৰ কিন্তু কোনো পর্যালোচনা আজিলৈকে হোৱা নাই বুলি অভিযোগ উত্থাপন কৰে ভূঞাই ।
লগতে ভূঞাই কয় যে, মুখাৰ ওপৰত মুখা পিন্ধি সস্তীয়া চমক দিয়া এজনেই মুখ্যমন্ত্রী দেখিলোঁ, তেৱেঁই হ'ল ড° হিমন্ত বিশ্ব শৰ্মা । 'কেগ'ৰ (Comptroller and Auditor General of India) শেহতীয়া প্রতিবেদনে এই কথা প্ৰমাণ কৰিলে যে, চৰকাৰখনে ইমানদিনে দি অহা যিবোৰ প্ৰতিশ্ৰুতি সেই প্রতিশ্রুতিসমূহ আছিল ভুৱা । ‘কেগ' ৰ প্ৰতিবেদনে এই কথাও স্পষ্ট কৰিলে যে চৰকাৰখনে খৰচৰ আৰু উপাৰ্জনৰ যি হিচাপ ২০২২-২৩ বৰ্ষৰ বাজেটত দাখিল কৰিছিল সেয়া মুঠেও বাস্তৱসন্মত নাছিল । অর্থাৎ চৰকাৰখনে,বিত্তমন্ত্ৰীগৰাকীয়ে জানি-বুজি সাধাৰণ মানুহৰ মন ভুলাবলৈ কিছুমান মিছা ঘোষণা কৰি গৈ আছিল বুলি অভিযোগ উত্থাপন কৰে ।
ইয়াৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক “কেগে” সতর্কবাণী শুনাইছে বুলিও জানিবলৈ দিয়ে ৰাজ্যসভাৰ সাংসদগৰাকীয়ে । জানি-বুজি সদনৰ মজিয়াত মিছা কথা কোৱাটো ‘কেগ’ৰ প্ৰতিবেদনত প্ৰমাণ হোৱাৰ পিচতো কিয় আজিলৈকে বিৰোধী পক্ষই চৰকাৰৰ বিৰুদ্ধে অথবা বিত্তমন্ত্ৰীগৰাকী বিৰুদ্ধে কিয় বিশেষাধিকাৰ ভংগৰ প্ৰস্তাৱ উত্থাপন কৰা নাই সেই ক্ষেত্ৰত ভূঞা আচৰিত হোৱা বুলি মন্তব্য কৰে ।
তেওঁ লগতে কয়, ‘‘চিৰ উজ্জ্বল অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ ১৫ মিনিটীয়া অনুষ্ঠান পাতি ১০০ কোটি টকা উটুৱাই দিব পৰা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ৰিজাৰ্ভ বেংকৰ পৰা ১ লাখ ৩২ কোটি টকা ধাৰ লৈ ৰাজ্য চলাবলগীয়া অৱস্থা হোৱা বুলি কোনোবাই ভাবিব পাৰিবনে ?’’ ১০০ কোটি টকা ব্যয় কৰি ৰাজ্যলৈ মাতি প্রধানমন্ত্রীক ১৫ মিনিটৰ বিহু দেখুওৱাৰ আঁৰত ব্যক্তিগত অভিসন্ধি লুকাই থাকিব পাৰে বুলিও মন্তব্য কৰে ৰাজ্যসভাৰ সাংসদ অজিত ভূঞাই ।